Logo
image

ৰাষ্ট্ৰীয় পথত আশ্ৰিত বানাক্ৰান্তক মহটিয়াই নিলে ট্ৰাকে, নিহত ১

পানী কমিলেও বিলাই নোহোৱা হৈছে বন্যাৰ্তৰ

উপদ্ৰৱ চোৰ-ডকাইতৰ

আমাৰ অসম, ২৬ জুনঃ চাৰিওফালে এতিয়া বান বিধবস্ত লোকৰ হা-হুমুনিয়াহ৷ বানাক্ৰান্তৰ দুখৰ যেন অন্ত নাই৷ বলিয়া বানত কাৰোবাৰ যদি সম্পূৰ্ণ ঘৰখনেই নৈৰ বুকুত জাহ গৈছে, আন কাৰোবাৰ আকৌ বানে তচনচ কৰা  আপোন ঘৰখনৰ খিৰিকীলৈ বালি-পলসৰে পুতি পেলাইছে৷ বহুতৰে ঘৰ আজিও পানীত বুৰ গৈ থকাৰ বিপৰীতে আন বহুতৰ আকৌ পানী শুকালেও ঘৰলৈ উভটি যাব পৰা অৱস্থা হোৱা নাই৷ নিজৰ বুলিবলৈ এখন ঘৰ নাথাকিলেও কেনে যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়, সেয়া বান বিধবস্ত লোকৰ বাহিৰে আন কোনেও প্ৰকৃততে যেন উপলব্ধি কৰিব নোৱাৰে৷ বানত ঘৰ-ভেটি হেৰুৱাই বা বাঢ়নী পানীত আপোন ঘৰখন বুৰ যোৱাত ৰাজ্যৰ লাখ লাখ লোকে আজিও মথাউৰি, ৰে’ল লাইন বা ঘাইপথসমূহৰ কাষতে দিন-ৰাতি পাৰ কৰিবলগীয়া হৈছে৷ চৰকাৰে স্থাপন কৰা আশ্ৰয় শিবিৰত একাংশই আশ্ৰয় ল’লেও বান বিধবস্ত এইসকল লোকৰ দুখ-দুৰ্গতি তথা বিলাই-বিপত্তিৰ অন্ত পৰা নাই৷ কোনোমতে বানত উটি যোৱাৰ পৰা নিজকে ৰক্ষা কৰি ৰাজপথৰ কাষত আশ্ৰয় লোৱা বন্যাৰ্তৰ ওপৰেদি যদি গধুৰ বাহন চলি যায়, তেনেহ’লে কি পৰিস্থিতি হ’ব পাৰে তাক নক’লেও অনুমেয়৷ মৰিগাঁৱৰ ধৰমতুলৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে নিশা এনে এটা মৰ্মান্তিক ঘটনা সংঘটিত হৈছে৷ বানত ঘৰ-ভেটি হেৰুৱাই ৰাজপথৰ কাষৰ অস্থায়ী শিবিৰত আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে তীব্ৰবেগী এখন টাটা মোবাইল বাহনে মহতীয়াই নিয়ে বানাক্ৰান্তক৷ বাহনৰ খুন্দাত শিবিৰতে বুবু দাস নামৰ ২৫ বছৰীয়া যুৱকজনৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ৯ মহীয়া শিশুসহ আন ৭জন বানাক্ৰান্ত