Logo
image

পানীৰ মাজত গছৰ তলত কৰ্কট ৰোগীক কেম’থেৰাপী

কাছাৰত মানৱতাৰ সংকট

আমাৰ অসম, ২৯ জুনঃ বান সামান্য হ্ৰাস পালেও আজিও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই বৰাক৷ বিশেষকৈ শিলচৰ চহৰৰ অধিকাংশ পথ, উপ-পথ এই মুহূৰ্ততো পানীত বুৰ গৈ আছে৷ পানী নুশুকোৱাৰ বাবেই আজিও শিলচৰ চহৰৰ বাসিন্দাসকল আপোন ঘৰখনলৈ ঘূৰি আহিব পৰা নাই৷ কেৱল নাগৰিকৰ বাসগৃহই নহয়, দোকান-বজাৰ, চৰকাৰী কাৰ্যালয়, হাস্পতাল পৰ্যন্ত পানীত বুৰ গৈ আছে৷ অৱশ্যে ঠায়ে ঠায়ে পানী শুকালেও বাসগৃহ তথা কাৰ্যালয় সমূহলৈ মানুহ ঘূৰি যাব পৰা অৱস্থা হোৱা নাই৷ এক কথাত বানে আন্তঃগাঁথনি ধবংস কৰাৰ লগতে পানীত উটি অহা গেলা-পচা আৱৰ্জনাই কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছে বাসগৃহ সমূহতো৷ ইফালে চিকিৎসালয় সমূহ পানীত বুৰ গৈ থকাত ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈ বৰাকৰ সৰ্ব-সাধাৰণ লোকসকল৷ খোৱা পানীৰ সংকটত ভোগা কাছাৰত এই মুহূৰ্তত মানৱতাও যেন সংকটত৷ ইয়াৰ মাজতে ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবেই জি এম চি এইচৰ চিকিৎসক ৰক্তিম তামুলীৰ নেতৃত্বত গুৱাহাটীৰ পৰা এটা চিকিৎসকৰ দলে শিলচৰত মঙলবাৰৰে পৰা চিকিৎসা সেৱা আৰম্ভ কৰিছে৷ ইফালে প্ৰলয়ংকাৰী বানত কাছাৰৰ নৱনিৰ্মিত কৰ্কট হাস্পতাল আৰু গৱেষণা কেন্দ্ৰটো বুৰ গৈ থকাত কৰ্কট ৰোগীসকল ভয়ংকৰ দুৰ্যোগৰ মুখত পৰিছে৷ আনকি একাংশ কৰ্কট ৰোগীয়ে সময় মতে কেম’থেৰাপী লাভ নকৰাত স্বাস্থ্যৰ অৱস্থা সূচনীয় হৈ পৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত ৰোগীৰ স্বাস্থ্যৰ কথা চিন্তা কৰি হাস্পতালখনৰ সঞ্চালক ডাঃ ৰবি খান্নাই পথৰ কাষত গছৰ তলত ৰোগীক কেম’থেৰাপী দিয়াৰ ব্যৱস্থা কৰিছে৷ এগৰাকী মহিলা ৰোগীক মুকলি ঠাইত এখন চকীত বহুৱাই কেম’থেৰাপী দি থকা দৃশ্যই ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ আনকি গছৰ তলত কেম’ দিয়া দৃশ্যই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো স্থান পাইছে৷ ইফালে কৰ্কট ৰোগীসকলক যাতে চিকিৎসা দিব পাৰে তাৰ বাবে ৰাবাৰ বোট আৰু লাইফ জেকেটৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে চিকিৎসালয় কতৃৰ্পক্ষই৷  এই সন্দৰ্ভত কৰ্কট হাস্পতালৰ সঞ্চালক ডাঃ খান্নাই কয়–‘কেম’থেৰাপী আৰু প্ৰাৰম্ভিক ৰোগ নিৰ্ণয়ৰ দৰে বাহিৰত কৰিব পৰা প্ৰক্ৰিয়াবোৰ আমি পথৰ ওপৰতে কৰি আছো, য’ত পানী কাম পৰিমাণে জমা হৈ আছে৷ যদি কোনো ৰোগীৰ জৰুৰীকালীন অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয় আমি সেইবোৰো কৰি আছো, কিন্তু এনাস্থেতিয়াৰ বাবে প্ৰয়োজনীয় নাইট্ৰাছ গেছৰ অভাৱৰ বাবে আমি সামগ্ৰিক সংখ্যা হ্ৰাস কৰিছো৷’ ইফালে শিলচৰৰ বান পৰিস্থিতি নিৰীক্ষণৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বাহৰ পতাৰ লগতে চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন আৰু এন এইচ এমৰ সঞ্চালক ডাঃ লক্ষী প্ৰিয়াইও শিলচৰত বাহৰ পাতিছে নাগৰিকৰ চিকিৎসা নিশ্চিত কৰিছে৷

