Logo
image

ক’ভিড বাঢ়িছে ৰাজ্যতো বুষ্টাৰক লৈ বিভ্ৰান্তি

আমাৰ অসম, ২৭ জুনঃ সমগ্ৰ দেশৰ লগতে অসমতো পুনৰ ক’ভিডৰ দ্ৰুত সংক্ৰমণ আৰম্ভ হৈছে৷ যোৱা ২৪ ঘণ্টাত দেশত ১১,৭৩৯জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে, ২৫জন লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷ দেশত মুঠ ৯২ হাজাৰ ৫৭৬জন লোক বৰ্তমানে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে৷ ইফালে, অম্বুবাচী মেলা, গুৱাহাটীত মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়কৰ ৰণচালিৰ মাজতে ৰাজ্যত বাঢ়িছে ক’ভিডৰ প্ৰকোপ৷ শনিবাৰে কামৰূপ মহানগৰ জিলাত ৩২জন, কামৰূপ গ্ৰাম্য জিলাত ৫জন, হোজাই জিলাত ৫ জন, নগাঁও জিলাত এজন লোক শনিবাৰে ক’ভিডত আক্ৰান্ত হৈছে৷ ইফালে, ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কাজিৰঙাত সাংবাদিকক কয়– অসমলৈ বহিঃৰাজ্যৰ লোকৰ আগমন বৃদ্ধি পাইছে৷ বহিঃৰাজ্যৰ পৰা অহা লোকৰ পৰা অসমত ক’ভিড সংক্ৰমণ ঘটিছে৷ ইতিমধ্যে ২৩ জুনত ৩৩ জন, ২৪ জুনত ৩৪জন আৰু ২৫ জুনত ৪৩জন লোকৰ দেহত ক’ভিডৰ বীজাণু ধৰা পৰিছে৷ বৰ্তমান চিকিৎসালয়লৈ অহা ৰোগীকহে ক’ভিড পৰীক্ষা কৰি থকা হৈছে৷ যদি অন্য লোকৰ ক’ভিড পৰীক্ষা কৰা হয়, তেন্তে ইয়াৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ৰাজ্যত ক’ভিড সংক্ৰমণ বাঢ়িছে যদিও এইবাৰ ক’ভিড প্ৰতিৰোধ কৰাৰ লগতে আন কামো সমানে আগবঢ়াই নিয়া হ’ব৷ চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি মহামাৰী ক’ভিডৰ সৈতে যুঁজিবলৈ সকলো ধৰণৰ ব্যৱস্থা প্ৰস্তুত কৰি ৰখা হৈছে৷ ক’ভিড সংক্ৰমণ বৃদ্ধি পালে ক’ভিডৰ এছ অ’ পি অৰ্থাৎ নীতি নিৰ্দেশনাৰ কথা চিন্তা কৰিব লাগিব বুলিও মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে৷ বৰ্তমান ক’ভিড পৰীক্ষা কৰাত সকলো অমিক্ৰন বীজাণু ধৰা পৰিছে৷ পূৰ্বৰ ডেল্টাৰ দৰে এই বীজাণু ইমান শক্তিশালী নহয়৷ বৰ্তমান মানুহৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতাও বৃদ্ধি পাইছে৷ ইতিমধ্যে সকলো ৰাইজক দুটাৰ পৰা তিনিটা ক’ভিড প্ৰতিষেধক দিয়াৰ চেষ্টা চলাই থকা হৈছে বুলিও মন্ত্ৰীজনে জানিবলৈ দিয়ে৷ উল্লেখ্য অম্বুবাচীৰ কাৰণে তিনিদিন ধৰি সকলো মন্দিৰ বন্ধ থকাৰ পিছত আজি কাজিৰঙাৰ হালধিবাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত বিখ্যাত বুঢ়ীমাই থান মন্দিৰৰ দুৱাৰ খোল খায়৷ পুৱাৰ পৰা উক্ত মন্দিৰত যথেষ্ট সংখ্যক ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয়৷ ইফালে, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাট দিশে গৈ থাকোঁতে উক্ত মন্দিৰত সেৱা জনাই প্ৰলয়ংকাৰী বান, প্ৰাকৃতিক দুৰ্যোগ পৰা ৰাজ্যবাসীক ৰক্ষা কৰি ভাল পৰিবেশত যাতে সকলো আগবাঢ়ি যাব পাৰে তাৰ কাৰণে মন্ত্ৰীজনে দেৱীক প্ৰাৰ্থনা কৰে বুলি সাংবাদিকক জানিবলৈ দিয়ে৷ লক্ষণীয় যে দেওবাৰে পুৱা কামাখ্যা মন্দিৰত অম্বুবাচী মেলাৰ সামৰণি পৰে৷ যোৱা ২২ জুনৰ পৰা আৰম্ভ হোৱা অম্বুবাচী মেলালৈ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ লোকৰ আগমণ ঘটে৷ কামাখ্যা ধামলৈ অহা বহিঃৰাজ্যৰ বিশেষকৈ পশ্চিমবংগ আৰু বিহাৰৰ তিনিজনকৈ লোক ক’ভিড পজিটিভ বুলি পৰীক্ষাত ধৰা পৰিছিল৷ ইপিনে, দেওবাৰে ৰাজ্যত ৩৬জন লোক ক’ভিডত আক্ৰান্ত হয়৷ কেউজনেই কামৰূপ মহানগৰ জিলাৰ৷

