ক্ষমতা– উচ্ছতম, উৎকৃষ্ট, চূড়ান্ত নৈতিকতা?
ক্ষমতাতকৈ আন একো অধিক নৈতিক নহয়৷ প্ৰকৃততে ক্ষমতা নৈতিকতাৰ ঊধবৰ্ত আৰু কি নৈতিক আৰু কি অনৈতিক তাৰ সংজ্ঞাও ক্ষমতাই নিৰ্ধাৰণ কৰে৷ ক্ষমতাৰ প্ৰকাশ ঘটে পৰিঘটনাৰে৷ এক মিনিট উশাহ বন্ধ কৰি থ’লে আমি গম পাওঁ আমি বুৰ গৈ থকা বায়ুৰ সাগৰখনৰ ক্ষমতা, যিখনৰ তলিত আমি বাস কৰোঁ৷ ভূমিকম্প, বান, খহনীয়া, ধুমুহা, আগ্নেয়গিৰি, বজ্ৰপাতৰ দৰে ঘটনাৰে প্ৰকাশ পায় প্ৰকৃতিৰ ধবংসাত্মক ক্ষমতা আৰু উদ্ভিদ আৰু প্ৰাণীৰ জীৱনেৰে প্ৰকাশ পায় প্ৰকৃতিৰ সৃষ্টিশীল ক্ষমতা৷ আমি জীৱনক নৈতিক আৰু মৃত্যুক অনৈতিক বুলি, পচোৱাক নৈতিক আৰু ধুমুহাক অনৈতিক বুলি অভিহিত নকৰোঁ৷ প্ৰকৃতি নৈতিকতাৰ ঊধবৰ্ত৷ প্ৰকৃতিৰ নিয়মবোৰো নৈতিকতাৰ ঊধবৰ্ত৷ প্ৰকৃতিয়ে মাত্ৰ তাৰ ক্ষমতা জাহিৰ কৰে৷ প্ৰকৃতিৰ নিয়মবোৰো অলংঘনীয়৷ পুৱা বিছনাৰপৰা উঠি কোনেও সিদ্ধান্ত ল’ব নোৱাৰে যে তেওঁ আজি প্ৰকৃতিৰ নিয়ম উলংঘা কৰিব, তেওঁ উৰিব, পানীৰ ওপৰেৰে খোজ কাঢ়িব, পানীৰে জুই জ্বলাব, পেট্ৰ’লেৰে জুই নুমুৱাব, দিনটো উশাহ নোলোৱাকৈ থাকিব, দুপৰীয়াতেই বেলি মাৰ নিয়াব৷ যিবোৰ অলংঘনীয়, যিবোৰ আমি ঢুকি পোৱাৰ বাহিৰত, সেইবোৰক আমি নৈতিকতাৰ ঊধবৰ্ত বুলি নৈতিক-অনৈতিকৰ সংজ্ঞাৰ পৰিধিৰ বাহিৰত বুলি জানো৷ যিবোৰ ক্ষমতা আমাৰ ঢুকি পোৱাৰ বাহিৰত, সেইবোৰ নৈতিকতাৰ পৰিধিৰো বাহিৰত৷
ইজিপ্ত ফাৰাওৰ ক্ষমতা সাধাৰণ মানুহে ঢুকি পোৱাৰ বাহিৰত আছিল৷ ফাৰাও আছিল ঈশ্বৰ৷ ফাৰাওৰ কাম-কাজ আছিল নৈতিক বিচাৰৰ ঊধবৰ্ত৷ এজেটেক, ইনকা, মেছপটেমিয়াকে ধৰি সকলো সাম্ৰাজ্যৰ শাসকৰ ক্ষমতা আছিল নৈতিকতাৰ ঊধবৰ্ত৷ চেংগিজ খানে গঢ়ি তোলা প্ৰকাণ্ড সাম্ৰাজ্যখন নৈতিকতাৰ ভিত্তিত গঢ়ি উঠা নাছিল, ক্ষমতাৰেহে গঢ়ি উঠিছিল৷ শাসকে নিৰ্ধাৰণ কৰিছিল শাসিতৰ বাবে কোনবোৰ নৈতিক আৰু কোনবোৰ অনৈতিক, শাসক নিজে আছিল নৈতিকতাৰ ঊধবৰ্ত, বৰং তেওঁ আছিল নৈতিকতাৰ নিৰ্ধাৰক৷
নৈতিকতাৰ আন এক উৎস হ’ল ধৰ্ম আৰু এই ধৰ্ম নিজে কিন্তু নৈতিকতাৰ ঊধবৰ্ত৷ এজন পৰম শক্তিশালী ভগৱানৰ অস্তিত্বৰ ওপৰত নিৰ্ভৰশীল এই ধৰ্ম নামৰ অনুষ্ঠানটো অত্যন্ত শক্তিশালী আৰু ক্ষমতাৱান৷ ৰাজনৈতিক ক্ষমতা কাৰ হাতত থাকিব সেইটো ধৰ্মই বহুপৰিমাণে নিৰ্ধাৰণ কৰে৷ ধৰ্মই আটাইতকৈ বেছিকৈ নৈতিকতাৰ কথা কয়৷ প্ৰতিটো ধৰ্ম চূড়ান্ত অসহনশীল৷ অসহনশীলতা নৈতিকনে? কোনো ধৰ্মই ধৰ্মদ্ৰোহীক সামান্যতমো দয়াৰ চকুৰে নাচায়৷ ধৰ্মদ্ৰোহীক মৃত্যুদণ্ড দিবলৈ, হত্যা কৰিবলৈ সকলো ধৰ্মৰ কট্টৰপন্থীসকল সাজু হৈ থাকে৷ ধৰ্মৰ নামতেই সংঘটিত হৈছে আটাইতকৈ অধিক হত্যা৷ ধৰ্মই নিৰ্ধাৰণ কৰে কি নৈতিক আৰু কি অনৈতিক, ধৰ্ম নিজে কিন্তু নৈতিকতাৰ ঊধবৰ্ত৷
