Logo
image

মথাউৰি ছিগিছে কিয়? পুনৰ বিষয়াক ধমকি মুখ্যমন্ত্ৰীৰ

আমাৰ অসম, ২৯ জুনঃ ৰে’ল বিভাগৰ মথাউৰি নাভাঙে আমাৰ মথাউৰি ভাঙি যায় কিয়? ইমান টকা খৰচ কৰি নিৰ্মাণ কৰা মথাউৰি কিয় কম দিনৰ ভিতৰতে ভাঙি যায়? জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীক এনে প্ৰশ্নবানেৰে ধমকি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে বজালী জিলাৰ পাটাছাৰকুছি আৰু ভবানীপুৰ সমষ্টিৰ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰী শৰ্মাই জলসম্পদ বিভাগৰ বিষয়াক এনে বিভিন্ন প্ৰশ্নৰে থকা-সৰকা কৰে৷ তেওঁ কয়– কোটি টকা খৰচ কৰি বিভিন্ন ঠাইৰ মথাউৰিবোৰ নিৰ্মাণ কৰা হয় যদিও এইবোৰ অতি কমদিনৰ ভিতৰতে ভাঙি যায়৷ কিন্তু ৰেল বিভাগে মথাউৰিবোৰ চিৰস্থায়ী আৰু মজবুত৷ আপোনালোকে ঠিকাদাৰ সকলক মৰম কৰিবলৈ বাদ দিয়ক৷ যদি মৰম কৰি থাকে তেতিয়াহ’লে মথাউৰি বিলাক কেতিয়াও চিৰস্থায়ী নহ’ব৷ মুখ্যমন্ত্ৰীজনে প্ৰথমে  বজালী জিলাৰ পাটাছাকুছি সমষ্টি অন্তৰ্গত কালদিয়া নৈয়ে বিধবস্ত কৰা কুঁৱৰা পৰিদৰ্শক কৰি  তেওঁ পাটাছাৰকুছি জালাহ সংযোগী পথটি কালদিয়া নৈৰ গৰাখহনীয়াই ধবংস কৰা দিশটো পৰ্যবেক্ষণ কৰে৷ ইয়াৰ পিছত বজালীৰ ভৱানীপুৰ সমষ্টিৰ পহুমৰা নৈৰ মথাউৰি চিঙি তাণ্ডৱ সৃষ্টি কৰা মেধীকুছি আৰু চাৰালপাৰৰ নয়াপাৰা অঞ্চল পৰিদৰ্শন কৰে৷ বান আক্ৰান্তসকললৈ প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদানৰ বাবে জিলা প্ৰশাসনক ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰাৰ লগতে বানত মেধীকুছি গাঁৱত গৃহ হাৰা হোৱা ২৬টা পৰিয়াললৈ নতুন ঘৰ বনোবাত চৰকাৰে সহায় সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে৷ পৰিদৰ্শনকালত কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ, বজালী জিলাৰ উপাযুক্ত কাবেৰী বৰকাকতি শৰ্মা উপস্থিত থাকে৷

পাটাছাৰকুছিৰ কুঁৱাৰাত গৰা খহনীয়া পৰিদৰ্শন

আজি পাটাছাৰকুছিৰ ওচৰৰ কুঁৱাৰাত মদন - ৰাউতা গড়কাপ্তানি পথত কালদিয়া নদীৰ গৰা খহনীয়া পৰিদৰ্শন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ শেহতীয়া বানত অধিক ভাবুকিৰ সৃষ্টি কৰা এই পথটোৰ ওপৰেৰে পানী বাগৰি গৈছিল৷ এই সময়ছোৱাত বজালী জিলা প্ৰশাসনে নজৰ ৰাখি আছিল৷ কালিৰে পৰা পুনৰ কালদিয়াৰ পানী বাঢ়িবলৈ ধৰাত কাষৰীয়া লোকসকল অধিক শংকিত হৈ পৰিছে৷ আজি মুখ্যমন্ত্ৰীজনে নিজে আহি উক্ত স্থান পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয়৷ তেওঁ এই পৰিদৰ্শনকালত সাহিত্যিক পেঞ্চনাৰ মুনীন্দ্ৰ নাৰায়ন গোস্বামীকে ধৰি কেবাগৰাকীও স্থানীয় লোকৰ লগত বিষয়টোৰ ওপৰত আলোচনা কৰি পাটাছাৰকুছিৰ পৰাই উক্ত পথটোৰ উন্নয়নৰ আশ্বাস দিয়ে৷ উক্ত স্থানৰ খহনীয়া প্ৰতিৰোধ আৰু পথটোৰ উন্নয়নৰ বাবে এখন আঁচনি প্ৰস্তুত কৰি তৎকালীনভাৱে মুখ্যমন্ত্ৰীক দিবলৈ উপস্থিত ৰাইজৰ সন্মুখতে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীৰ লগত স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰনজিৎ কুমাৰ দাসো উপস্থিত থাকে৷

