Logo
image

জনসাধাৰণৰ বাবে নিষিদ্ধ ৰেডিছনত একনাথৰ ইউ-টাৰ্ন

গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত মহাৰাষ্ট্ৰ ৰাজনীতিৰ নাটক অব্যাহত

ক্ৰমশঃ শক্তি বাঢ়িছে সিন্দে শিবিৰৰ

আমাৰ অসম, ২৫ জুনঃ এদিন পূৰ্বে পাকিস্তানকো দমাই ৰখা এটা শক্তিশালী ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সমৰ্থন থকা বুলি দাবী কৰা মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়ক একনাথ সিন্দেই শুকুৰবাৰে ৩৬০ ডিগ্ৰী পাক মাৰি কৈছে যে, তেওঁৰ বিসম্বাদী গোটটোৰ প্ৰতি কোনো ৰাষ্ট্ৰীয় শক্তিশালী ৰাজনৈতিক দলৰ সমৰ্থন নাই৷ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত যোৱা তিনিদিন ধৰি শিবিৰ পাতি মহাৰাষ্ট˜ৰ চৰকাৰ সলনি কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰি থকা একনাথে সিন্দেৰ এই ইউটাৰ্নত অনেকেই আশ্চৰ্য প্ৰকাশ কৰিছে৷ ধাৰণা কৰা হৈছে শিৱসেনাৰ বিসম্বাদী বিধায়কৰ হোতা একনাথ সিন্দেৰ অত্যুৎসাহ দেখি তেওঁক মেঘনাদৰ দৰে ডাৱৰৰ আঁৰৰ পৰা সমৰ্থন যোগাই থকা বিজেপিয়ে ধমক দিয়াৰ ফলতে আগদিনাৰ মন্তব্য সলনি কৰিবলৈ বাধ্য হৈছে৷ যদিও বিজেপিয়ে শিৱসেনাৰ এই বিসম্বাদী বিধায়কৰ লগ হৈ মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ তৎপৰতা চলাই আছে, তথাপি তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়াই সেই বদনাম গাত সানি ল’বলৈ বিচৰা নাই৷ অৱশ্যে ইয়াৰ পূৰ্বে কৰ্ণাটক আৰু মধ্যপ্ৰদেশত এনে বিসম্বাদত প্ৰত্যক্ষভাৱে জড়িত হৈ বিজেপিয়ে নিৰ্বাচিত চৰকাৰ ওফৰাই নিজে চৰকাৰ গঠন কৰিছিল৷ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলৰ পৰা শিৱসেনাৰ বিসম্বাদী বিধায়কৰ নেতা একনাথ সিন্দেই বৃহস্পতিবাৰে তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ শক্তিশালী দলে সহায় কৰি আছে বুলি কৰা মন্তব্যত মহাৰাষ্ট্ৰৰ বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰকান্ত  পাটিলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ শুকুৰবাৰে পুৱাই চন্দ্ৰকান্ত পাটিলে কৈছিল– ‘একনাথ সিন্দেই গুৱাহাটীৰ হোটেলৰ পৰা কোন শক্তিৰ কথা কৈছে সেয়া মই নাজানো৷ কিন্তু তেওঁলোকৰ বিসম্বাদৰ মাজত বিজেপি নাই৷ বিজেপিয়ে শিৱসেনাৰ বিসম্বাদী বিধায়কক শক্তি যোগান ধৰা নাই৷’ চন্দ্ৰকান্ত পাটিলৰ এই ৰাজহুৱা মন্তব্যৰ পাছতে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত কালিৰ মন্তব্যৰ পৰা সম্পূৰ্ণ এক পাক ঘূৰি শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দেই শুকুৰবাৰে এটা ৰাষ্ট্ৰীয় টিভিৰ আগত কয়– ‘আমাৰ শক্তি হৈছে বালাচাহেব থাকৰে আৰু আনন্দ দীঘে৷ কোনো ৰাষ্ট্ৰীয় দলে আমাক সমৰ্থন আগবঢ়াই থকা নাই৷ মই কালি যি শক্তিৰ কথা কৈছিলো সেই শক্তি হৈছে শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব থাকৰে আৰু আনন্দ দীঘে৷ অনেকেই মোৰ বক্তব্যৰ পাছত আমাৰ গোটটোলৈ বিজেপিৰ সমৰ্থন থকা বুলি মন্তব্য কৰিছে৷ পিছে সেই ধাৰণা ভুল৷’  

