Logo
image

অসমলৈ ২৫ লাখ বান সাহায্য আমিৰ খানৰ

আমাৰ অসম, ২৮ জুনঃ অসমৰ বান বিভীষিকাই কন্দুৱাই তুলিছে বলীউডৰ বহু শিল্পী-পৰিচালকক৷ প্ৰলয়ংকাৰী বানে শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে লক্ষাধিক লোকৰ ঘৰ-ভেটি উছন হোৱাৰ পাছত অসমবাসীক সহায়ৰ হাত আগবঢ়াইছে বলীউডৰ বহু অভিনেতা-পৰিচালকে৷ অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খান৷ বলীউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে অসমবাসীৰ সহায় কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে বৰঙণি৷ সোমবাৰে অভিনেতাজনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াই ২৫ লাখ টকাৰ আৰ্থিক সাহায্য৷ আমিৰ খানৰ এই মহানুভৱতাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ৰাজহুৱা কৰিছে৷ মুখ্যমন্ত্ৰীয়ে অভিনেতাজনক এই বৰঙণিৰ বাবে ধন্যবাদো জনায়৷ ইয়াৰ পূৰ্বে বলিউডৰ অভিনেতা অৰ্জুন কাপুৰ আৰু ছবি পৰিচালক ৰোহিত শেট্টীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক সাহায্য আগবঢ়াইছিল৷ দুয়োজনে ৫ লাখ টকাকৈ অসমবাসীক সহায়ৰ বাবে দান কৰিছিল৷ লক্ষণীয়ভাৱে বিগত বৰ্ষত অক্ষয় কুমাৰেও বানত কাজিৰঙাৰ বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে হাইলেণ্ড নিৰ্মাণ কৰিবলৈ বৰঙণি আগবঢ়াইছিল৷ শেহতীয়াকৈ দেশৰ উদ্যোগী মুকেশ আম্বানী পৰিয়ালেও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছিল৷