Logo
image

নগাঁৱৰ আৰক্ষী বিষয়া গ্ৰেপ্তাৰ

উৎকোচ বিচাৰি থানাতে প্ৰহাৰ

আমাৰ অসম, ৩০ জুনঃ নগাঁৱত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন আৰক্ষী বিষয়াক৷ গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়াজন অসম আৰক্ষীৰ এজন উপ-পৰিদৰ্শক৷ এজন লোকৰ পৰা মাটি-বাৰী সংক্ৰান্তীয় এক গোচৰত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হ’ল নগাঁৱৰ আৰক্ষী বিষয়া হাইদৰ হুছেইন৷ উক্ত লোকজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰো অভিযোগ আৰক্ষী বিষয়া হাইদৰ হুছেইনৰ বিৰুদ্ধে৷ উত্থাপিত অভিযোগ সম্পৰ্কত সোধা-পোছাৰ অন্তত আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰে নগাঁৱৰ আৰক্ষীয়ে৷ নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনক সোমবাৰে সন্ধিয়া আটক কৰাৰ পাছত সোধা-পোছাৰ অন্তত নিশাই গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে৷ আজি নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি, কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনে মইনুল হক নামৰ এজন লোকক মাটি-বাৰী সংক্ৰান্তীয় এক গোচৰত আটক কৰি তিনিদিন আৰক্ষী চকীত ৰাখিছিল৷ আৰক্ষী চকীত আবদ্ধ কৰি ৰাখি মইনুল হকক শাৰীৰিক নিৰ্যাতন চলাই আহিছিল ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনে৷  আনকি মইনুল হকক আৰক্ষী চকীত নিৰ্মমভাৱে প্ৰহাৰ কৰাৰো অভিযোগ উঠিছে আৰক্ষী বিষয়া হাইদৰ হুছেইনৰ বিৰুদ্ধে৷ হাইদৰ হুছেইনৰ প্ৰহাৰত আঘাত পোৱা মইনুল হকৰ মূৰত চিলাই কৰিবলগীয়া হৈছিল৷ মইনুলৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছিল৷ মুক্তিৰ বিনিময়ত মইনুল হকৰ পৰা উৎকোচ বিচৰাৰো অভিযোগ উত্থাপন হৈছে হাইদৰ হুছেইনৰ বিৰুদ্ধে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত মইনুল হকৰ পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিত নগাঁৱৰ আৰক্ষীয়ে প্ৰথমে আটক কৰি সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে অভিযুক্ত আৰক্ষী বিষয়া হাইদৰ হুছেইনক৷  উৎকোচ দাবী কৰি সাধাৰণ জনতাক হাৰাশাস্তি কