Logo
image

অসম চুক্তিক লৈ এনে অনানুষ্ঠানিক বৈঠক চলিব অস্বস্তিৰে ক’লে আছুৱে

নিশা কইনাধৰাৰ বৈঠকক লৈ বিতৰ্ক

আমাৰ অসম, ২৭ জুনঃ কইনাধৰাত শনিবাৰে নিশা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰে আছুৰ বৈঠকক লৈ উত্তাল ৰাজ্যৰ ৰাজনীতি৷ ৰাজ্যবাসীয়ে বানত ককবকাই থকাৰ সময়তে নিশা আছুৱে মুখ্যমন্ত্ৰীৰে বৈঠকত বহাক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ৷ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, ব্যক্তি বিশেষে আছুৰ মুখ্যমন্ত্ৰীৰে ‘গোপন’ বৈঠকক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এই সময়ত প্ৰশ্ন উঠিছে– যিকোনো সভা সমিতিৰ পূৰ্বে সংবাদ মাধ্যমক অৱগত কৰোৱা আছুৱে শনিবাৰৰ নিশাৰ বৈঠকৰ বিষয়টোৰ পৰা সংবাদ মাধ্যমক আঁতৰত ৰাখিলে কিয়? পূৰ্বৰ দৰে আলোচনাত উত্থাপন হোৱা বিষয়বোৰ ৰাইজক অৱগত কৰা নহ’ল কিয়? আছু-মুখ্যমন্ত্ৰীৰ মাজৰ এই বৈঠকত কিবা ৰহস্য আছে নেকি? অসম আৰু অসমীয়াৰ হৈ মাত মাতি অহা জাতীয় সংগঠন আছুৰ নেতৃত্বৰ পৰা স্বাভাৱিকতে এনে প্ৰশ্নৰ উত্তৰ বিচাৰিছে ৰাজ্যবাসীয়ে৷ ইফালে, আছুৰ নেতৃত্বই শনিবাৰৰ নিশাৰ বৈঠকখন গোপন বৈঠক নহয় বুলি দাবী কৰাৰ উপৰি অসম চুক্তি ৰূপায়ণৰ বাবে অনুষ্ঠিত আনুষ্ঠানিক আলোচনা বুলিহে দাবী কৰিছে৷ এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই কয়– ‘এটা কথা ঠিক যে মুখ্যমন্ত্ৰীৰে আছুৰ বৈঠক কোনো গোপন আলোচনা নহয়৷ মুখ্যমন্ত্ৰীৰে ৰাজ্যিক অতিথিশালাত আলোচনা হৈছে৷ আমাৰ দাবীক লৈ আমি আন্দোলন আগবঢ়াই লৈ আহিছোঁ৷ চৰকাৰে যেতিয়া আলোচনালৈ মাতে আমি আলোচনালৈ যাওঁ, আগলৈয়ো মাতিলে যাম৷ আমাক লাগে ফলাফল৷ ফলাফল যেতিয়ালৈ নাপাওঁ তেতিয়ালৈ চলি থাকিব আন্দোলন৷ ৰাজপথৰ আন্দোলনৰ সমাধান বিচাৰিহে আলোচনা৷ ছাত্ৰ সন্থা আন্দোলনৰ কাৰণে আন্দোলন কৰা সংগঠন নহয়৷ যদি আলোচনা সফল নহয় তেন্তে আকৌ আন্দোলন হ’ব৷’ আনহাতে, নিশাৰ বৈঠকক লৈ কাৰ্যতঃ অস্বস্তিত পৰা আছুৰ নেতৃত্বই এই সন্দৰ্ভত এটা বিবৃতিত কয়– ‘অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ, চুক্তিৰ ৫নং দফা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্ছস্তৰীয় সমিতিৰ পৰামৰ্শ ৰূপায়ণ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰকে ধৰি অসম চুক্তি ৰূপায়ণৰ বিভিন্ন বিষয়ৰ ওপৰত ২৫ জুন, শনিবাৰে গুৱাহাটীৰ কইনাধৰাত থকা অসম চৰকাৰৰ ৰাজ্যিক  অতিথিশালাত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ এক অনানুষ্ঠানিক আলোচনা অনুষ্ঠিত হয়৷ নিশা ৮.