Logo
image

অসমৰ ৰাজু দাসো ৰাষ্ট্ৰপতি প্ৰাৰ্থী

আমাৰ অসম, ২৯ জুনঃ কোন হ’ব দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি৷ এই লৈ জনতাৰ মাজত জল্পনা-কল্পনা চলি আছে যদিও দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ বাবে মন মেলিছে ৫৬জন ব্যক্তিয়ে৷ ইতিমধ্যে এনডিএৰ প্ৰাৰ্থী হিচাপে দ্ৰৌপদী মুৰ্মু আৰু বিৰোধীৰ প্ৰাৰ্থী হিচাপে যশৱন্ত সিন্‌হাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ খবৰে ব্যাপক প্ৰচাৰ লাভ কৰিছে যদিও ৰাষ্ট্ৰপতিৰ দৌৰত নামিছে অসমৰো এজন যুৱকে৷ ইয়াৰোপৰি দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপকৰ পৰা নিৰ্বাচনত পৰাজয় বৰণ কৰি লিম্‌কা বুক অৱ ৱল্ডৰ্ ৰেকৰ্ডধাৰীকে ধৰি মুঠ ৫৬জনে বৰ্তমানলৈ মনোনয়ন-পত্ৰ দাখিল কৰিছে৷ সোমবাৰে অসমৰ হাইলাকান্দি জিলাৰ ৰাজু দাস নামৰ এজন যুৱকেও ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন-পত্ৰ দাখিল কৰে৷ ইতিমধ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াই ৰাজু দাসৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰিছে৷ লক্ষণীয় বিষয় যে ৰাজু দাসে ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি চৰ্চাৰ বিষয় হৈ পৰিছিল৷ ৩০ জুনত সংসদ ভৱনৰ ৬২ নম্বৰ কোঠাত ৰাজু দাসৰ মনোনয়ন-পত্ৰ পৰীক্ষা কৰিব৷ লক্ষণীয় বিষয়টো হৈছে, ৰাষ্ট্ৰপতি পদৰ মনোনয়নৰ বাবে ৫০জন প্ৰস্তাৱক আৰু ৫০জন সমৰ্থক লাগে যদিও ৰাজু দাসৰ প্ৰস্তাৱক আৰু সমৰ্থক কোন সেয়া জানিব পৰা হোৱা নাই৷ ৰাষ্ট্ৰপতি নিৰ্বাচনত সাংসদ আৰু বিধায়ক সকলৰ ভোটাধিকাৰ আছে যদিও ৰাজু দাসে অসমৰ কোন কোন সাংসদ-বিধায়কৰ পৰা সমৰ্থন লাভ কৰিছে সেয়াও সন্দেহজনক৷ কি পৰিস্থিতিত ৰাজু দাসে ৰাষ্ট্ৰপতি হ’বৰ মন মেলিলে ই সকলোৰে বাবে সাঁথৰ হৈ পৰিছে৷ ৰাজ্যসভা সচিবালয়ত উপলব্ধ তথ্যমতে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা অন্যতম এজন প্ৰাৰ্থী হৈছে কে পদ্মৰাজন৷ দেশৰ বিভিন্ন নিৰ্বাচনত বৰ্তমানলৈ ২৩২বাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পাছতো এবাৰো জয়ৰ মুখ নেদেখা কে পদ্মৰাজেন এই বিফলতাৰ বাবে লিম্‌কা বুক অৱ ৱল্ডৰ্ ৰেকৰ্ড অৰ্জন কৰিছে৷ সেনা বাহিনীৰ কল্যাণ সংগঠনৰ সৈতে জড়িত অশোক কুমাৰ ধিৰাই, দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দয়া শংকৰ আগৰৱালায়ো মনোনয়ন দাখিল কৰিছে৷ কাইলৈ মনোনয়নৰ দাখিল প্ৰক্ৰিয়া অন্ত পৰাৰ পাছতেই ৩০ জুনত মনোনয়ন পত্ৰ পৰীক্ষা কৰিব নিৰ্বাচন আয়োগে৷ উল্লেখ্য, ১৮ জুলাইত ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ২১ জুলাইত ফলাফল ঘোষণা কৰিব৷ ২৪ জুলাইত বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল অন্ত পৰাৰ পাছতে দেশে লাভ কৰিব নতুন ৰাষ্ট্ৰপতি৷