Logo
image

বৰক্ষেত্ৰীত লুইতত জাহ গ’ল দুমহলীয়া থানা

আমাৰ অসম, ২৯ জুনঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ভাংনামাৰী আৰক্ষী থানাৰ আৰ চি চি বিল্ডিং সোমবাৰে সন্ধিয়া ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত তাচপাতৰ ঘৰৰ দৰে খহি পৰে৷ প্ৰতিবছৰে বানৰ ফলত বৃহত্তৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি, সৰ্বসাধাৰণ লোকৰ বাসস্থানৰ উপৰিও বিদ্যালয়কে আদি কৰি বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান বানৰ বাবে নিঃচিহ্ন হৈ আহিছে৷ চৰকাৰ তথা প্ৰশাসনৰ আমনোযোগীতাৰ ফলতেই বৃহৎ পৰিমাণৰ চৰকাৰী ধন খৰচ কৰি নিৰ্মাণ  কৰি অহা বিভিন্ন চৰকাৰী বিদ্যালয়, চিকিৎসালয়ৰ লগতে আৰক্ষী থানাৰ ভৱনো খহনীয়াৰ কৱলত পৰিছে৷ যাৰ ফলত বৃহৎ বৃহৎ অনুদানেৰে নিৰ্মাণ কৰা এই গৃহসমূহৰ লগতে চৰকাৰী ধনসমূহো অপচয় হৈছে৷ ভাংনামাৰী আৰক্ষী থানাৰ বাবে ২০১৮ চনত নিৰ্মাণ কৰা এটি তিনি মহলীয়া অট্টালিকা সোমবাৰে সন্ধিয়া ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত তাচপাতৰ ঘৰৰ দৰে খহি পৰে৷ স্থানীয় ৰাইজে বছৰ বছৰ ধৰি প্ৰশাসন তথা মন্ত্ৰী-বিধায়কক খহনীয়া ৰোধ কৰি চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ ৰক্ষা কৰাৰ বাবে স্থায়ী বান্ধৰ দাবী কৰি আহিছিল যদিও ৰজাঘৰীয়াই কোনো উচিত পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে৷ সময়ে সময়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা বৃহত্তৰ চৰাঞ্চলৰ খহনীয়া ৰোধৰ বাবে আঁচনি প্ৰস্তুত কৰি বান্ধ নিৰ্মাণ কৰি আহিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলিও ব্যক্ত কৰে৷