Logo
image

নামনিত নামিছে ধল

আই নৈ, ছত্ৰং, পহুমৰাৰ তাণ্ডৱ

ছিগিছে ৰাস্তা-মথাউৰি

চাংঘৰৰ পৰা পৰি শিশুৰ মৃত্যু

আমাৰ অসম, ২৯ জুনঃ চুবুৰীয়া ভূটান আৰু অৰুণাচলত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত অসমত পুনৰবাৰ প্ৰলয়ৰ সূচনা হৈছে৷ বিশেষকৈ উত্তৰ অসম আৰু নামনি অসমত সোমবাৰে নিশাৰে পৰা হোৱা বানে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ নামানি অসমত মুখ্যমন্ত্ৰীয়ে এটা পথেদি বান পৰিদৰ্শন কৰাৰ ক্ষন্তেকৰ পাছতেই উক্ত পথটোৰ বৃহৎ অংশ বাঢ়নী পানীয়ে ছিঙি নিয়ে৷ মঙলবাৰে বজালীৰ বান পৰিস্থিতি বুজ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বজালীৰ কেন্দুগুৰি-মানস ৰাষ্ট্ৰীয় উদ্যান সংযোগী গড়কাপ্টানী পথেৰে মুখ্যমন্ত্ৰীয়ে বৃহৎ কনভয় লৈ সমগ্ৰ এলেকাটোৰ বান পৰিস্থিতিৰ বুজ লৈছিল৷ কিন্তু মুখ্যমন্ত্ৰীয়ে বান পৰিদৰ্শন কৰি উভতি অহাৰ পাছতেই মেধিকুছিত উক্ত গড়কাপ্টানী পথটোৰ কালভাৰ্ট সংলগ্ন বৃহৎ অংশ পহুমাৰা নৈৰ পানীয়ে উটুৱাই নিয়ে৷ মূল পথটোৰ বৃহৎ অংশ ৰাইজৰ চকুৰ সন্মুখতে বাঢ়নী পানীয়ে খহাই নিয়াত সমগ্ৰ এলেকাটোত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে৷ ভূটানৰ পৰা বৈ অহা পানীৰ বাবেই পহুমাৰা নৈ পানীৰে ত্ৰাসৰ সৃষ্টি কৰা বুলি ৰাইজে অভিযোগ কৰিছে৷ ইফালে ভূটানৰ পাহাৰৰ পৰা নামি অহা পানীয়ে চিৰাঙৰ মাক্ৰা নৈত এখন জেচিবি উটুৱাই নিয়ে৷ ইফালে মাক্ৰা নিৰ বাঢ়নী পানীয়ে সোমবাৰে উটুৱাই নিয়া জেবেশ্বৰ বড়ো নামৰ লোকজনৰ বৰ্তমানেও সন্ধান লাভ কৰা নাই৷ আনহাতে ভূটানৰ পানীয়ে আই নৈ কাষৰীয়া অঞ্চলতো ত্ৰাসৰ সৃষ্টি কৰিছে৷ এনেদৰে অৰুণাচলত হোৱা বৰষুণৰ বাবে উত্তৰ অসমৰ প্ৰতিখন নৈ-উপনৈৰ পানী ফেনে ফোটোকাৰে ওফন্দি উঠিছে৷ বিশ্বনাথ জিলাৰ গহপুৰত ছত্ৰং নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ লৈছে৷ বাঢ়ানী পানীত ছয় দুৱাৰ মহাবিদ্যালয় পানীত বুৰ যোৱাৰ লগতে কুকুৰাজান নৈৰ বাঢ়নী পানীয়ে গহপুৰ পৌৰসভাৰ অন্তৰ্গত চতিয়া চুকত ছিঙি নিয়ে মথাউৰি৷  সোমবাৰে নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ অঞ্চলৰ পাহাৰীয়া তিনিখন নৈ ক্ৰমে ব্ৰহ্মাজান, ছত্ৰং, বালিজান নৈৰ লগতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তাণ্ডৱ সৃষ্টি কৰিছে৷ ফলত দিক্‌বিদিক হেৰুৱাই পেলাইছে গহপুৰবাসী ৰাইজে৷ তথ্য অনুসৰি, এই বাঢ়নী পানীৰ ফলত ভোলাগুৰি, চাহ বাগিচাৰ অধিকাংশ অঞ্চলৰ লগতে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বাৰনিপথাৰ, গৰৈমাৰী, যোগিবাৰী, টেটুনবাৰীকে ধৰি বহু গাঁও এতিয়া ডুব গৈছে পানীৰ তলত৷ আনকি বাঢ়নী পানীৰ ফলত গহপুৰ মহকুমাৰ কেইবাটাও ছিঙি নিয়াৰ উপক্ৰম হৈছে৷ আনহাতে, ঘাঁহিগাঁও ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল সংযোগী যাতায়াতৰ একমাত্ৰ সম্বল টেটুনবাৰীৰ এখন লোহাৰ পুৰণি দলং বানৰ প্ৰৱল সোঁতত উটি যোৱাৰ উপক্ৰম হৈছে৷ ইফালে নাৰায়ণপুৰতো চেঁচা নদীৰ বাঢ়নী পানীয়ে শিমলুগুৰিৰ নতুন দাধৰা পানীগাঁও সংযোগী পথ বুৰাই পেলোৱাৰ লগতে পথৰ বহু অংশ ছিঙি নিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ একেদৰে ডিক্ৰং নৈৰ পানীয়েও নৈপৰীয়া অঞ্চলসমূহ বুৰাই পেলাইছে৷ ইফালে বৰষুণৰ বাবেই অৰুণাচলৰ চিয়াং নৈৰ জলস্তৰ বৃদ্ধি পোৱাত যিকোনো মুহূৰ্ততে অসমৰ কেইবাখনো জিলাত ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা কৰা হৈছে৷ উদ্বেগজনকভাৱে ৰাজ্যত বলিয়া বানত আজিও মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে৷ ধেমাজিৰ জোনাইত মঙলবাৰে বাঢ়নী পানীত সলিল সামৰি ঘটে এটি শিশুৰ৷ জোনাইৰ নাহৰ চিলে গাঁৱত চাংঘৰৰ পৰা বাঢ়নী পানীত পৰি মৃত্যু হয় মুক্তিনাথ মিলি আৰু দীপা মিলিৰ দুবছৰীয়া কন্যা সন্তানটিৰ৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত বানত মৃত্যু হৈছে পাঁচজন লোকৰ৷ কাছাৰৰ শিলচৰত মহিলাসহ তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ধুবুৰী আৰু মৰিগাঁৱত এজনকৈ লোকৰ মৃত্যু হয়৷ আনহাতে, মঙলবাৰে কাছাৰ আৰু চিৰাঙত বানে উটুৱাই নিয়ে শিশুসহ তিনিজন লোকক৷ বৰ্তমানেও লোককেইজনক সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ চৰকাৰী তথ্য মতে সম্প্ৰতি বানত বুৰ গৈ আছে ৰাজ্যৰ ২৮খন জিলাৰ ২,৩৮৯খন গাঁও৷

