Logo
image

অসমক ২৫ কোটি বান সাহায্য দিলে আম্বানিয়ে

আমাৰ অসম, ২৫ জুনঃ ভয়াৱহ বানৰ কৱলত পৰা অসমবাসীৰ কাষত এইবাৰ থিয় দিছে মুকেশ আম্বানী আৰু তেওঁৰ পুত্ৰ অনন্ত আম্বানী৷ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুৰব্বী আম্বানীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে ২৫ কোটি টকা৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে টুইটযোগে মুকেশ আম্বানী আৰু তেওঁৰ পুত্ৰ অনন্ত আম্বানীক এই মহানুভৱতাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰে৷ এই দুৰ্যোগৰ সময়ত মুকেশ আম্বানী আৰু অনন্ত আম্বানীয়ে অসমবাসীৰ কাষত থিয় দিছে আৰু মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ২৫ কোটি টকাৰ দান দিছে৷ এই বদান্যতা প্ৰশংসাযোগ্য৷ বানাক্ৰান্তক সাহাৰ্য দিয়াৰ ক্ষেত্ৰত  ইয়ে আমাক যথেষ্ট সহায়ক হ’ব– এইদৰে টুইট কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ উল্লেখ্য যে এইবাৰৰ বানত ৰাজ্যৰ  ৩৩ খন জিলা বেয়াকৈ প্ৰভাৱিত হৈছে৷ বান প্ৰায় ৫০ লাখ লোক ক্ষতিগ্ৰস্থ হোৱাৰ বিপৰীতে প্ৰায় শতাধিক লোকৰ মৃত্যু হৈছে৷ ইতিমধ্যে দেশৰ বহু আগশাৰীৰ উদ্যোগপতি, তাৰকা আদিয়ে বানৰ সৈতে যুঁজ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ দান আগবঢ়াইছে৷ ধৰ্মগুৰু দালাই লামাও এই প্ৰকৃতিক দুৰ্যোগৰ বাবে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে ১০ লাখ টকা আগবঢ়াইছে ৰাজ্য চৰকাৰলৈ৷