Logo
image

২,০০০ কোটিৰ লুণ্ঠন হাগ্ৰামাৰ পত্নীৰ সৈতে ৫০ বেংক একাউণ্ট

আমাৰ অসম, ৫ ডিচেম্বৰঃ বি পি এফৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ আয় বহিৰ্ভূত সম্পত্তিৰ উচ্ছ পৰ্যায়ৰ তদন্ত বিচাৰিলে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলে৷ শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি ইউ পি পি এলৰ সম্পাদক কামাল আজাদে হাগ্ৰামাৰ আয়বৰ্হিভূত সম্পত্তিৰ তদন্ত বিচাৰি কয়–‘বিটিচি নিৰ্বাচনৰ বাবে হাগ্ৰামা মহিলাৰীয়ে দাখিল কৰা মনোনয়ন পত্ৰতে মুঠ ৮৩৬৯.৮৭ লাখ টকাৰ সম্পত্তি দেখুওৱা হৈছে৷ হাগ্ৰামাই দাখিল কৰা সম্পত্তিৰ তালিকাত তেওঁ আৰু পত্নীৰ নামত মুঠ ৫০টা বেংক একাউণ্ট, ৫৬খন বাহন, কোক্‌ৰাঝাৰৰ ৫৩টা স্থানত ভূমি, বহু কোটিৰ ব্যৱসায়, ২৮টা বেংক লোন থকা দেখুৱাইছে৷ নিৰ্বাচন আয়োগ তথা বিভাগীয় কতৃৰ্পক্ষই হাগ্ৰামাৰ এই সকলো আয় বৰ্হিভূত সম্পত্তিৰ তদন্ত কৰিব লাগে৷’ ইফালে, বিটিচিত যোৱা ১৭ বছৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত দুই হাজাৰ কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছে বুলি মন্তব্য কৰি ইউ পি পি এলৰ নেতাজনে কয় যে–‘হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয়ত পি আই এল দাখিল কৰা হৈছে৷ সামাজিক কামৰ লগত জড়িত ব্যক্তি ৰঞ্জন কুমাৰ বৰুৱা আৰু নৰপতি ব্ৰহ্মই হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয়ত পি আই এল দাখিল কৰিছে৷ বিটিচিত যোৱা ১৭ বছৰে হাগ্ৰামা মহিলাৰীয়ে সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে গুৱাহাটী উচ্ছ ন্যায়ালয়ত আবেদন জনোৱা এই পি আই এল [৭৫/২০২০] ক ইউ পি পি এল দলৰ ফালৰ পৰা স্বাগতম জনোৱা হৈছে৷ আবেদনখনত এম জি এন ৰেগা, যোগান, পানীযোগান আঁচনিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিত দুই হাজাৰ কোটিতকৈও অধিক কেলেংকাৰী হোৱা বুলি উল্লেখ কৰিছে৷ বিটিচি অঞ্চলৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ দ্বাৰা সম্পাদিত এক ছ’চিয়েল অডিট ৰিপ’ৰ্ট মতে যোৱা ২০১৮-১৯ চনৰ পৰা বৰ্তমানলৈ এম জি এন ৰেগা আঁচনিত ৪৫৭ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছে৷ বেংক, চি এচ পি, ডি চি ডি চি, চি এল চি চি আদিৰে যোগেদি বিভিন্ন উপায়েৰে এই কেলেংকাৰী সংঘটিত কৰা হৈছিল৷ মাত্ৰ ২.৫ বছৰত ৪ জিলাত এই কেলেংকাৰী হৈছে৷ পি আই এল খনত বিটিচিৰ বিভিন্ন বিভাগ যেনে পঞ্চায়ত ও গ্ৰামোন্নয়ন, ডব্লিউ পি টি বি চি, ক্ৰীড়া, কৃষি, পৰিবহণ, সমাজ কল্যাণ, মীন আদি প্ৰায়বোৰ বিভাগত কম্বল, আঠুৱা, ট্ৰিপাল, চিলাই মেচিন, চকী, মাছৰ খাদ্য ইত্যাদিৰ যোগানত প্ৰায় ১৫০০ কোটিতকৈ অধিক যোগান কেলেংকাৰি উল্লেখ কৰা হৈছে৷ কেলেংকাৰিত ই এম বিষয়া, যোগান কৰ্মচাৰী, ঠিকাদাৰ, ডি চি ডি চি, টি চি এল চি চি চেয়াৰমেন, জি আৰ এচ আদি জড়িত থকাৰ কথা উল্লেখ কৰিছে৷ পি আই এল খনত যোৱা ১৭ বছৰে হাগ্ৰামা মহিলাৰীৰ দ্বাৰা পৰিচালিত সমস্ত চৰকাৰী প্ৰশ্নৰ আৱৰ্তত অনা হৈছে য’ত ডি চি ডি টি চি এল চি চি আদিৰ জৰিয়তে সাধাৰণ জনতাক কেতিয়াও উন্নয়নৰ অংশীদাৰ কৰা হোৱা নাছিল৷ পি আই এল খনত ২৩১৬.৫০ লাখ টকাৰ কোক্‌ৰাঝাৰ পানী যোগান আঁচনিৰ কেলেংকাৰীৰো উল্লেখ কৰা হৈছে৷ ২০১৩ চনতে কাগজে কলমে সমাপ্ত কৰা এই আঁচনিখনো বিভিন্ন দুৰ্নীতিৰ বাবে কেতিয়াও কাৰ্যক্ষম হৈ নুঠিল আৰু কোনেও এই ব্যয়বহুল আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম নহ’ল৷ পি আই এল খনৰ দ্বাৰা আৱেদন জনোৱা হৈছে যে হাগ্ৰামা মহিলাৰীৰ শাসনকালত বিটিচিত সংঘটিত এম জি এনৰেগা যোগান কেলেংকাৰী, পানী যোগান আঁচনিকে আদি কৰি বিভিন্ন দুৰ্নীতিৰ চি বি আই তদন্ত  যোগান আঁচনিত দেখুওৱা হিতাধিকাৰীসকলৰ স্বাক্ষৰ তথা টিপ চহীসমূহৰ ফৰেঞ্চিত অডিট হ’ব লাগে৷ দুৰ্নীতিত লিপ্ত ই এম বিষয়া যোগান কৰ্মচাৰী, ঠিকাদাৰ, ডি চি ডি চি টি চি এল চি চি চেয়াৰমেন জি আৰ এচ আদিক শীঘ্ৰেই আৰক্ষীয়ে এৰেষ্ট কৰিব লাগে৷’