Logo
image

ৰাতিৰ হিন্দুত্ব পুৱা নিৰুদ্দেশ

আমাৰ অসম, ২৯ জুনঃ মহাৰাষ্ট্ৰৰ শাসকীয় শিৱসেনা, এন চি পি, কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি শিৱসেনাৰ বিসম্বাদী গোটৰ নেতা একনাথ সিন্দেৰ নেতৃত্বত প্ৰায় দুকুৰিকে ধৰি নিৰ্দলীয় কেবাগৰাকী বিধায়কে ২২ জুনৰ পৰা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত বাহৰ পাতি আছে৷ ফলত গুৱাহাটী মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাত দেশী-বিদেশী সংবাদ মাধ্যমৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ এনে পৰিস্থিতিত এতিয়া নিশাৰ ভিতৰতে গুৱাহাটী মহানগৰীত হিন্দুত্বৰ ধবজা দেখা গৈছে আৰু পুৱা হৈ পৰিছে নিৰুদ্দেশ৷ কিয়নো নিশাই সিন্দেৰ সমৰ্থকে হোটেলৰ আশে-পাশে তেওঁলোকৰ সমৰ্থনত হ’ৰ্ডিং আঁৰিছে, য’ত হিন্দুত্বৰ সপক্ষে লিখা আছে শ্লোগান৷ কোনে এই হ’ৰ্ডিং লগাইছে সেয়া কোনেও নাজানে৷ হিন্দুত্বৰ শ্লোগান থকা সেই হ’ৰ্ডিং পিছদিনা নোহোৱা হৈ গৈছে৷ তাৰ ঠাইত লাগিছে সিন্দেবাহিনীৰ বিৰুদ্ধে আন হ’ৰ্ডিং৷ স্থান ভিন্ন হ’লেও একেখন মহানগৰীতে উভয় পক্ষৰ বাৰ্তাবাহী হ’ৰ্ডিঙে স্থান লোৱাত  হোটেলৰ ভিতৰৰ যুঁজ বাহিৰলৈ ওলাই আহিছে৷ ইফালে গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ মূল অভিকেন্দ্ৰ হৈ পৰাত অসমতো বাদেই সমগ্ৰ দেশৰে সংবাদ  মাধ্যমত চৰ্চা হৈ পৰিছে ৰেডিছন ব্লু৷ ইফালে দিন যোৱাৰ লগে লগে বিদ্ৰোহী বিধায়কৰ সংখ্যা বৃদ্ধি পোৱাত সমগ্ৰ হোটেলখনৰে কোঠা বিদ্ৰোহী বিধায়কৰ বাবে শেহতীয়াকৈ ৪ জুলাইলৈ বুকিং কৰা হৈছে৷ সমান্তৰালভাৱে ২২ জুনৰ  পৰা হোটেলখনত সংবাদ মাধ্যমৰ লোকৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ কৰা হৈছে৷ হোটেলৰ মূল প্ৰৱেশদ্বাৰত এতিয়া দিনে-নিশাই দেখা যায় কেৱল দেশী-বিদেশী সংবাদ মাধ্যমৰ শতাধিক সংবাদকৰ্মী আৰু আৰক্ষী চি আৰ পি এফকে ধৰি সমসংখ্যক নিৰাপত্তাৰক্ষী৷ অৱশ্যে ২৪ জুনৰ পৰা হোটেল কতৃৰ্পক্ষই কোনো অদৃশ্য শক্তিৰ আিৰ্থক সাহাৰ্যত হোটেলৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত সাংবাদিকৰ বাবে খোৱাৰ ব্যৱস্থা কৰাৰ লগতে বৃহৎ টেণ্ট স্থাপন কৰি একেলগে যাতে প্ৰায় ৪০/৫০ জনমান সংবাদ মাধ্যমৰ লোক বহিব পাৰে  তাৰো ব্যৱস্থা কৰা হৈছে৷ লক্ষ্যণীয় যে হোটেলখনৰ সন্মুখত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ সুযোগ লৈ মূল প্ৰৱেশদ্বাৰৰ আশে-পাশে অস্থায়ীভাৱে গঢ়ি উঠিছে চাহ চৰবত, তামোল, পাণকে ধৰি কেবাখনো দোকান-পোহাৰ৷ অৱশ্যে দোকানৰ গ্ৰাহকৰ সৰহ সংখ্যকেই সংবাদকৰ্মী আৰু নিৰাপত্তাৰক্ষী৷ বাহিৰত থকা সংবাদকৰ্মী তথা সাংবাদিকসকল ২৪ ঘণ্টাই উৎকণ্ঠিত হৈ আছে,  জানোচা হোটেলখনত আশ্ৰয় লৈ থকা বিধায়ক বা তেওঁলোকৰ নেতা একনাথ সিন্দেৰ পৰা কিবা চৰকাৰ ভঙা-পতাৰ খবৰ আহেই৷ জানিব পৰা মতে মহাৰাষ্ট্ৰকে