পুনৰ বুৰিল গহপুৰ নগৰ

নিশাৰে পৰা নেৰানেপেৰাকৈ দি থকা প্ৰবল বৰষুণৰ ফলত ছত্ৰঙৰ বানে পুনৰবাৰ বুৰাই পেলায় গহপুৰ পৌৰসভাৰ কেইবাটাও ৱাৰ্ডৰ লগতে ছয়দুৱাৰ মহাবিদ্যালয়৷ গহপুৰ মহকুমাটোৰ লগতে কাষৰীয়া অৰুণাচল পাহাৰত হোৱা তুমুল বৰষুণৰ ফলত গহপুৰ নগৰবাসীৰ বাবে অভিশাপস্বৰূপ হৈ পৰা ছত্ৰং নৈ আজি পুৱাৰ ভাগত ফেন-ফুটুকাৰে বৈ অহাৰ ফলত পূৰ্বৰ ছিঙা মথাউৰি অংশৰ লগতে পুনৰ কেইবাঠাইটো মথাউৰি ছিঙি নিয়ে৷ যোৱাটো বানত মথাউৰিৰ ছিঙা অংশ জিঅ’ বেগ দি মেৰামতি কৰিছিল যদিও সঠিকভাৱে মেৰামতি নোহোৱাত প্ৰচণ্ড সোঁতে ছিঙি-ভাঙি পেলায়৷  ছত্ৰঙৰ বাঢ়নী পানীয়ে আজি ৯ মান বজাত হঠাতে নগৰখনৰ ছয়দুৱাৰ মহাবিদ্যালয় ডুবাই পেলায়৷ অকস্মাত অহা পানীৰ মাজত আবদ্ধ হৈ পৰে আৱাসীক ছাত্ৰ-ছাত্ৰীৰ লগতে অন্যান্য ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীসকল৷ পানীৰ মাজত আবদ্ধ হৈ পৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীৰ মাজত হুৱা-দুৱা সৃষ্টি হয়৷ পাছত একাংশ ছাত্ৰই মৰণত শৰণ দি পানীৰ মাজেৰে গৈ ছাত্ৰ-ছাত্ৰী, শিক্ষকসকলক ৰাষ্ট্ৰীয় ঘাইপথলৈ লৈ আহে যদিও সেই সময়ত প্ৰশাসনৰ কোনো লোক সহায়ৰ বাবে আগবাঢ়ি নহাৰ অভিযোগ তুলিছে ছাত্ৰ-ছাত্ৰীয়ে৷ বাঢ়নী পানীৰ তীব্ৰ সোঁতৰ কৱলত পৰে মহাবিদ্যালয়খন৷  কেৱল গহপুৰ পৌৰসভাৰ তৰফৰ পৰা নগৰবাসীক নিৰাপদ স্থানলৈ স্থানান্তৰ হ’বলৈ মাইকযোগে আহ্বান জনায়৷  একেদৰে নগৰখনৰে বৈ যোৱা কুকুৰজান নৈয়ে কেইবাঠাইতো মথাউৰি ছিঙে৷ ফলত ছত্ৰং আৰু কুকুৰজান নৈয়ে নগৰখনৰ ৫, ৬, ৭, ৩, ৪আৰু ৯ নং ৱাৰ্ডৰ বহু অংশ বাঢ়নী পানীয়ে বুৰাই পেলায়৷ বিশেষকৈ কলেজ গুৰি মধ্যছত্ৰং, ছত্ৰং পাৰ, গোড়বস্তি গহপুৰ অসাময়িক চিকিৎসালয় মিলননগৰ চতিয়াচুক, টঙনাগাঁও, বড়িগাঁও, মিলনপুৰ আদিকে ধৰি বহু অঞ্চল বুৰ যায়৷ ইপিনে আজি বিয়লি সোলেঙী নৈয়ে সোণাপুৰৰ ওচৰত মথাউৰি ছিঙাৰ ফলত গোপালপুৰ আৰু ডুবিয়া গাঁও পঞ্চায়তৰ, ৰঙাজান,  শিমলুগুৰি টিঙালীবড়ি ২নং নাহৰনি, মাজগাঁও ককিলাখাৰনিজান আদি গাঁওসমূহ পানীত বুৰ যায়৷ বাঢ়নী পানী বহু পৰিয়ালৰ ঘৰৰ ভিতৰত  সোমোৱাৰ উপৰিও পথাৰৰ কঠীয়াসমূহ নষ্ট কৰাৰ লগতে বাৰীৰ শাক-পাচলি পানীত বুৰ যায়৷ তদুপৰি, গাঁওসমূহৰ বহুলোকৰ পুখুৰীত পানী সোমোৱাৰ ফলত পোহনীয়া মাছ ওলাই যোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ অন্যহাতে, ব্ৰহ্মাজান আৰু বালিজান নৈৰ মথাউৰিৰ ছিঙা অংশৰে বাঢ়নী পানী সোমাই অহাৰ ফলত ব্ৰহ্মাজান, টেটুনবাৰী, ডানীগাঁও ভোলাগুৰি আদিকে ধৰি বহু গাঁও প্লাৱিত হৈ অনিষ্টসাধন কৰে৷ একেদৰে ডুবিয়া ককিলা চেংমৰা চেঁচা নৈৰ বানে নৈ কাষৰীয়া বহু গাঁও প্লাবিত কৰাত ৰাইজৰ অৱস্থা দুৰ্বিষহ হৈ পৰিছে৷ ইপিনে ক্ৰমাগতভাৱে গহপুৰ পৌৰসভা এলেকাত ছত্ৰং নৈৰ বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰাত নগৰবাসী অতিষ্ঠ হৈ পৰাৰ লগতে বিভাগীয় মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ওপৰত ক্ষোভ ব্যক্ত কৰিছে৷