প্ৰকৃতি নৈতিকতাৰ ঊধবৰ্ত, শাসক নৈতিকতাৰ ঊধবৰ্ত, ধৰ্মাধিকাৰীসকল নৈতিকতাৰ ঊধবৰ্ত৷ ইয়াৰ অৰ্থ এইটো নহয়নে যে ক্ষমতা নৈতিকতাৰ ঊধবৰ্ত? গতিকে ক্ষমতাশালীজেন নৈতিকতাৰ ঊধবৰ্ত অৱস্থান কৰিব পাৰে৷
প্ৰকৃতি, ধৰ্ম-ভগৱান, ৰাজনৈতিক ক্ষমতা এই তিনিওটাৰ একমাত্ৰ প্ৰকৃতিহে এক বস্তুনিষ্ঠ শক্তি৷ বাকী দুটাৰ কোনো বস্তুনিষ্ঠ অস্তিত্ব নাই৷ সেই দুটাৰ অস্তিত্ব মানুহৰ সামূহিক কল্পিত বাস্তৱত৷ ধৰ্ম আৰু ৰাজনৈতিক ক্ষমতাৰ সমিলমিলতেই সৃষ্টি হৈছে ভাৰতৰ বৰ্ণবাদী জাতি প্ৰথাৰ দৰে ব্যৱস্থাবোৰ, যিবোৰৰ মানুহৰ সামূহিক কল্পিত বাস্তৱৰ বাহিৰত কোনো অস্তিত্ব নাই৷ এজন ব্ৰাহ্মণ কিয় উচ্ছ বৰ্ণৰ, বা তেওঁ কিয় ব্ৰাহ্মণ, সমাজত তেওঁৰ স্থান কিয় উচ্ছ? এজন দলিত কিয় নিম্ন বৰ্ণৰ বা তেওঁ কিয় দলিত সমাজত, তেওঁৰ স্থান কিয় নিম্ন? ইয়াৰ একমাত্ৰ কাৰণ হ’ল বহু মানুহৰ সামূহিক কল্পিত বাস্তৱত স্থিতি লোৱা এই ‘কাহিনীটো’ যে তেওঁ এজন ব্ৰাহ্মণ আৰু তেওঁ উচ্ছ বৰ্ণৰ আৰু তেওঁৰ স্থান উচ্ছ৷ ব্ৰাহ্মণৰ উৎকৃষ্টতাৰ কোনো বস্তুনিষ্ঠ ভিত্তি নাই৷ ই প্ৰকৃতিৰ নিয়ম নহয়৷ য়ুগাণ্ডা বা অষ্টে˜লিয়াৰ মানুহৰ সামূহিক কল্পিত বাস্তৱত ব্ৰাহ্মণৰ উচ্ছ ‘কাহিনী’টোৰ অস্তিত্ব নাই৷ গতিকে যিবোৰ দেশৰ জনগণৰ সামূহিক কল্পিত বাস্তৱত ব্ৰাহ্মণৰ উৎকৃষ্টতাৰ কাহিনীটোৰ অস্তিত্ব নাই, তাত ব্ৰাহ্মণৰ উচ্ছ স্থানো নাই৷
নৈতিকতা এটা আপেক্ষিক পৰিঘটনা৷ সময় আৰু স্থানভেদে ইয়াৰ ৰূপ ভিন্ন৷ কিন্তু এতিয়াও ক্ষমতা নৈতিকতাৰ ঊধবৰ্ত৷ সকলো স্থানতে, সকলো সময়তে ক্ষমতাই নিৰ্ধাৰণ কৰিছে নৈতিকতাৰ সংজ্ঞা৷ আধুনিক গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন হোৱা দেশৰ শিক্ষিত নাগৰিকে আশা কৰে যে ক্ষমতা দখল কিছুমান নৈতিক নিয়ম-শৃংখলাৰ মাজেৰে হওক৷ অৰ্থাৎ নৈতিকতাই ক্ষমতাক নিয়ন্ত্ৰণ কৰক৷ তেনে হোৱাৰ সম্ভাৱনা কিমান? প্ৰকৃতিৰ সংহাৰ সদায়েই নৈতিকতাৰ ঊধবৰ্ত, কাৰণ প্ৰকৃতিৰ উলংগ ক্ষমতাৰ আগত মানুহ অসহায়৷ ধৰ্ম-ভগৱান সমগ্ৰ ইতিহাসজুৰি ইয়াৰ সমস্ত অসহনশীলতা, দমন, উৎপীড়ন, ধৰ্মযুদ্ধ নামৰ হত্যালীলাৰ পাছতো এতিয়াও আধুনিক বিশ্বৰ নৈতিকতাৰ প্ৰধান হোতা, কাৰণ ধৰ্ম-ভগৱানৰ ক্ষমতাৰ আগত মানুহ অসহায়৷ আৰু ৰাজনৈতিক ক্ষমতা সি যি ৰূপতেই নহওক কিয়, ক্ষমতা দখলৰ পাছত ক্ষমতাৱানজন নৈতিকতাৰ ঊধবৰ্ত তথা নৈতিকতাৰ সংজ্ঞা নিৰ্ধাৰক, কাৰণ ক্ষমতাৰ আগত মানুহ অসহায়৷ নৈতিকতা- সাধাৰণ, শক্তিহীন, ক্ষমতাহীন মানুহৰ নিস্ফল ভাৰসা৷