সিন্দেৰ দাবী- তেওঁলোকহে প্ৰকৃত শিৱসেনা

গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত বাহৰ পাতি থকা শিৱসেনাৰ বিসম্বাদী বিধায়কৰ মুৰব্বী একনাথ সিন্দেই ইতিমধ্যে চৰকাৰ ভঙা বা গঢ়াৰ বাবে প্ৰয়োজন হোৱা শক্তি অৰ্থাৎ বিধায়কৰ সংখ্যা নিজৰ কব্জালৈ আনিবলৈ সমৰ্থ হৈছে৷ শুকুৰবাৰেও আন এজন বিধায়ক দিলীপ লেণ্ডেই গুৱাহাটীলৈ আহি বিসম্বাদীৰ লগ লগাত এতিয়া একনাথ সিন্দেৰ শিবিৰত প্ৰায় ৪০ জন শিৱসেনাৰ আৰু ৯ জন নিৰ্দলীয় বিধায়ক গোট খাইছে৷ শুকুৰবাৰে নিজৰ সৈতে থকা সকলো বিধায়কৰ নাম স্বাক্ষৰসহ প্ৰেৰণ কৰি একনাথ সিন্দেই তেওঁৰ গোটটোক প্ৰকৃত শিৱসেনা বুলি স্বীকৃতি দিবলৈ মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষ নৰহৰি সীতাৰাম জিৰৱালেলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ অনুৰূপ পত্ৰ তেওঁলোকে প্ৰেৰণ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰীলৈ৷ তথাপি কিয় আগবঢ়া নাই মহাৰাষ্ট্ৰৰ চৰকাৰ ভংগ বা নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া? গুৱাহাটী ৰেডিছন ব্লু হোটেলতে কিয় স্থবিৰ হৈ আছে মহাৰাষ্ট্ৰৰ চৰকাৰ উৎখাতৰ পৰিকল্পনা? সেই প্ৰশ্নই অনেককে বিব্ৰত কৰিছে৷ 

স্থবিৰতাৰ কাৰণ কি?

একনাথ সিন্দেৰ হাতত প্ৰয়োজনীয় বিধায়কৰ সংখ্যা থাকিলেও মহাৰাষ্ট্ৰ বিধানসভাত এতিয়াও তেওঁ শিৱসেনা বিধায়িনী দলৰ মুৰব্বী নহয়৷ ইতিমধ্যে শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ অনুৰোধত বিধানসভাৰ উপাধ্যক্ষ নৰহৰি সীতাৰাম জিৰৱালেই শিৱসেনাৰ বিধায়ক অজয় চৌধুৰীক ৰাজ্য বিধানসভাত শিৱসেনাৰ বিধায়িনী দলৰ নেতা হিচাপে স্বীকৃতি দিছে৷ সেয়ে গুৱাহাটীৰ হোটেলৰ পৰা একনাথ সিন্দেই কৰা দাবী মহাৰাষ্ট্ৰ বিধানসভাত গৃহীত হোৱা নাই৷ সমান্তৰালভাৱে উদ্ধৱ থাকৰে গোটে একনাথ সিন্দেসহ মুঠতে ১৬জন শিৱসেনাৰ বিধায়কক দলবিৰোধী কাৰ্যকলাপৰ বাবে বিধায়ক পদৰ পৰা অৰ্হতাহীন কৰিবলৈ জনোৱা দাবী গ্ৰহণ কৰি উপাধ্যক্ষ জিৰৱালেই শুকুৰবাৰে প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ সেই অনুসৰি বিধানসভাৰ উপাধ্যক্ষই  সেই ১৬জন বিধায়কলৈ জাননী প্ৰেৰণ কৰিবলৈ সাজু হৈছে৷ যদিহে তেওঁলোকক বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰা হয় আৰু সেই ঘোষণাই বৈধতা  পায় তেন্তে একনাথ সিন্দে আৰু তেওঁৰ সতীৰ্থ মুঠতে ১৬জন বিধায়ক অৰ্হতাহীন হৈ পৰিব৷ এই পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে একনাথ সিন্দেৰ বিসম্বাদী গোটে উচ্ছতম ন্যায়ালয়ত আবেদন জনাবলৈ প্ৰস্তুতি চলাইছে৷ মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষৰ পৰা জাননী আহিলেই তেওঁলোক উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিব৷ তদুপৰি বিসম্বাদী গোটটোৱে শিৱসেনাৰ দলীয় নাম আৰু প্ৰতীক তেওঁলোকক দিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনাবলৈও  প্ৰস্তুতি চলাইছে৷ মূলতঃ ৰাজ্য বিধানসভাত স্বীকৃতি লাভ নকৰাৰ বাবেই আৰু  নিকট ভৱিষ্যতত স্বীকৃতি লাভ নকৰাৰ আশংকা থকাৰ বাবেই একনাথ সিন্দেৰ বিসম্বাদী গোটটো মহাৰাষ্ট্ৰলৈ ৰাওনা হোৱাৰ পৰা বিৰত আছে৷ প্ৰয়োজন হ’লে তেওঁলোক আইনী যুঁজত অৱতীৰ্ণ হ’ব আৰু আদালতৰ পৰা স্বীকৃতি আদায় কৰিব পাৰিলেহে মহাৰাষ্ট্ৰলৈ ৰাওনা হ’ব৷ হাতত সংখ্যা থাকিও সেয়ে থমকি ৰ’বলগীয়া হৈছে বিসম্বাদী গোট৷ যদিহে ১৬জন বিসম্বাদী বিধায়কলৈ অৰ্হতাহীন কৰাৰ জাননী আহে আৰু তেওঁলোকে সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই আদালতৰ দ্বাৰস্থ হয় তেন্তে মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ এই যুঁজ ধাৰণা কৰাতকৈ অধিক দীঘলীয়া হ’ব৷ ইপিনে একনাথ সিন্দেৰ বিসম্বাদী গোটক পৰোক্ষভাৱে সহায় কৰি মহাৰাষ্ট্ৰ দুজন বিজেপি সমৰ্থিত নিৰ্দলীয় বিধায়কে শুকুৰবাৰে ৰাজ্য বিধানসভাৰ উপাধ্যক্ষ নৰহৰি জিৰৱালে বিধায়ক অজয় চৌধুৰীক শিৱসেনাৰ বিধায়িনী দলৰ নেতা হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত অবৈধ বুলি দাবী কৰিছে৷  তেওঁলোকৰ মতে বিধানসভাৰ উপাধ্যক্ষই এনেদৰে বিধায়িনী দলৰ নেতা সলনি কৰিব নোৱাৰে৷ কিন্তু সংবিধানৰ ১৮০ অনুচ্ছেদ অনুসৰি অধ্যক্ষৰ অৱৰ্তমানত উপাধ্যক্ষই এনে সিদ্ধান্ত গ্ৰহণ কৰাটো বৈধ৷ এনে আইনী জটিলতাৰ ফলত কেইবাখোজো আগবাঢ়িও, লগত ৫০ জন বিধায়কৰ সমৰ্থন লৈও প্ৰকৃত কামত আগবাঢ়িব পৰা নাই বিসম্বাদী নেতা একনাথ সিন্দে৷ শুকুৰবাৰে তেওঁ হঠাতে ৰেডিছন ব্লু হোটেলৰ পৰা নোহোৱা হয়৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে একনাথ সিন্দে মুম্বাইলৈ ৰাওনা হোৱা বুলি বাতৰি প্ৰচাৰো কৰে৷ পিছে জানিব পৰা মতে একনাথ সিন্দে গৈছিল অম্বুবাচী হৈ থকা কামাখ্যা মন্দিৰলৈ৷ তেওঁ বাহিৰৰ পৰাই এটা সেৱা কৰি নিজৰ অভিযান সফল কৰাৰ বাবে কামাখ্যা দেৱীৰ পৰা আশীৰ্বাদ বিচাৰে৷ 