আশ্ৰয়হীন লোক৷ আহত ৰামপাল দাস, ৰীতা দাস, শিৱ দাস, সঞ্জীৱ দাস, সঞ্জয় দাস আৰু শোণিত দাসক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে৷ মধ্য অসমত এই কৰুণ ঘটনাটো সংঘটিত হোৱাৰ বিপৰীতে বৰাকত এতিয়া বানৰ মাজতে অস্ত্ৰধাৰী ডকাইতৰ দলে নিশা নাও লৈ বান বিধবস্ত লোকৰ ঘৰত লুট-পাট চলোৱাৰ অভিযোগ উঠিছে৷ ইপিনে ডকাইতৰ প্ৰৱেশক লৈ বিভিন্নজনে প্ৰশাসনক অভিযোগ দাখিল কৰাৰ পাছতো শিলচৰ আৰক্ষীয়ে সহায়ৰ বাবে আগবাঢ়ি নহাৰো গুৰুতৰ অভিযোগ কৰিছে৷ ভুক্তভোগী লোকে ছ’চিয়েল মিডিয়াযোগে ডকাইতি ঘটনাৰ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে যদিও কাছাৰ আৰক্ষী অধীক্ষকে ইয়াক অস্বীকাৰ কৰাহে দেখা গৈছে৷ বানাক্ৰান্ত ৰাইজৰ দুৰ্ভোগ ইমানতে যেন শেষ হোৱা নাই, আশ্ৰয় শিবিৰৰ পৰা উভটি আহি আপোন ঘৰখনৰ অস্তিত্ব বিচাৰি নাপাই হাহাকাৰ কৰিছে বহুজনে৷ কোনো-কোনোৱে ঘৰলৈ ঘূৰি অহাৰ পাছত ভঁৰালৰ ধান-চাউল বুলিবলৈ একো বিচাৰি পোৱা নাই৷ আনকি ঘৰৰ গাই-গৰু, হাঁহ-কুকুৰা আদিও বানে উটুৱাই নিয়াত বোকা-পলসৰ মাজতে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া লোকসকলে৷ আনকি নিশাটোৰ ভিতৰতে মথাউৰি ছিঙি সোমাই অহা পানীয়ে বহু ছাত্ৰ-ছাত্ৰীৰ সপোন থান-বান কৰি থৈ যায়৷ বাঢ়নী পানীত কিতাপ-পত্ৰ আদি সকলো নষ্ট হোৱাত ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে শিক্ষাৰ্থীসকল৷ ইফালে, বান শুকোৱাৰ পাছত ঘৰলৈ উভটি আহিলেও বহু বন্যাৰ্তৰ খাবলৈ ঘৰত খুদকণ এটাও নোহোৱাত চৰকাৰী সাহায্যলৈ বাট চাই ৰ’বলগীয়া হৈছে যদিও চৰকাৰী ৰেচনৰ বাবদতো কোনো কোনো দালালে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে৷ মুঠৰ ওপৰত একাংশ বানাক্ৰান্তই ঘৰলৈ উভটি আহি জীৱনৰ আন এখন সংগ্ৰামত নামি পৰিছে৷ এই সংগ্ৰামখনেই হৈছে জীয়াই থকাৰ সংগ্ৰাম৷