বৰপেটা-পাটবাউসী সত্ৰত বান পৰিস্থিতিৰ বুজ মুখ্যমন্ত্ৰীৰ

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ধৰ্ম-কৰ্মৰ স্থলী পাটবাউসীৰ শঙ্কৰদেৱ থান, দামোদৰদেৱ স্থাপিত আদি সত্ৰ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ স্থাপিত বৰপেটা সত্ৰত উপস্থিত হৈ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেৱা লেৱাৰ লগতে বান পৰিস্থিতিৰ বুজ লয়৷ বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক বৰপেটা সত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী৷ মুখ্যমন্ত্ৰী হোৱাৰ পিচত আজি তেওঁ পোন প্ৰথমবাৰৰ বৰপেটা সত্ৰত পদাৰ্পণ কৰে৷ শেহতীয়া বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰখনত উপস্থিত হয়৷ গায়ন-বায়নৰ দ্বাৰা ন-হাটীৰ বাটচ’ৰাৰ পৰা সত্ৰ চৌহদলৈ মুখ্যমন্ত্ৰীজনক আদৰি নিয়া হয়৷ সত্ৰত প্ৰৱেশ কৰিয়েই মঠৰ চোতাল আৰু গুৰু আসনৰ সন্মুখত আঁঠু লয় মুখ্যমন্ত্ৰীজনে৷ ইয়াৰ পাছত বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যালয়ত সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী শৰ্মা৷ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত সত্ৰখনৰ কেতবোৰ সমস্যাৰ বিষয়ে আলোচনা কৰা হয়৷ বৰপেটা সত্ৰক বান মুক্ত কৰি ৰখা, বৰপেটা সত্ৰৰ মাটিৰ খাজনা ৰেহাই দিয়া, সৰুক্ষেত্ৰী সমষ্টিৰ খাবলাৰ ভিঠা অঞ্চলত থকা বৰপেটা সত্ৰৰ মাটি বেদখলমুক্ত কৰা আদি বিষয়বোৰে বৈঠকত অগ্ৰাধিকাৰ পায়৷ পৰৱৰ্তী সময়ত পাটবাউসীৰ শ্ৰীমন্ত শংকৰদেৱ থান আৰু দামোদৰদেৱৰ সত্ৰও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ পাটবাউসীৰ দুটা আশ্ৰয় শিবিৰত উপস্থিত হৈ বানপীড়িত ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে৷ ইপিনে বৰপেটা সত্ৰকে ধৰি সমগ্ৰ বৰপেটা চহৰ বানৰ কবলত পৰাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হোৱা হাৰিজানৰ বুকু নতুনকৈ খনন কৰাৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ইয়াৰ বাবে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক তেওঁ অতি শীঘ্ৰ বৰপেটালৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে৷ ইয়াৰ পুৰ্বে বজালী জিলাৰ বান পৰিস্থিতিৰ বুজ লৈ মুখ্যমন্ত্ৰী শৰ্মাই পোনে পোনে বৰপেটা আবৰ্ত ভৱনলৈ আহি আবৰ্ত ভৱনত থকা বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাক সাক্ষাৎ কৰি তেওৰ স্বাস্থ্যৰ বুজ লয়৷  ইপিনে বৰপেটা চহৰৰ আন্তঃ গাথনি উন্নয়নৰ বাবে সচেতন নাগৰিক মঞ্চই আজি মুখ্যমন্ত্ৰীক বৰপেটা চহৰৰ বাবে এখন মাষ্টাৰ প্লেন যুগুত কৰা, চহৰৰ পৰিসীমা বৃদ্ধি কৰা, মৰানদীৰ দুয়োপাৰ সংৰক্ষণ কৰা, চহৰখনৰ পাৰ্কি স্থানৰ ব্যৱস্থা কৰা, অবৈধ দখল উচ্ছেদ কৰা, ৰামৰায় ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ কৰাকে আদি বাৰ দফীয়া এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ ইয়াৰ উপৰি অসম জাতীয় মহাসভা, বৰপেটা আঞ্চলিক ছাত্ৰ সন্থায়ো বৰপেটা চহৰৰ বিভিন্ন সমস্যা সমাধান কৰা, চহৰখনক বানমুক্ত কৰা, হাৰিজান খনন কৰা, নলা নৰ্দমা নিৰ্মাণ কৰাকে আদি কৰি বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে৷