উদ্ধৱ-পাৱাৰৰ বৈঠক

শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে মহাৰাষ্ট্ৰৰ ষ্টংমেন শাৰদ পাৱাৰৰ এখন অতি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ উদ্ধৱ থাকৰেৰ বাসগৃহ ‘মাতোশ্ৰী’ত শাৰদ পাৱাৰ, দলৰ আগশাৰীৰ নেতা জয়ন্ত পাটিল, উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ মুখামুখি বৈঠকত মিলিত হৈ ৰণকৌশল থিৰাং কৰে৷ শাৰদ পাৱাৰে বিধানসভাৰ মজিয়াত পৰাজয় স্বীকাৰ কৰাৰ পূৰ্বে হোটেলৰ পৰা বিসম্বাদী বিধায়কে দিয়া ভাবুকিত নতি স্বীকাৰ নকৰে বুলি স্পষ্ট কৰি দিছে৷ তেওঁৰ মতে শেষ যুঁজ হ’ব বিধানসভাৰ মজিয়াত, য’ত তেওঁলোক আস্থা ভোটৰ সন্মুখীন হ’বলৈ সাজু হৈ আছে৷ 

হাজাৰ হাজাৰ কোটি টকা মুকলি

ৰাজ্যত চৰকাৰ আৰু ক্ষমতা পৰিৱৰ্তনৰ চৰম সংকট চলি থকাৰ মাজতে এতিয়াও শাসনত থকা এনচিপিৰ মন্ত্ৰী আৰু কংগ্ৰেছৰ মন্ত্ৰীয়ে হাজাৰ হাজাৰ কোটি টকাৰ চৰকাৰী কামৰ ধন বিগত চাৰিদিনত মুকলি কৰি দিছে৷ মহাৰাষ্ট্ৰৰ চৰকাৰী ৱেবছাইটত সেই তথ্য মুকলিভাৱে দেখা গৈছে৷ যোৱা ২০ জুনৰ পৰা ২৩ জুনলৈ চাৰিদিনত এনে মন্ত্ৰীৰ অধীনৰ চৰকাৰী বিভাগে মুঠতে ১৮২ খন  জি আৰ [গভৰ্ণমেণ্ট ৰিজলিউশ্বন] মুকলি কৰি দিছে৷ তাৰ পূৰ্বে ১৭ জুনত মুকলি কৰিছিল তেনে ১০৭ খন জি আৰ৷ সেই সকলোবোৰ জি আৰ মিলি কেইবাহাজাৰ কোটি টকাৰ চৰকাৰী কামৰ ধন এই কেইদিনতে মুকলি কৰা হৈছে৷ বিৰোধী দল বিজেপিয়ে এন চি পি আৰু কংগ্ৰেছৰ মন্ত্ৰীৰ এই কাৰ্যক অনিয়ম আখ্যা দিছে আৰু পৰিস্থিতিৰ সুযোগ লৈ চৰকাৰী ধন লুণ্ঠন কৰা বুলি মন্তব্য কৰিছে৷