Logo
image

বন্দুক লৈ গুলী মাৰি মাৰি হাতী খেদিলে বিধায়ক পদ্মই

আমাৰ অসম, ২৯ জুনঃ ৰাজ্যত হাতী-মানুহৰ সংঘাটে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ শেহতীয়াভাৱে শোণিতপুৰৰ বালিপৰাত হাতী-মানুহৰ সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰিছে৷ বালিপৰাত মঙলবাৰে পুৱতি নিশা হাতীৰ গচকত মৃত্যু হয় চাৰিদুৱাৰৰ মোলান গাঁৱৰ এজন লোকৰ৷ মঙলবাৰে পুৱতি নিশা এটা হাতী বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি উৎপাত চলোৱাৰ বিষয়ে অৱগত কৰোৱাৰ পাছতো ঘটনাটোক গুৰুত্ব দিয়া নাছিল বন বিভাগৰ লোকে৷ পিছত এই বিষয়ে স্থানীয় বিধায়ক পদ্ম হাজৰিকাক খবৰ দিয়াত হাতত বন্দুকলৈ তেওঁ উক্ত স্থানত উপস্থিত হয়৷ স্থানীয় লোকৰ সহযোগত বিধায়ক হাজৰিকাই হাতত বন্দুক লৈ গুলী মাৰি মাৰি খেদি পঠিয়ায় উন্মাদ হাতীটোক৷ উল্লেখ্য যে পুৱতি নিশা বনাঞ্চলৰ পৰা হাতীটো ওলাই আহি প্ৰথমে জেওৰা ভাঙি বাৰীত প্ৰৱেশ কৰে৷ সেই সময়ত লোকজনে বাহিৰলৈ ওলাই আহি কি হৈছে চাবলৈ ধৰোতে হাতীটো দৌৰি আহি লোকজনক আক্ৰমণ কৰাত লোকজনৰ থিতাতে মৃত্যু হয়৷ মৃত্যু হোৱা লোকজনৰ নাম মাতিয়াছ বাৰ্জ [৬৫]৷ প্ৰথমে ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ ঘটনাস্থলীত উপস্থিত হোৱা নাছিল বন বিভাগৰ দল৷ এই লৈ গাঁওবাসীৰ ৰাইজ ক্ষোভিত হৈ পৰে৷ হাতীটোৱে কেইবাটিও ঘৰ ভাঙি লণ্ড ভণ্ড কৰে৷ বিধায়ক হাজৰিকাই নিজে হাতত বন্দুক লৈ হাতী খেদাৰ উপৰি অঞ্চলটো বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা বচাবলৈ তেওঁৰ ৰামু নামৰ হাতীটোৰ উপৰি নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ হাতীৰ জাক খেদি হ’লেও ৰাইজক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা হ’ব বুলি বিধায়কজনে প্ৰকাশ কৰে৷

গোসাঁইগাঁৱত হাতীৰ পৰা পৰিত্ৰাণ পাবলৈ বন বিভাগৰ পূজা-অৰ্চনা

গোসাঁইগাঁও মহকুমাৰ সত্যপুৰ অঞ্চলত বিগত কিছুদিন ধৰি বন্যহস্তীৰ জাকে অত্যাচাৰ চলাই আহিছে৷ বন্যহস্তীয়ে গোসাঁইগাঁও মহকুমাৰ অধীনস্থ তথা পৰ্বতঝোৰা বন সংমণ্ডলৰ বৰবাধা ৰেঞ্জৰ সত্যপুৰ, বৰবিল গাঁৱত একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ বনাঞ্চলৰ পৰা ওলাই অহা হাতীয়ে বৰবিল গাঁৱত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভাঙি তহলিং কৰে৷ জনবসতিপূৰ্ণ অঞ্চলত প্ৰায় ১৫- ১৬ দিন ধৰি হাতীয়ে উপদ্ৰব কৰি অহাই নহয় সন্ধিয়া হ’লে বনাঞ্চলৰ ওলাই আহে খাদ্যৰ সন্ধানত৷ হাতীয়ে উক্ত অঞ্চলৰ প্ৰায় ২৫টা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি বিধবস্ত কৰাৰ লগতে ধান, চাউল আৰু অন্যান্য সামগ্ৰী খাই তচ-নচ কৰে৷ প্ৰতি নিশাই হাতীয়ে উপদ্ৰব চলাই অহাত গাঁওবাসীৰ লগতে বন বিভাগে বিৰক্ত হৈ পৰিছে৷ গাঁওবাসীৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে বন বিভাগে সাহায্য প্ৰদান কৰিছে যদিও হাতীৰ উপদ্ৰব হ্ৰাস পোৱা নাই৷ যাৰ ফলত আজি বৰবাধা ৰেঞ্জৰ বন বিষয়া, কৰ্মী, সত্যপুৰ, বৰবিল গাঁৱৰ ৰাইজে হাতীৰ উপদ্ৰবৰ পৰা পৰিত্ৰাণ পাবলৈ আজি বিয়লি বৰবিল গাঁৱত গণেশ দেৱতাক পূজা আগবঢ়াই সেৱা জনায়৷ পুনৰায় গাঁওসমূহত হাতীয়ে যাতে ৰাইজৰ ক্ষতিসাধন কৰিব নোৱাৰে তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়৷