Logo
image

মহাৰাষ্ট্ৰ উত্তপ্ত! দিল্লী হৈ মুম্বাইলৈ একনাথ

আমাৰ অসম, ২৯ জুনঃ উচ্ছতম ন্যায়ালয়ে কমেও এপষেকৰ বাবে মুকলিমুৰীয়াভাৱে থাকিব পৰাকৈ সকাহ দিয়াৰ পাছত উদ্ধৱ থাকৰে নেতৃত্বাধীন মহাবিকাশ আঘাড়ী চৰকাৰখনক বিষম আঘাত দিয়াৰ লক্ষ্যৰে মঙলবাৰে বিসম্বাদী নায়ক একনাথ সিন্দে নতুন দিল্লী হৈ মুম্বাইলৈ ৰাওনা হৈছে৷ নতুন দিল্লীত একনাথ সিন্দেই মঙলবাৰে নিশা প্ৰায় গোপনে বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাত কৰিব৷ ইপিনে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শীৰ্ষ বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিশে মঙলবাৰে দিল্লীত  হৈ দিনৰ ভাগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাক সাক্ষাত কৰে৷ দুয়োৰে সাক্ষাতত মহাৰাষ্ট্ৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বিশদ আলোচনা হয় আৰু মহাৰাষ্ট্ৰৰ ক্ষমতা দখল কৰাৰ বাবে বিজেপিৰ ৰনকৌশল সন্দৰ্ভত দুয়ো মন্ত্ৰণা কৰে৷ বিজেপিৰ নতুন দিল্লীৰ এটা শীৰ্ষস্থানীয় সূত্ৰই জনোৱা অনুসৰি গুৱাহাটীৰ পৰা মুম্বাই অভিমুখে ৰাওনা হোৱা বুলি জনোৱা শিৱসেনাৰ বিসম্বাদী বিধায়কৰ নেতা একনাথ সিন্দে প্ৰথমেই গৈ দিল্লীত উপস্থিত হৈছে৷ একনাথ সিন্দেই মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজেপিৰ নেতা দেৱেন্দ্ৰ ফাড়নাবিশক ইতিমধ্যে সাক্ষাৎ কৰিছে আৰু তেওঁ ফাড়নবিশৰ সৈতে একেলগে গৈ বিজেপিৰ শীৰ্ষ নেতৃত্বক দিল্লীত সাক্ষাত কৰিব৷ কোৱা বাহুল্য মাঁথো, একনাথ সিন্দেৰ দিল্লী অভিযান সম্পূৰ্ণ গোপনে ৰখা হৈছে৷ তেওঁ বুধবাৰেহে মুম্বাইত উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷ বিজেপিৰ শীৰ্ষ সূত্ৰটোৱে জনোৱা অনুসৰি একনাথ সিন্দেই ফাড়নাবিশৰ সৈতে গোপনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আৰু প্ৰয়োজনবোধে গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰি তেওঁলোকৰ  পৰৱৰ্তী ৰণকৌশল থিৰাং কৰিব৷ উল্লেখ্য, সোমবাৰে উচ্ছতম ন্যায়ালয়ে সিন্দে বাহিনীক অহা ১২ জুলাইলৈকে তেওঁলোকক অৰ্হতাহীন কৰাৰ বাবে বিধানসভাৰ উপাধ্যক্ষই প্ৰেৰণ কৰা জাননীৰ উত্তৰ দিব নালাগে বুলি নিৰ্দেশ দিয়াত এতিয়া অহা এপষেকলৈ বিসম্বাদী বাহিনী নিশ্চিন্তমনে আছে৷

বিজেপিয়ে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটত এতিয়ালৈকে প্ৰত্যক্ষভাৱে লেটি লোৱা নাই৷ অৱশ্যে সোমবাৰে দেৱেন্দ্ৰ ফাড়নাবিশৰ নেতৃত্বত মহাৰাষ্ট্ৰ বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকৰ পাছত বিজেপিয়ে বিসম্বাদী শিৱসেনাৰ বিধায়কৰ পৰা সমৰ্থনৰ আহ্বান আহিলে সঁহাৰি জনাব বুলি মন্তব্য কৰিছে৷ ইপিনে, মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰী ক’ভিডমুক্ত হৈ তৎপৰ হৈ পৰিছে৷ তেওঁ উদ্ধৱ থাকৰে চৰকাৰৰ পৰা যোৱা ২২-২৪ জুনৰ ভিতৰত দিয়া সকলো চৰকাৰী নিৰ্দেশনাৰ প্ৰতিলিপি তেওঁলৈ পঠিয়াবলৈ নিৰ্দেশ দিছে৷ ইপিনে, একনাথ সিন্দে আৰু বিজেপি কোনেও মহাৰাষ্ট্ৰৰ বিধানসভাৰ আস্থাভোটৰ বাবে দাবী নকৰে বুলি জানিব পৰা গৈছে৷ মহাৰাষ্ট্ৰৰ বিজেপিৰ এটা সূত্ৰই জনোৱা অনুসৰি প্ৰহাৰ জনশক্তিৰ পাৰ্টীৰ বিধায়ক তথা থাকৰেৰ মন্ত্ৰীসভাৰ মন্ত্ৰী ওমপ্ৰকাশ বাবুৰাও কাডু ওৰফে বাচ্ছুৱে ৰাজ্যপালৰ ওচৰত আস্থা ভোটৰ দাবী উত্থাপন কৰিব৷ তেওঁ থাকৰে মন্ত্ৰীসভাৰ মন্ত্ৰী হ’লেও এতিয়া একনাথ সিন্দেৰ শিবিৰলৈ সমৰ্থন সলনি কৰিছে৷ একেলগে তেওঁ বিজেপিৰ সৈতেও সম্পৰ্ক অক্ষুণ্ণ ৰাখিছে৷ বিজেপিয়ে আস্থা ভোট বিচাৰি বদনাম গোটাব বিচৰা নাই৷ সেয়ে ওমপ্ৰকাশ বাবুৰাওৰ জৰিয়তে তেওঁলোকে আস্থা ভোট বিচাৰি মহাৰাষ্ট্ৰৰ বিধানসভাত থাকৰেৰ চৰকাৰক শলঠেকত পেলোৱাৰ ফন্দি কৰিছে৷ সম্ভৱত বুধবাৰে ৰাজ্যপালৰ ওচৰত আস্থা ভোটৰ দাবী জনাব প্ৰহাৰ জনশক্তিৰ পাৰ্টীৰ ওমপ্ৰকাশ বাবুৰাও কাডুৱে৷ ইতিমধ্যে বিসম্বাদী সিন্দেও গৈ মুম্বাইত উপস্থিত হ’ব৷