৩০ বজাত অনুষ্ঠিত এই আলোচনাত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা ড॰ সমূজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উপদেষ্টাদ্বয় প্ৰকাশ চন্দ্ৰ দাস, উদ্দীপজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে হোৱা আলোচনাত অসম চুক্তিৰ  প্ৰতিটো দফা ৰূপায়ণ, অসম চুক্তিৰ ৬নং দফা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্ছস্তৰীয় সমিতিৰ পৰামৰ্শমৰ্মে ৰক্ষাকবচৰ ব্যৱস্থা কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, অসমৰ বান-খহনীয়া সমস্যাৰ স্থায়ী সমাধান, অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াল আৰু নিৰ্যাতিত ব্যক্তিক সংস্থাপন, অসমৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়ন আৰু অসমৰ জনসাধাৰণে সন্মুখীন হোৱা সমস্যা আৰু সময়োপযোগী সমাধানৰ বাবে ৰূপৰেখাা প্ৰস্তুত কৰিবলৈ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত, কেবিনেট মন্ত্ৰীৰ পীয়ূষ হাজৰিকা, অজন্তা নেওগ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উপদেষ্টাদ্বয় প্ৰকাশ চন্দ্ৰ দাস, উদ্দীপ জ্যোতি গগৈক লৈ এখন সমিতি গঠন কৰা হৈছিল৷ এই আলোচনা অধিক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সৈতে শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ অনানুষ্ঠানিক আলোচনা অনুষ্ঠিত হয়৷ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এই আলোচনা গোপন নাছিল৷ ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– ছাত্ৰ সন্থাই কেৱল আন্দোলনৰ বাবে আন্দোলন নকৰে৷ সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে আন্দোলন কৰে৷ ৰাজপথৰ আন্দোলন চলি থকাৰ সময়ত  চৰকাৰে আলোচনালৈ আমন্ত্ৰণ কৰিলে ছাত্ৰ সন্থাই এনে আলোচনাত অংশগ্ৰহণ কৰে৷ কাৰণ যিকোনো সমস্যাৰ সমাধান আলোচনাৰ মেজতেই হ’ব লাগিব৷ ৰাজপথৰ আন্দোলনৰ শ্ল’গানক আলোচনাৰ মেজলৈ যুক্তিৰে সন্থাই দৃঢ়তাৰে আগুৱাই নি আহিছে৷ আন্দোলন আৰু আলোচনা দুয়োটাকে ছাত্ৰ সন্থাই আগুৱাই নি আহিছে৷ আলোচনা যিকোনো অহিংস গণতান্ত্ৰিক আন্দোলনৰ এটা অংগ৷ অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ, ৬নং দফাৰ সাংবিধানিক ৰক্ষাকবচ দিয়াত চৰকাৰে ভৱিষ্যতে আয়োজন কৰা আনুষ্ঠানিক, অনানুষ্ঠানিক আলোচনাত ছাত্ৰ সন্থাই অংশ লৈ সমস্যাটোৰ স্থায়ী সমাধান, ফলাফল বিচাৰিব৷’