বুষ্টাৰ প্ৰতিষেধকক লৈ বিভ্ৰান্তি

ক’ভিড অতিমাৰীৰ বুষ্টাৰ প্ৰতিষেধক গ্ৰহণক লৈ দেশজুৰি বিভ্ৰান্তি আৰু ভুল বুজাবুজি অব্যাহত আছে৷ ইয়াৰ ফলতে যোৱা ১০ এপ্ৰিলত বুষ্টাৰ ড’জ প্ৰদান আৰম্ভ হ’লেও প্ৰায় তিনিমাহত দেশত মুঠেই ৪.৬৪ লাখ ব্যক্তিয়েহে তৃতীয় পালি প্ৰতিষেধক বা বুষ্টাৰ ড’জ গ্ৰহণ কৰিছে৷ ঘাইকৈ কেন্দ্ৰীয় চৰকাৰৰ বিভ্ৰান্তিকৰ নিৰ্দেশনাৰ ফলতে এনে হোৱা বুলি ধাৰণা কৰা হৈছে৷ বিভ্ৰান্তি আৰু ভুল বুজাবুজিৰ উপৰি বুষ্টাৰ ড’জ প্ৰদান বা গ্ৰহণৰ স্থবিৰতাৰ আন এটা কাৰণ হৈছে ভেকচিন-ক্লান্তি৷ কিয়নো দেশৰ নাগৰিকে এসময়ত দুপালি প্ৰতিষেধক ল’লেই ক’ভিডৰ পৰা মুক্তি পাব বুলি জানিছিল৷ চৰকাৰেও তেনেদৰে প্ৰচাৰ কৰিছিল৷ বহুক্ষেত্ৰত অসামান্য কষ্ট স্বীকাৰ কৰি, দীঘলীয়া শাৰী পাতি দুপালিকৈ প্ৰতিষেধক লোৱাৰ পাছত তৃতীয় পালি বা বুষ্টাৰ ড’জৰ ক্ষেত্ৰত তেওঁলোকক ‘ভেকচিন-ফেটিগ’ বা প্ৰতিষেধক-ক্লান্তিয়ে বুষ্টাৰৰ প্ৰতি বিমুখ কৰি তুলিছে৷ ভাৰতত সেয়ে বুষ্টাৰ ড’জৰ ক্ষেত্ৰত জনসাধাৰণৰ ওচৰত ‘কনফিউজন’ [বিভ্ৰান্তি], ‘মিছআণ্ডাৰষ্টেণ্ডিং’ [ভুল বুজাবুজি] আৰু ‘ভেকচিন-ফেটিগ’ [প্ৰতিষেধক-ক্লান্তি বা অৱসাদ] প্ৰধান অন্তৰায় হৈ পৰা বুলি আনকি স্বয়ং স্বাস্থ্যবিভাগো সিদ্ধান্তলৈ আহিছে৷ ভাৰতৰ উপৰি পশ্চিমীয়া দেশতো বুষ্টাৰ ড’জক লৈ বিভ্ৰান্তি অব্যাহত আছে৷ চৰকাৰীভাৱে ইউৰোপৰ দুই-এখন দেশৰ বাহিৰে বুষ্টাৰ ড’জক লৈ তেনে তৎপৰতা নাই৷ সেয়ে অনেক তাৰকায়ো বুষ্টাৰ ড’জক লৈ অনীহা প্ৰকাশ কৰিছে৷ সাধাৰণ নাগৰিকে অধিকাংশ ক্ষেত্ৰতে বুষ্টাৰ ড’জক লৈ স্পষ্ট নীতি নথকাৰ বাবে বিভ্ৰান্তিত ভুগিছে৷