Logo
image

অসমৰ বানাক্ৰান্তৰ বাবে ধন সংগ্ৰহ মুম্বাইৰ জনপ্ৰিয় শিল্পীৰ

আমাৰ অসম, ৩০ জুনঃ অসমত প্ৰলয়ৰ সৃষ্টিকাৰী বানত ক্ষতিগ্ৰস্ত লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন৷ বলীউডৰ শিল্পী-পৰিচালকৰ পৰা আৰম্ভ কৰি পুঁজিপতি উদ্যোগীলৈ বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে বন্যাৰ্তক৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ আহ্বানমৰ্মে বিভিন্নজনে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ধন আগবঢ়ালেও বহুতে আকৌ স্ব-ইচ্ছাৰে বিপদৰ সময়ত অসমবাসীৰ কাষত থিয় দিছে৷ আনকি চুবুৰীয়া মণিপুৰ আৰু মিজোৰাম চৰকাৰৰ ফালৰ পৰাও বান সাহায্য আগবঢ়োৱাৰ লগতে ব্যক্তি বিশেষে নিজা প্ৰচেষ্টাৰেও বানপীড়িতক সহায়-সহযোগিতাৰ বাবে আগবাঢ়ি আহিছে৷ অসমবাসীক বিপদৰ সময়ত সহায়ৰ বাবে জনপ্ৰিয় ষ্টেণ্ডআপ কমেডিয়ান অভিনীত মিশ্ৰই মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে৷ বানবিধবস্ত অসমৰ ৰাইজক সহায় কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে মুম্বাইৰ ষ্টেণ্ডআপ কমেডিয়ান অভিনীত মিশ্ৰই৷ শিল্পীজনে শেহতীয়াকৈ বেংগালুৰুত দুটাকৈ অনুষ্ঠান প্ৰদৰ্শন কৰি দৰ্শকৰ টিকটৰ পৰা লাভ কৰা ধন অসমৰ বান সাহায্য হিচাপে দান কৰিছে৷ তদুপৰি মিশ্ৰই ছ’চিয়েল মিডিয়াযোগে ক্ৰাউডফাণ্ডিং অভিযান আৰম্ভ কৰিছে৷ শুভকাংক্ষীৰ পৰা ১০ লাখ টকা বান সাহায্য সংগ্ৰহৰ লক্ষ্য লৈছে শিল্পীজনে৷ এই অভিযানৰ সন্দৰ্ভত অভিনীতে কয়– ‘মোৰ ঘৰ যিহেতু মেঘালয়ত, সেয়েহে বানৰ বিভীষিকা মই বুজি পাওঁ৷ মোৰ কলাৰ দ্বাৰা উত্তৰ-পূবৰ ভয়াৱহ পৰিস্থিতি দেশবাসীৰ ওচৰলৈ লৈ যোৱাৰ চেষ্টা চলাইছো৷ ক্ৰাউডফাণ্ডিং অভিযানৰ জৰিয়তেও ১০ লাখ টকা সংগ্ৰহৰ লক্ষ্য লৈছোঁ৷ ইতিমধ্যে ৫ লাখৰো অধিক টকা সংগ্ৰহ হৈছে৷ এই সমস্ত ধন অসমৰ ৪-৫টা স্বেচ্ছাসেৱী সংগঠনক দান কৰিম৷ যিয়ে বানত ৰাইজক সহায় কৰি আছে৷’ ইপিনে অসমৰ বানপীড়িতসকলক সহায়ৰ বাবে নামি পৰিছে বেংগালুৰু অসম ছ’চাইটীয়ে৷ বেংগালুৰুৰ চহৰত কৰ্মসূত্ৰে বাস কৰা অসমীয়া লোকসকলে ইতিমধ্যে ১২ লাখ টকা সংগ্ৰহ কৰিছে৷ এই ধন ‘সঁহাৰি’ নামৰ এনজিঅ’টোক প্ৰদান কৰিব বুলি বেংগালুৰুৰ অসমীয়া সমাজৰ উপদেষ্টা ধীৰাজ তালুকদাৰে জানিবলৈ দিছে৷