বানত ছিগিল চাউলীয়াবৰী-কেন্দুগুৰি গড়কাপ্টানি পথ

ভৱানীপুৰ বিধানসভা সমষ্টিৰ মেধিকুছি, নয়াপাৰা, চাৰালপাৰাকে ধৰি এক বৃহত্তৰ অঞ্চল আজি পুনৰ ভয়াৱহ বানত আক্ৰান্ত হৈছে৷ পহুমৰা নদীৰ মথাউৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ মেধিকুছি আৰু চাৰালপাৰা-নয়াপাৰাত পৃথকে পৃথকে বাৰদিন পূৰ্বে বিছিন্ন হোৱাৰ পাছত ভয়াৱহ তাণ্ডৱ চলোৱাত প্ৰায় দুকুৰি পৰিয়াল গৃহহীন হৈছে৷ আজিও আশ্ৰয় শিবিৰতেই আছে গৃহহীন পৰিয়ালসমূহৰ লগতে বানত ডুব গৈ থকা পৰিয়ালসমূহ৷ বিগত এটা সপ্তাহত বান পৰিস্থিতিৰ উন্নতি ঘটিছিল যদিও যোৱা নিশাৰ পৰা পুনৰ পহুমৰা নৈ ওফন্দি উঠাত বৃহত্তৰ অঞ্চলটো ভয়াৱহ বানৰ কৱলত পৰিছে৷ বানৰ কৱলত পৰা গঞা ৰাইজ আতংকিত হৈ নিজৰ বাসস্থান এৰি পলাবলগীয়া হৈছে৷ অঞ্চলটোত বাতৰি লিখা পৰলৈকে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ উল্লেখ্য যে, বানৰ কোবাল সোঁতে ভৱানীপুৰ-পাটাছাৰকুছি আৰু চাপাগুৰি বিধানসভা সমষ্টি সংযোগী চাউলীয়াবৰী-কেন্দুগুৰি অতি গুৰুত্বপূৰ্ণ গড়কাপ্টানি পথটো আজি বিয়লি বিছিন্ন হৈছে৷ উল্লেখ্য যে, কোনো বৃষ্টিপাত নোহোৱাকৈ পুনৰ পহুমৰা নদীৰ পানী ওফন্দি উঠি ভয়াৱহ বানৰ সৃষ্টি হোৱাটো ভূটানৰ বৃহৎ নদীবান্ধ কুৰিশ্বু জলবিদু্যৎ প্ৰকল্পৰ পানী এৰি দিয়াটো ধাৰণা কৰা হৈছে৷

হোজাইত বানাক্ৰান্তৰ কাষত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ৰাজ্যিক কেবিনেটৰ শেহতীয়া বৈঠকৰ সিদ্ধান্তৰ আধাৰত বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সবিশেষ বুজ ল’বলৈ মঙলবাৰে হোজাই জিলাত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত৷ স্বাস্থ্যমন্ত্ৰী মহন্তই বিয়লি প্ৰথমে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত একাধিক স্থানত শেহতীয়া বানত হোৱা ক্ষয়-ক্ষতি পৰ্যবেক্ষণ কৰে৷ তেওঁ বিয়লি ডবকাৰ ডেকেৰুৱা, নগঞাপাম আৰু যমুনামুখত বানত বিধবস্ত পথ, পথাৰ আদি পৰিদৰ্শন কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকৰ সৈতে মত বিনিময় কৰে৷ বানত বিধবস্ত যমুনামুখ-সৰুপথাৰ পথটোৰ অৱস্থা সম্পূৰ্ণ পৰিদৰ্শনৰ পাছতে স্বাস্থ্যমন্ত্ৰীজনে সন্ধিয়া যমুনামুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তথা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰও পৰিদৰ্শন কৰে৷ নিশা যমুনামুখৰ কহাৰগাঁৱত যমুনামুখ-কামপুৰ পথ তথা মঠাউৰিত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰীয়ে কপিলী নদীৰ খহনীয়া চোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে৷ ইয়াৰ পূৰ্বে মন্ত্ৰীজনে যমুনামুখ পঞ্চায়ত এলেকত যমুনাগুৰি-এৰা কপিলী নদীৰ মঠাউৰিৰ শেহতীয়া বানে খহাই নিয়া অংশও পৰিদৰ্শন কৰে৷ মঙলবাৰে হোজাইত বাহৰ পাতি স্বাস্থ্যমন্ত্ৰী মহন্তই নিশা উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰেও বৈঠকত মিলিত হৈ অতি শীঘ্ৰে জিলাখনৰ বান-ক্ষয়ক্ষতিৰ বিতং প্ৰতিবেদন যুগুতোৱাৰ বিষয়ত আলোচনা কৰে৷ মন্ত্ৰী মহন্তই বুধবাৰে জিলাখনৰ আন আন এলেকা পৰিদৰ্শন কৰি শেহতীয়া বানৰ ক্ষয়ক্ষতিৰ আভাষ লোৱাৰ লগতে ৰাজহ চক্ৰ বিষয়া, মণ্ডল আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আদিৰ লগতো বান-ক্ষয়ক্ষতিৰ বুজ ল’বলৈ বৈঠকত বহিব৷