Logo
image

অসমলৈ আহিব দ্ৰৌপদী

আমাৰ অসম, ২৭ জুনঃ জুলাইৰ প্ৰথম ভাগত অসমলৈ আহিব পাৰে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সমৰ্থন বিচাৰি অসমলৈ আহিব ৰাষ্ট্ৰপতি  পদৰ এন ডি এৰ প্ৰাৰ্থীগৰাকী৷ ৰাষ্ট্ৰপতি  নিৰ্বাচনত যিহেতু কেৱল সাংসদ বিধায়কৰ থাকে ভোটদানৰ অধিকাৰ সেইবাবে অসমৰ সাংসদ বিধায়কসকলৰ সমৰ্থন বিচাৰি তেওঁ অসমলৈ আহিব৷ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলক ফোন কৰি সমৰ্থন বিচাৰিছে এনডিএৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থীগৰাকীয়ে৷ দিল্লীৰ  এক সূত্ৰমতে তেওঁ নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ গৈ ভোট বিচাৰিব৷ সেই সূত্ৰে কলকাতালৈ অহাৰো কথা আছে৷ সূত্ৰটোৰ মতে জুলাই মাহৰ দ্বিতীয় সপ্তাহত মুৰ্মু কলকাতালৈ আহিব৷ কলকাতালৈ অহাৰ সময়তে তেওঁ অসমলৈ অহাৰ সম্ভাৱনা আছে৷ বংগৰ বিধানসভাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিঙৰ ঘটনা অতি বিৰল নহয়৷ ২০১৭ চনৰ নিৰ্বাচনতো অসমতো ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ হৈছিল৷ অৱশ্যে অসমতো ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিঙৰ সম্ভাৱনা নাই বুলি ক’ব নোৱাৰি৷ বিগত ৰাজ্যসভাৰ নিৰ্বাচনতে সেই কথা স্পষ্ট হৈ পৰিছিল৷ ২০১৭ চনৰ নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী ৰামনাথ ক’বিন্দ পশ্চিমবগলৈ অহা নাছিল৷ কাৰণ সেই সময়ত বংগত বিজেপিৰ আছিল মাত্ৰ তিনিজন বিধায়ক৷ কিন্তু নিৰ্বাচনত ক’বিন্দৰ পক্ষতে পৰিছিল ১৩ টা ভোট৷ এইবাৰ পশ্চিমবংগত পূৰ্বৰ তুলনাত  বিজেপিৰ  বহু বেছি বিধায়ক আছে৷ সেইবাবে এন ডি আৰ প্ৰাৰ্থীগৰাকীয়ে পশ্চিমবংগত যথেষ্ট গুৰুত্ব দিছে৷