Logo
image

বানত গৃহহাৰা ১.৩৫ লাখ পৰিয়াল

ৰাজ্যৰ ২৬ খন জিলাত বানৰ তাণ্ডৱ অব্যাহত

বহু বানপীড়িতৰ পেটত পৰা নাই খুদকণো

আমাৰ অসম, ৩০ জুনঃ কেঁচা-ঘাম মাটিত পেলাই বহু কষ্টৰে উপাৰ্জন কৰা ধনেৰে সজা আপোন ঘৰখন বলিয়া বানে উটুৱাই নিয়াৰ বেদনা ভুক্তভোগীৰ বাহিৰে আন কোনোৱেই উপলব্ধ কৰিব নোৱাৰে৷ চকুৰ সন্মুখতে আপোন ঘৰখন প্ৰলয়ংকাৰী বানত উটি যোৱা দেখি বুকু ঢকিয়াই উচুপি উঠা দুৰ্ভগীয়া লোকৰ কান্দোনৰ শব্দই এতিয়া যেন ৰাজ্যৰ আকাশ-বতাহত প্ৰতিধিবনিত হৈছে৷ ৰাজ্যৰ চাৰিওফালে এই মুহূৰ্তত বানত ঘৰ-ভেটি হেৰুওৱা লোকৰ উচুপনি৷ প্ৰাকৃতিক দুৰ্যোগত গৃহহীন হৈ পৰা লোকসকল আজিও আশ্ৰয়হীন৷ বান-ভূমিস্খলনত ঘৰ-ভেটি হেৰুৱাই দিশহাৰা হৈ পৰা এইসকল বন্যাৰ্তৰ বুকুৰ বেদনা বুজিবলৈ যেন আজি কোনো নাই৷ চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে চলিত বান আৰু ভূমিস্খলনত ঘৰ-ভেটি হেৰুৱালে ৰাজ্যৰ ১ লাখ ৩৫ হাজাৰ ৬০৫টা পৰিয়ালে৷ অৰ্থাৎ ৰাজ্যৰ প্ৰায় ১.৩৫ লাখ পৰিয়ালৰ আপোন ঘৰখনলৈ যেন কাল-অমানিশা নমাই আনিলে বানে৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ জৰীপত প্ৰকাশ পোৱা অনুসৰি চলিত বানত ৰাজ্যৰ ১৭,৩১৫টা পৰিয়ালৰে বাসগৃহ সম্পূৰ্ণ ৰূপে উছন হয়৷ অৰ্থাৎ এই ১৭ হাজাৰ বাসগৃহৰ কোনো অস্তিত্ব নোহোৱা হৈ পৰে৷ কোনোবাটো বাসগৃহ যদি নৈৰ খহনীয়াত জাহ গ’ল, আন কোনোবাটো বাসগৃহ বানৰ প্ৰৱল সোঁতে সম্পূৰ্ণৰূপে ধবংস কৰি থৈ যায়৷ ইফালে আন ৰ লাখ ১৮ হাজাৰ পৰিয়ালৰ বাসগৃহ তচ্‌নচ কৰে বলিয়া বানে৷ বানে এনে পৰিস্থিতি সৃষ্টি কৰিছে যে ঘৰখন মেৰামতি কৰিবলৈ গৈও চিন্তিত হৈ পৰিছে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ৷ দুৰ্ভাগ্যজনকভাৱে প্ৰাকৃতিক দুৰ্যোগত গৃহহীন হৈ পৰা এইসকল লোকক এতিয়া সহায় কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰ-প্ৰশাসন৷ আপোন ঘৰ-ভেটিৰ অস্তিত্ব নোহোৱা হাজাৰ হাজাৰ পৰিয়ালৰ চৰকাৰী আশ্ৰয় শিবিৰেই শেষ সম্বল হৈ পৰিছে৷ চৰকাৰে এইসকল ক্ষতিগ্ৰস্ত লোকক পুনঃসংস্থাপনৰ ব্যৱস্থা নকৰিলে হয়তো এদিন আশ্ৰয় শিবিৰ এৰি জীয়াই থকাৰ তাড়নাত পাহাৰ, বনাঞ্চল বা চৰকাৰী ভূমি বেদখল কৰি থিতাপি লোৱাৰ চেষ্টা চলাব৷ পৰৱৰ্তী সময়ত বানে খেদা এই আশ্ৰয়হীন লোকক বেদখলকাৰী অভিহিত কৰি বুলডজাৰেৰে উচ্ছেদ চলাব চৰকাৰ-প্ৰশাসনে৷ এক কথাত বানত গৃহহীন হৈ পৰা লোকসকলৰ যেন দুখৰ অন্ত নপৰিব৷ ইফালে অৰুণাচল প্ৰদেশ আৰু ভূটানত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত নামনি অসমৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত পুনৰ প্ৰলয়ৰ সৃষ্টি কৰিছে৷ এইবাৰো যেন ৰাজ্যৰ অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে৷ ইফালে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৯খন জিলাত ৫৪৮টা বাসগৃহ৷ বানত সম্পূৰ্ণৰূপে ধবংস হৈছে৷ ইয়াৰ ভিতৰত ৫৩৯টা কেঁচা ঘৰ আৰু ৯টা পকী বাসগৃহও আছে৷ আনহাতে বুধবাৰৰ দিনটোত আন ১০৩৪টা বাসগৃহ আংশিক ক্ষতিগ্ৰস্ত হোৱা বুলিও চৰকাৰী তথ্যত প্ৰকাশ পাইছে৷ সম্প্ৰতি ৰাজ্যৰ ২৬খন জিলালৈ বৃদ্ধি পাইছে বানৰ প্ৰকোপ৷ ন ন গাঁও বাঢ়নী পানীত বুৰ যোৱাত খুদকণ এটা বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ভোকাতুৰ বানাক্ৰান্তই৷