ধৰি বাহিৰৰ পৰা সংবাদ মাধ্যমৰ লোকসকলৰ বেছিভাগেই বাহৰ পাতিছে হোটেল ৰেডিছনৰ পৰা প্ৰায় ৭ কিলো মিটাৰ নিলগৰ বেতকুছিস্থিত হোটেল ভাৰ্গৱত৷ তাত তেওঁলোকৰ থকা-খোৱাৰ কোনো ব্যৱস্থা কৰিছে তাক জানিব পৰা হোৱা নাই৷ ইফালে, মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ হোটেল ৰেডিছন ব্লুত এসপ্তাহ ধৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকাৰ মাজতে সোমবাৰৰ  পৰা বিদ্ৰোহী নেতা একনাথ সিন্দেৰ সমৰ্থন, বিৰোধীতাত গুৱাহাটীত আৰম্ভ হৈছে বেনাৰ, হ’ৰ্ডিং, স্থাপনৰ ৰাজনীতি৷ হোটেল ৰেডিছন ব্লুৰ পৰা  প্ৰায় আধা কিঃ মিঃ দূৰত্বত তেতেলীয়া সংযোগী পথৰ দাঁতিৰ সমীপত মঙলবাৰে পুৱা একনাথ সিন্দেৰ সমৰ্থনত স্থাপন কৰা আৰু হিন্দী ভাষাত লিখা এখন বৃহৎ হৰ্ডিং প্ৰত্যক্ষ কৰা হয়৷ খবৰটো ৰাজহুৱা হৈ পৰাৰ পাছতেই ৰেডিছন ব্লুৰ সন্মুখত বাহৰ পাতি থকা সংবাদ মাধ্যমৰ লোকসকল বৰষুণক নেওচিও তালৈ দৌৰ মাৰে আৰু ফটো তোলাত ব্যস্ত হয়৷ হিন্দী ভাষাত লিখা হ’ৰ্ডিংখনত শিৱসেনাৰ প্ৰতিষ্ঠাপক বাল ঠাকৰে, আৰু একনাথ সিন্দেৰ আদৰ্শ ৰাজনীতিক তথা শিৱসেনাৰ প্ৰয়াত নতা আনন্দ দীগেৰ ফটো সম্বলিত কৰা হৈছে৷ আনহাতে, ব’ৰ্ডখনত সিন্দে চাহাব হ’ম আপকে সাথ হে’৷ অৱশ্যে হৰ্ডিংখনক লৈ চৰ্চা হৈ থকাৰ মাজতে  পুৱা ১০.৩০ মান বজাত হৰ্ডিংখনৰ গৰাকী নীড নামৰ বিজ্ঞাপন কোম্পানীটোৰ কৰ্মচাৰী আহি হৰ্ডিংখন আঁতৰাই পলায়৷ সন্দেহ কৰা মতে সামবাৰে নিশা আন্ধাৰৰ সুযোগ লৈ কোনোৱে হ’ৰ্ডিংখন তাত স্থাপন কৰিছিল৷ অৰ্থাৎ দেশৰ ৰাজনীতিৰ অন্যতম চৰ্চাত থকা মহাৰাষ্ট্ৰৰ বিদ্ৰোহী তথা বিসম্বাদী বিধায়কৰ নতা একনাথ সিন্দেৰ সমৰ্থনত নিশা স্থাপন কৰা হৰ্ডিংখন পুৱাৰ ভাগত আঁতৰ কৰা বিষয়টোক বহুতেই ৰাতিৰ হিন্দুত্ব পূৱা নিৰুদ্ধেশ বুলি অভিহিত কৰিছে৷ ইফালে, বিয়লিৰ ভাগত ৰেডিছন ব্লুৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ লংকেশ্বৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৰ্তমানৰ মহাৰাষ্ট্ৰ চৰকাৰৰ অন্যতম অংশীদাৰী দল এন চি পিৰ যুৱ শাখা ৰাষ্ট্ৰবাদী যুৱক কংগ্ৰেছে একনাথ সিন্দেক  চৰম বিশ্বাসঘাটক আখ্যা দি হিন্দী ভাষাত লিখা কেবাখনো বৃহৎ বেনাৰ স্থাপন কৰে৷ বেনাৰসমূহত একনাথ সিন্দেক সাহস যদি মুম্বাই বা মহাৰাষ্ট্ৰলৈ আহি ৰাজনীতি কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হৈছে৷ গাড্ডাৰ বুলি অভিহিত কৰা আটাইকেইখন হ’ৰ্ডিঙতে একনাথ সিন্দেক কিবা কথা থাকিলে মহাৰাষ্ট্ৰৰ বীৰভূমিত আহিবলৈ আহ্বান জনোৱা হৈছে৷ মুঠৰ ওপৰত হোটেল ৰাজনীতিৰ সমান্তৰালভাৱে গুৱাহাটীত চলিছে এতিয়া একনাথ সিন্দেৰ সমৰ্থন বিৰোধীতাত হ’ৰ্ডিং, বেনাৰৰ ৰাজনীতি৷ জানিব পৰা মতে ৰেডিছন ব্লুত মঙলবাৰে সন্ধিয়া পৰ্যন্ত মহাৰাষ্ট্ৰৰ ৪৮ জন বিধায়কে বাহৰ পাতি আছে৷ ইয়াৰে ৩৯ জন শিৱসেনাৰ বিসম্বাদী গোটৰ আৰু ৯ জন নিৰ্দলীয়৷