জাগীৰোডত ৰাষ্ট্ৰীয় পথত আশ্ৰিত বানাক্ৰান্তক মহটিয়াইলে ট্ৰাকে

বানৰ মাজতে এক শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰি গ’ল জাগীৰোডৰ ধৰমতুলত৷ কোনেও নভবাকৈ শুকুৰবাৰে নিশা প্ৰায় ১২.৩০ বজাত ধৰমতুলৰ এটা পৰিয়াললৈ নামি আহিল অমানিশা৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় লৈ থকা এটা পৰিয়ালক মহটিয়াই নিয়ে এখন তীব্ৰবেগী বাহনে৷ গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এ এছ ০১-এন চি-১২০৪ নম্বৰৰ যোদ্ধা বাহনখনে প্ৰথমে খুন্দা মাৰে ৰখাই থোৱা এখন বাহনত৷ তাৰ পাছতে নিশা আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে বাহনখনে মহটিয়াই নিয়ে বানপীড়িত পৰিয়ালটোক৷ দুৰ্ঘটনাত বুবু দাস নামৰ এজন লোক নিহত হোৱাৰ লগতে আহত হয় এটি ৯ মহীয়া শিশুসহ মুঠ ৬জন লোক৷ আহতকেইজন ক্ৰমে ৰামপাল দাস, গীতা দাস, সংগীতা দাস, শিৱ দাস আৰু বিষ্ণু দাস৷ ৯মহীয়া শিশুটি সঞ্জয় দাসসহ আটাইকে সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ কৰা হৈছে৷ ইয়াৰে দুজনকৈ লোকে মৃত্যুৰ সৈতে যুঁজি আছে চিকিৎসালয়ত৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰি নিশাৰ এন্ধাৰৰ সুযোগ লৈ চালকজন পলায়ন কৰিছিল যদিও পৰৱৰ্তী সময়ত আটক কৰি মৰিগাঁৱলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে৷ ইফালে মৃত বুবু দাসৰ অস্থায়ী শিবিৰত উপস্থিত হয় মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া আৰু অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস৷ উপায়ুক্তৰ সন্মুখতে বুবু দাসৰ ভগ্নীয়ে উজাৰিলে ক্ষোভ৷ জবাবদিহি কৰিলে জিলা উপায়ুক্তক৷ অৱশ্যে পৰিয়ালটোক সকলোধৰণৰ সহায় কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে উপায়ুক্তই৷ আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ পাছত দুপৰীয়া বুবু দাসৰ মৃতদেহ লৈ অনা হয় অস্থায়ী শিবিৰত৷ কান্দোনত ভাগি পৰে পৰিয়ালবৰ্গৰ লগতে ওচৰ-চুবুৰীয়া৷ উল্লেখ্য যে, আৰক্ষী প্ৰশাসনৰ হেমাহিৰ বাবেই এজন লোকৰ মৃত্যু হোৱাৰ লগতে এটা পৰিয়াললৈ ঘোৰ অমানিশা নামি অহাৰ অভিযোগ স্থানীয় লোক তথা আত্মীয়ৰ৷

