Logo
image

জীৱনলৈ আম ‘টেঙা’ হৈ গ’ল সুভাষৰ বাবে

আমাৰ অসম, ২৮ জুনঃ এজন জন প্ৰতিনিধি৷ সমষ্টিবাসীৰ বিপুল ভোটত জয়ী হৈ আহিছে বিধানসভালৈ৷ কিন্তু সেইজন জনপ্ৰতিনিধিয়ে নিজৰ চৰকাৰী আবাসত থকা এজোপা আম গছৰ পৰা আম পাৰি খোৱাৰ অপৰাধত এজন লোকক পুলিচৰ হাত গতাই দিয়ে৷ এই ঘটনাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে জন প্ৰতিনিধি এজন কিমান নিৰ্দয় আৰু অসহিষ্ণু হ’লে এনে কাৰ্য সংঘটিত কৰিব পাৰে৷ এই জন প্ৰতিনিধিজন অন্য কোনো নহয় সততে বিতৰ্কৰ আৱৰ্তত থকা দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা৷ উল্লেখ্য যে বিধায়ক হিচাপে অতুল বৰাৰ নামত অসম বিধানসভা চৌহদৰ বিধায়ক আবাসত যিটো আবাস আবণ্টন দিয়া  আছে৷ সেইটো প্ৰায়ে অব্যৱহূত হৈ পৰি থাকে৷ কিন্তু সেই চৰকাৰী আবাসটোত থকা এজোপা আম গছৰ পৰা কেইটমান আম পাৰি খোৱাৰ অপৰাধত শাসকীয় দলৰ বিধায়কজনে এজন লোকক আৰক্ষীৰ হাতত গতাই দিয়ে৷ বিধায়কজনৰ এনে নিৰ্দয় কাৰ্যৰ পৰিণতিত সুভাষ বৰ্মন নামৰ লোকজন ২৪ ঘণ্টা আৰক্ষীৰ লক আপত কটাবলগীয়া হয়৷ অৱশ্যে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে বিধায়ক বৰাই সুভাষ বৰ্মনক এৰি দিবলৈ দিছপুৰ আৰক্ষীক নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে সুভাষ বৰ্মন  বিগত ২২/২৩ বছৰ ধৰি বিধায়ক কলনীত জেৰক্সৰ দোকান দি পৰিয়ালৰ পোহপাহ আদি আছে৷ দেওবাৰে অম্বুবাচী নিবৃত্তি উপলক্ষে সুভাষ বৰ্মনে পুৱাৰ ভাগত বিধায়ক অতুল বৰাৰ বিধায়ক আবাস চৌহদত থকা আমৰ গছ এজোপাৰ পৰা কেইটমান আম পাৰিবলৈ যায়৷ কিন্তু বৰ্মনক এই কাৰ্যত বিধায়ক আবাসত থকা বিধায়কজনৰ ৰান্ধনীজনে বাধা দিয়ে আৰু আক্ৰমণ কৰিবলৈ উদ্যোত হয়৷ এই কাৰ্যক লৈ দুয়োজনৰ মাজত কথাৰ কটা কটি আৰু সাধাৰণ বাক-বিতণ্ডা হয়৷ পাছত এই উত্তপ্ত পৰিস্থিতিৰ শাম-কাটে৷ কিন্তু বিয়লি প্ৰায় ৩ বজাত দিছপুৰ থানাৰ আৰক্ষী হঠাত বিধায়ক আবাস চৌহদত উপস্থিত হয় আৰু সুভাষ বৰ্মনক আম চুৰিৰ অভিযোগ আটক কৰিলৈ যায়৷ বিধায়ক অতুল বৰাৰ এনে হঠকাৰী কাৰ্যৰ বিৰদ্ধে সংবাদ মাধ্যমত তীব্ৰ সমালোচিত হোৱাত আজি অৱশেষত সুভাষ বৰ্মনক এৰি দিবলৈ দিছপুৰ থানাক নিৰ্দেশ দিয়ে বিধায়কজনে৷ বিধায়কজনৰ নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত প্ৰায় ২৪ ঘণ্টা পাছত থানাৰ লক আপৰ পৰা মুক্তি লাভ কৰে সুভাষ বৰ্মনে৷ যিজন বিধায়কে নিজৰ অব্যৱহূত চৰাকৰী আবাসত চৌহদত থকা আম গছৰ পৰা আম কেইটমান পাৰিবলৈ অহা লোক এজনক আৰক্ষীৰ হাতত গতাই দিব পাৰে সেইজন বিধায়ক নিজৰ সমষ্টিবাসীৰ বাবে প্ৰতি কিমান সহায়ক হ’ব সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ এজন জনপ্ৰতিনিধি কিমান প্ৰতিশোধ পৰায়ন আৰু হৃদয়হীন হ’লে এজন নিৰপৰাধী লোকক আম চোৰ সজাই আৰক্ষীক গতাই দিব পাৰে সেয়া বিধায়ক অতুল বৰাৰ কাৰ্যৰ পৰাই বুজিব পাৰিব৷ আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ সাংসদ আব্দুল খালেকে কয়–যেতিয়া মানুহৰ ক্ষমতাই মূৰত ধৰে তেতিয়া যি হয় অতুল বৰাৰ সেইটোৱে হৈছে৷ মন্ত্ৰিত্ব নাপাই তেওঁ হয়তো হতাশাত ভুগিছে৷ এতিয়া কৰিবলৈ তেওঁৰ কাম নাই¸৷ সেয়ে হয়তো গোচৰটো দিছে৷ আনহাতে শাসকীয় দলৰ বিধায়ক চক্ৰধৰ গগৈয়ে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–সৰু সৰু কথা বিলাক সৰু সৰু বুলি ভাবি ইয়াৰ পৰা আঁতৰি থকা উচিত৷ মোৰ ঘৰৰ আম গছৰ পৰা যদি কোনোবাই আম খাবলৈ আহে তেওঁক গালি নাপাৰি আম এটা বেছিকৈহে খাবলৈ দিম৷ উল্লেখ্য যে দেওবাৰে দিছপুৰ আৰক্ষীও ‘আম চুৰি’ৰ এই ঘটনাটোৰ বিৰুদ্ধে গোচৰ ৰুজু আৰু তদন্ত লৈ বিমোৰত পৰে৷ বিধায়ক অতুল বৰাৰ ‘কৃপাত’ এতিয়া মিঠা আমো টেঙা হৈ পৰিল সুভাষ বৰ্মনৰ বাবে৷