Logo
image

শিক্ষাবৰ্ষৰ তিনি মাহ উকলিল ছাত্ৰ-ছাত্ৰীয়ে নাপালে পাঠ্যপুথি

চৰকাৰী স্কুলক চৰকাৰেই নিদিয়ে গুৰুত্ব

আমাৰ অসম, ৩০জুনঃ ‘অসমৰ চৰকাৰী স্কুলৰ শিক্ষাৰ্থীক অভিভাৱকে ঘৰত টিউছন দিব নোৱাৰাৰ বাবেই বেচৰকাৰী বিদ্যালয়ৰ ফলাফল সদায় ভাল হয়৷ দিল্লীতো চৰকাৰী বিদ্যালয়ৰ তুলনাত বেচৰকাৰী বিদ্যালয়ৰ ফলাফল উন্নত৷’–সদ্য ঘোষিত উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানৰ ঈৰ্ষণীয় ফলাফলৰ পাছতেই এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অৱশ্যে মুখ্যমন্ত্ৰীয়ে দাবী কৰাৰ দৰে দিল্লীৰ চৰকাৰী শিক্ষানুষ্ঠানৰ ফলাফলৰ আঁৰৰ ঘটনা বিচাৰ কৰিবলৈ নগ’লেও অসমৰ বহু চৰকাৰী শিক্ষানুষ্ঠানৰ বেয়া ফলাফলৰ কাৰণ যে শিক্ষা বিভাগ নিজেই, সেয়া নকলেও স্পষ্ট হৈ পৰিছে৷ কিয়নো শিক্ষা বিভাগৰ কিছু কিছু অদূৰদৰ্শী কাৰ্য কলাপৰ বাবেই চৰকাৰী শিক্ষানুষ্ঠানৰ শ্মশান যাত্ৰা আৰম্ভ হোৱাটো ধ্ৰুৱ সত্য৷ চৰকাৰে পৰীক্ষাৰ ফলাফল নিম্নগামী হ’লেই শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীলৈ দোষ ঠেলি দায় সৰাৰ চেষ্টা চলালেও বাস্তৱত শিক্ষাৰ্থীসকলক পাঠদানৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ কিমান দূৰ সু-ব্যৱস্থা কৰে সেয়া সন্দেহজনক৷ শিক্ষানুষ্ঠানসমূহত পাঠ্যক্ৰমৰ বিপৰীতে বিষয় শিক্ষকৰ নিযুক্তি দূৰৰে কথা, শিক্ষাবৰ্ষৰ আধা সময় উকলি যোৱাৰ পাছতো ৰাজ্যৰ শিক্ষাৰ্থী সমাজে লাভ নকৰে পাঠ্যপুথি৷ ইতিমধ্যে নতুন শিক্ষানীতি বলবৎ হোৱাৰ লগতে শিক্ষা বিভাগৰ বৰমূৰীয়া সকলে অহাবাৰৰ উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিব বুলি সদম্ভ ঘোষণা কৰিছে৷ অৰ্থাৎ শিক্ষা বিভাগৰ প্ৰস্তুতি অনুসৰি দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’বলৈ মাজত আৰু মাত্ৰ ৮ মাহ বাকী৷ কিন্তু আশ্চৰ্যজনক বিষয়টো হৈছে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে আজিলৈকে লাভ নকৰিলে চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি৷ নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছিল এক এপ্ৰিলত৷ এতিয়ালৈকে তিনি মাহ উকলি গ’ল, কিন্তু ছাত্ৰ-ছাত্ৰীয়ে নাপালে পাঠ্যপুথি৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নিজাববীয়া প্ৰচেষ্টাৰে এই সমস্যা সমাধানৰ চেষ্টা চলাইছে যদিও চৰকাৰী বিদ্যালয়ত কাৰিকৰী কাৰণতে একো হোৱা নাই৷ ফলত বিনা পাঠ্যপুথিৰে বিদ্যালয়লৈ অহা-যোৱা কৰি আছে ছাত্ৰ-ছাত্ৰী৷ এইবাৰ পাঠ্যপুথি কেতিয়া লাভ কৰিব, সেই সন্দৰ্ভত শিক্ষানুষ্ঠানসমূহৰ কতৃৰ্পক্ষও অৱগত নহয়৷ শিক্ষা বিভাগৰ বৰমূৰীয়াসকলেও এই বিষয়ে স্পষ্টভাৱে একো নকয় বা ক’ব নোখোজে৷ পাঠ্যপুথি নথকাত শিক্ষাৰ্থীৰ লগতে শিক্ষকসকলেও পাঠদানত সমস্যাৰ সন্মুখীন হৈছে৷ ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমে সময় মতে পাঠ্যপুথি ছপা কৰি বিতৰণ কৰিব নোৱাৰাত সংকটত পৰিছে শিক্ষাৰ্থীসকল৷ ইফালে গ্ৰন্থ বিপণীতো চৰকাৰী পাঠ্যপুথি উপলব্ধ নোহোৱাত শিক্ষাগ্ৰহণক লৈ চিন্তিত হৈ পৰিছে শিক্ষাৰ্থীৰ লগতে-অভিভাৱকসকলো৷ শিক্ষা বিভাগৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যৰ বাবে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ফলাফল নিম্নগামী হ’লে মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীয়ে হয়তো বিদ্যালয় মূৰব্বীসকলকেই জগৰীয়া কৰিব নতুবা অভিভাৱকে টিউচন দিব নোৱাৰাৰ বাবে বেয়া ফলাফল হোৱা বুলি সন্তুষ্টি লভিৱ৷ মুঠৰ ওপৰত শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ বৰমূৰীয়াসকলে সময় মতে পাঠ্যপুথিৰ যোগান নিশ্চিত নকৰাৰ পৰিণতি ভোগ কৰিব চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে বৰ্তমান দ্বাদশ শ্ৰেণীৰ পাঠগ্ৰহণ কৰা শিক্ষাৰ্থীসকলক প্ৰায় তিনি বছৰ ধৰি গিনিপিগৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰে৷ একাদশ শ্ৰেণীৰ পৰীক্ষা অবিহনেই বহুতক উত্তীৰ্ণ ঘোষণা কৰা হৈছিল৷ শিক্ষা বিভাগৰ ভুলৰ বাবেই সকলোকে অৱশেষত উত্তীৰ্ণ কৰাই দিয়া হৈছিল৷ অসম মাধ্যমিক শিক্ষা সংসদে একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ উপযুক্ত সময়খিনিত ৰাজনৈতিক হেঁচাত পৰি হাত সাবটি বহি থকাৰ বাবেই প্ৰাকৃতিক দুৰ্যোগৰ বাবে পৰৱৰ্তী সময়ত সকলো জিলাতে সম্পূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাছিল৷ কিছু কিছু জিলাত চাৰিবাৰকৈ পৰীক্ষাৰ সূচী সাল-সলনি কৰাৰ পাছতো পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাত শেষ মুহূৰ্তত সকলো শিক্ষাৰ্থীক দ্বাদশ শ্ৰেণীলৈ উন্নীত কৰি দিছিল৷ দ্বাদশ শ্ৰেণীলৈ উন্নীত হ’ল যদিও শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ তিনিটা মাহ উকলি যোৱাৰ পাছতো দুৰ্ভগীয়া শিক্ষাৰ্থীসকলে লাভ কৰা নাই পাঠ্যপুথি৷ ৰাজ্য চৰকাৰৰ ৰাজনৈতিক আশিসধন্য দুই-এটা ঠিকাদাৰী প্ৰতিষ্ঠানক কমিছন দি বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ ব্যৱস্থা কৰাৰ বাবেই ৰাজ্যৰ শিক্ষাৰ্থী সমাজে প্ৰতি বছৰেই সময়মতে পাঠ্যপুথি লাভ কৰাৰ পৰা বঞ্চিত হোৱাটো নিত্য নৈমিত্তিক কাৰ্যলৈ পৰিগণিত হৈছে৷ ইয়াৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থ বিপণীৰ পৰা পাঠ্যপুথিসমূহ নিজাকৈ ক্ৰয় কৰিবলৈ দি সকলোৰে একাউণ্টত ধন দিয়া হ’লেই সকলো শিক্ষাৰ্থীয়ে সময়মতে পাঠ্যপুথি লাভ কৰিলেহেঁতেন৷ এই ব্যৱস্থা কৰিলে বিনামূলীয়া পাঠ্যপুথিৰ নামত দুই-এজন ঠিকাদাৰ ধনী হোৱাৰ বিপৰীতে ৰাজ্যৰ গ্ৰন্থ ব্যৱসায়ৰে জড়িত শ শ লোকে আৰ্থিক সকাহ লাভ কৰাৰ লগতে  মৃতপ্ৰায় ছপা উদ্যোগটিলৈ প্ৰাণ ঘূৰি অহাৰ পূৰ্ণ সম্ভাৱনা আছিল৷ কিন্তু কাক ক’ম কোনে পতিয়াব...৷