ক্ষুব্ধ বানাক্ৰান্তই কাটি দিলে শাকতোলা নৈৰ মথাউৰি

অৱশেষত সুদীৰ্ঘ নৱম দিনৰ বাবে সম্পূ্‌ৰ্ণৰূপে জলবন্দী হৈ থকা পঁচিশখন বন্যাক্ৰান্ত গাঁৱৰ প্ৰায় পঁচিশ হাজাৰ লোকৰ ক্ষোভৰ উদ্‌গীৰণ ঘটিল৷ জিলা প্ৰশাসন আৰু সশস্ত্ৰ আৰক্ষীৰ বাধা উলাই কৰি ক্ষোভে-দুখে জৰ্জড়িত সহস্ৰাধিক বন্যাক্ৰান্তই হাতে হাতে কোৰ, চিপৰাং লৈ আজি পুৱা প্ৰায় ১১ বজাত শাকতোলা নৈৰ নামনিত ভোকেলিমাৰা গাঁৱৰ সমীপত থকা মথাউৰিটো কাটি দিয়ে৷ উল্লেখ্য যে, বিগত ১৭ জুনৰ দিনা শাকতোলা নৈৰ বাঢ়নী পানীয়ে আঠিয়াবাৰীত ভগা মথাউৰিৰ ভগা অংশইদি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে সোঁত সলনি কৰি বৰ নগাঁও, চোটো নগাঁও৷ পিপৰাদোকান, ৰঙামাটি, বৰঠেকেৰাবাৰী, সৰু ঠেকেৰাবাৰী, দাৰিয়াপাৰা, ভালুকখোৱাপাৰা আদি গাঁওবোৰৰ মাজেৰে প্ৰৱাহিত হ’বলৈ ধৰে৷ কিন্তু দক্ষিণ পিনে থকা ৰঙামাটি-কুৰুৱা মথাউৰিটোত থকা সৰু শ্লুইচ গেট তিনিটাই এই বিশাল জলৰাশি কঢ়িয়াই নিবলৈ অসমৰ্থ হোৱাত শাকতোলা নৈৰ বাঢ়নী পানীয়ে এই বৃহৎ এলেকাটো সম্পূৰ্ণৰূপে জলমগ্ন কৰি এক ভয়াৱহ কৃত্ৰিম সাগৰলৈ পৰিণত কৰে৷ এই বাঢ়নী পানী ওলাবলৈ বাট নোপোৱাত এই গাঁওসমূহৰ ঘৰবোৰ মূধচলৈ তল যায়৷  অতি আকস্মিকভাৱে হোৱা এই প্ৰলয়ংকৰী বানত আক্ৰান্ত হোৱা প্ৰায় পঁচিশ হাজাৰ লোকে সামান্য লাম-লাকটুও উদ্ধাৰ কৰিব নোৱাৰি কাষৰীয়া ওখ ঠাই আৰু মথাউৰিত নিশাটোৰ ভিতৰতে আশ্ৰয় ল’বলগীয়া হয়৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ আৰু সেনা বাহিনীৰ লোকে বহুসংখ্যক জলবন্দী লোকক ৰবৰ নাও ব্যৱহাৰ কৰি উদ্ধাৰ কৰিবলগীয়া হয়৷ চৰকাৰ তথা জলসম্পদ বিভাগে শাকতোলা নৈৰ ভগা মথাউৰিটো তৎকালেই মেৰামতি কৰিব নোৱৰাৰ লগতে এই বৃহৎ এলেকাজুৰি সৃষ্টি হোৱা কৃত্ৰিম সাগৰসদৃশ জলৰাশি বিজ্ঞানসন্মতভাৱে উলিয়াই নিয়াৰ কোনো উপায় উলিয়াব নোৱৰাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো ১৭ জুনৰ পৰা আজিলৈকে জলমগ্ন হৈ থকাত আজিও এই ঘাইপথটো যান-বাহনৰ বাবে বন্ধ হৈ থকাৰ লগতে সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ আছে৷ ইয়াৰ ফলশ্ৰুতিতেই আজি ক্ষোভিত লোকসকলে নামনিত থকা মথাউৰিটো কাটি দিয়ে৷ ইয়াৰ পূৰ্বেও বৃহস্পতিবাৰে পুৱতি নিশা এই মথাউৰিটো কাটিবলৈ চেষ্টা চলাইছিল যদিও একাংশ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ বাধাৰ বাবে সফল হ’ব নোৱাৰিলে৷ মথাউৰি কটা বিষয়ে গম পাই সশস্ত্ৰ আৰক্ষী বাহিনী প্ৰেৰণ কৰাৰ লগতে উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাও ঘটনাস্থলীত উপস্থিত হৈ ক্ষোভিত বানপীড়িত লোকক শান্ত কৰিবলৈ চেষ্টা চলায়ো বিফল মনোৰথ হৈ উভতিবলগীয়া হয়৷ আনহাতে, মথাউৰিটো কটাৰ সময়ত সশস্ত্ৰ আৰক্ষীৰ লোকসকল নীৰৱ দৰ্শক হৈ থাকিবলগীয়া হয়৷ অৱশ্যে কটা অংশৰে এই জলৰাশি প্ৰৱাহিত হৈ পুনৰ শাকতোলা নৈতে মিলিত হ’ব৷

নগাঁৱৰ বাইপাছ পথত আৰক্ষীৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত

নগাঁও বাইপাছ পথত যোৱা নিশা আৰক্ষীৰ এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়৷  নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ এখন বলেৰ’ গাড়ীত  ট্ৰাকে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়৷ নগাঁৱৰ বাইপাছ চাৰিলেন যুক্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ঘাঁহীৰ ওচৰত বৰঘাট আৰক্ষী চকীৰ এ এছ ০২ এক্স ৯৬৭১ নম্বৰৰ টহলদাৰী গাড়ী খনত তীব্ৰ বেগেৰে অহা এ এছ ০১কে চি ০৫৪৮ নম্বৰৰ ট্ৰাক এখনে খুন্দা মাৰে৷ দুৰ্ঘটনাটোত আৰক্ষীৰ গাড়ীখনৰ ব্যাপক ক্ষতিসাধন হয়৷ লগতে  ললিত দাস নামৰ এজন লোক আহত হয়৷ অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফিৰোজ দলেসহ আন কেইবাজনো আৰক্ষীৰ লোক৷ ইপিনে, দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাকখনৰ চালকে৷ আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰিছে৷