মুখ্যমন্ত্ৰীক ৰাতি মনে মনে লগ ধৰি আছুৱে ৰাইজৰ বিশ্বাসযোগ্যতা হেৰাইছেঃ অজিত ভূঞা

ভূটানৰ বৃহৎ নদীবান্ধে অসমত যিদৰে ভয়াবহ বানৰ সৃষ্টি কৰি ধবংসলীলা চলাইছে, এতিয়া গোটেই অসমখনেই ধবংস হৈ যাব৷ অসমখনেই নাথাকিব৷ অসমৰ কাষতেই ভূটানত বৃহৎ বৃহৎ নদীবান্ধ নিৰ্মাণ হৈ আছে ভাৰত চৰকাৰৰ বিত্তীয় আৰু কাৰিকৰী সাহায্যত৷ ইয়াৰ বিৰুদ্ধে এক সবল প্ৰতিবাদ, সংগ্ৰাম কৰিবই লাগিব৷ ৰাজ্যত হৈ থকা ভয়াবহ বান পৰিস্থিতিৰ মাজতেই ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এইদৰে কয় আজি ভৱানীপুৰ বিধানসভা সমষ্টিৰ বানে ধবংসলীলা চলোৱা মেধিকুছি গাঁৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি সাংসদ অজিত কুমাৰ ভূঞাই কয়– বিগত সময়ছোৱাত কোনোবাৰে অসমত বানাক্ৰান্তক সাহায্যৰ ক্ষেত্ৰত নাটনি হোৱাৰ নাছিল৷ কিন্তু এইবাৰ নাটনি হৈছে৷ চৰকাৰী সাহায্যৰ নামত আজি একোৱেই নাই৷ সাহায্যৰ নামত এতিয়া চৰকাৰী ভড়াল উদং৷ ৰাইজৰ ওপৰত কৰ আৰোপ কৰিহে চৰকাৰ চলাই আছে মুখ্যমন্ত্ৰীয়ে৷ অসমত যিদৰে বানে ধবংস কৰিছে, অন্য ৰাজ্যত হ’লে প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ দৌৰি আহিলেঁহতেন৷ কিন্তু আমাৰ ইয়াত যিগৰাকী বহি আছে হিমন্ত বিশ্ব শৰ্মা, যাক দক্ষ আৰু শক্তিশালী বুলি কয় মানুহে, তেওঁ দিল্লীৰ পৰা এটকাও আনিব পৰা নাই এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত৷ তেওঁ অসমৰ মানুহক মুৰ্খ বুলি ভাবিছে, সহজে বলাব পাৰি বুলি ভাবিছে৷ সাংসদ ভূঞাই পূণৰ কয়– ২০০৫ চনৰ এখন আইন আছে৷ এই আইনৰ অধীনত বানপানীৰ ক্ষয়-ক্ষতিৰ জৰীপ হ’ব লাগে৷ এই জৰীপৰ পোন্ধৰ দিনৰ ভিতৰত ক্ষতিগ্ৰস্তই কোনে কিমান পৰিমাণৰ ধন সাহায্য হিচাপে পাব সেয়া ঠিক কৰা আছে আইনখনত৷ কিন্তু অসমৰ বানত ক্ষতিগ্ৰস্তই ২০০৫ চনৰ আইন অনুসৰি চৰকাৰী সাহায্য পোৱা নাই৷ এইবাৰ ২০০৫ চনৰ আইন অনুসৰি চৰকাৰে বানত ক্ষতিগ্ৰস্তক কিদৰে সাহায্য দিব সেয়া লক্ষণীয় বিষয়৷ আছুৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি সাংসদ ভূঞাই আছুক সমালোচনা কৰি কয়– আছুৱে মনে মনে কইনাধাৰাত মুখ্যমন্ত্ৰীক লগ ধৰাৰ কি প্ৰয়োজন আছে৷ সেইবাবে আছুৱে বিশ্বাসযোগ্যতা হেৰাইছে৷ যাৰ বাবে আছুৱে সংগ্ৰাম কৰিব পৰা নাই, প্ৰতিবাদ কৰিব পৰা নাই আৰু ৰাইজক সংগঠিত কৰিব পৰা নাই৷ ৰাতি মনে মনে কইনাধাৰাত মুখ্যমন্ত্ৰীক লগ ধৰাটো ৰহস্যৱেই দেখা পাওঁ৷ উল্লেখ্য যে সাংসদ অজিত কুমাৰ ভূঞাই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ জ্যোষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, চিপিআই এম এলৰ নেতা বিবেক দাস, ভৱানীপুৰৰ যুৱনেতা সমাজকৰ্মী ক্ৰমে– সুব্ৰত তালুকদাৰ, ৰাজৰ্ষি চৌধুৰী, গোকুল তালুকদাৰ, কংগ্ৰেছী নেতা ধনজিৎ তালুকদাৰ, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক দীপাংকৰ দাস, অৱসৰী কৃতী শিক্ষক বাবুলাল ডেকাৰ লগতে এটা সজাতি দলক লগত লৈ হানে ধবংসলীলা চলোৱা মেধিকুছিৰ লগতে দঙাৰপাৰ, মাজগাওঁ, শুকমানাহ অঞ্চল পৰিভ্ৰমণ কৰি বানত ক্ষয় ক্ষতিৰ বুজ লয়৷ লগতে অসমৰ বানৰ স্থায়ী সমাধানৰ বাবে, বানত ক্ষতিগ্ৰস্তক উপযুক্ত সাহায্যৰ বাবে দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাব বুলিও বানাক্ৰান্ত ৰাইজ আৰু সাংবাদিকৰ আগত ব্যক্ত কৰে৷