বেটুকান্দি মথাউৰি কটাসকলক দিয়া হ’ব কঠোৰতম শাস্তিঃ জয়ন্তমল্ল বৰুৱা

বেটুকান্দি মথাউৰি কটাৰ লগত জড়িতসকলক দিয়া হ’ব কঠোৰতম শাস্তি৷ আইন অনুসৰি, অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ কাকো ৰেহাই দিয়া নহ’ব৷ মঙলবাৰে শিলচৰত উপস্থিত হৈ ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী, দক্ষতা নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই হুংকাৰ দিয়ে৷ তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযুক্তসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে৷ অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ শাস্তি দিয়া হ’ব৷ মথাউৰিটোৰ ক্ষতিসাধনৰ সন্দৰ্ভত কোনো জিলা প্ৰশাসনৰ বিষয়া জড়িত আছে নেকি বুলি সোধাত মন্ত্ৰীজনে কয় যে, বিষয়টো তদন্ত কৰি প্ৰশাসনৰ বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব যদিহে একেখিনিতে জড়িত থকা দেখা যায়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বান পৰিস্থিতিৰ বুজ ল’বলৈ শিলচৰত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷ তেওঁ কয়, মথাউৰি কটাৰ সৈতে জড়িতসকলক আইন অনুসৰি শাস্তি যে দিয়া হ’ব সেয়া খাটাং৷ কিন্তু এতিয়া প্ৰধান কাম হ’ল দুৰ্যোগ মোকাবিলা কৰা৷ ৰাইজক দুৰ্যোগৰ পৰা উদ্ধাৰ কৰা৷ তেওঁ কয়, পোনতে বান পৰিস্থিতিৰ বুজ লয় তেওঁ৷ তেওঁ কয় যে, বেটুকান্দি বান্ধৰ মেৰামতিৰ কাম ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে৷  ৰিং নিৰ্মাণ কৰি মথাউৰিটো মেৰামতি কৰি থকা বুলিও তেওঁ জানিবলৈ দিয়ে৷ শিলচৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনকে ধৰি সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰীজনে৷ সভাত সাংসদ ড॰ ৰাজদ্বীপ ৰায়, বিধায়ক কৌশিক ৰায়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক মিহিৰ কান্তি সোম, জিলা উপায়ুক্ত কীৰ্তি জল্লী, জিলা পৰিষদৰ সভাপতি অমিতাভ ৰায়, মুখ্য কাৰ্যবাহী বিষয়াসহ বিভিন্ন বিভাগৰ বিষয়া উপস্থিত আছিল৷ এই বৈঠকত মন্ত্ৰী বৰুৱাই বিভিন্ন লাইন বিভাগৰ বিষয়াসকলক বানপীড়িত লোকসকলক সাহায্য সামগ্ৰী প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে৷  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমতে মন্ত্ৰীজনে স্বাস্থ্য বিভাগক এই সংকটৰ সময়ত স্বাস্থ্য শিবিৰ আয়োজন কৰা আৰু জিলাখনৰ বিভিন্ন প্ৰান্তলৈ নাগৰিকক ঔষধ, শিশু খাদ্য যোগান ধৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে৷ মন্ত্ৰী বৰুৱাই পি এইচ ই বিভাগক নিৰ্দেশ দিয়ে যাতে মানুহে খোৱাপানী পায় তাৰ বাবে হেণ্ডপাম্প স্থাপন কৰাৰ লগতে বিশেষকৈ গ্ৰামাঞ্চলত সাহায্য শিবিৰৰ ওচৰত ৰাজহুৱা শৌচাগাৰ স্থাপন কৰে৷  মানুহৰ সুবিধাৰ বাবে৷  বানপীড়িত স্থানসমূহত পানী বিশুদ্ধকৰণৰ পেকেট আৰু ক্ল’ৰিন টেবলেট পৰ্যাপ্ত পৰিমাণে বিতৰণ কৰিব লাগিব বুলি মন্ত্ৰীজনে নিৰ্দেশ দিয়ে৷ লগতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডক বানৰ পানী কমি যোৱা আৰু পৰিস্থিতিৰ উন্নতি হোৱা অঞ্চলসমূহত বিদু্যৎ পুনৰুদ্ধাৰৰ বাবে নিৰ্দেশ দিয়ে৷  লগতে দুজন বিষয়া- বিক্ৰম কৈৰী [যিজনে বানৰ সৈতে জড়িত কাম-কাজ তদাৰক কৰাৰ দায়িত্বত আছে গ্ৰামাঞ্চলৰ দায়িত্বত আছে] আৰু ৰাণাদীপ বান্ধক [যিজনে চহৰ অঞ্চলৰ দায়িত্বত আছে] সাহায্য সামগ্ৰীসমূহ সঠিকভাৱে ৰাইজক যোগান ধৰাটো নিশ্চিত কৰিবলৈ মন্ত্ৰীজনে নিৰ্দেশ দিয়ে৷ মন্ত্ৰীজনে লগতে জিলা প্ৰশাসনৰ বিষয়াসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশনাসমূহ মানি চলিবলৈ আৰু বান-সংক্ৰান্তিয় সমস্যাসমূহ যুদ্ধৰ ভিত্তিত সমাধানৰ বাবে যাৱতীয় সকলো কাম কৰিবলৈ নিৰ্দেশ দিয়ে৷  বৈঠকৰ অন্তত মন্ত্ৰী বৰুৱাই সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি চৰকাৰে অতি সোনকালে সংকট সমাধানৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে বুলি আশ্বাস দিয়ে৷ পৰ্যালোচনা বৈঠকৰ অন্তত মন্ত্ৰীজনে বানপীড়িত অঞ্চলসমূহো পৰিদৰ্শন কৰে৷ সাংবাদিকৰ মুখামুখি হৈ তেওঁ কয় যে, বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ বানাক্ৰান্তসকলৰ মাজত পৰ্যাপ্ত পৰিমাণৰ সাহায্য সামগ্ৰী বিতৰণ কৰা হ’ব৷  এইক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গাফিলতি নকৰে৷  বানাক্ৰান্ত অঞ্চললৈ চৰকাৰী সাহায্য সামগ্ৰী, পশুখাদ্য আদি পঠিয়াবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে৷ গুৱাহাটীৰ জ্যেষ্ঠ বিষয়াসকলক উদ্ধাৰ আৰু সাহায্য বিতৰণৰ দায়িত্ব দিয়া হৈছে৷ খোৱাপানী আৰু বিদ্যুৎ সৰবৰাহ ক্ষিপ্ৰতাৰে কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে৷ তেওঁ কয়, এয়া এক অভূতপূৰ্ব সংকট আৰু এই স্থানত এনেধৰণৰ বিধবংসী বান আগতে দেখা পোৱা নাই৷  বিষয়াসকলে সঁচাকৈয়ে স্থলভাগত কঠোৰ পৰিশ্ৰম কৰি আছে যদিও সংকটৰ কাৰ্যক্ষম আৰু সূচাৰুৰূপে মোকাবিলা কৰাটো নিশ্চিত কৰিবলৈ কিছুমান ভুল সংশোধন কৰাৰ প্ৰয়োজন আছে৷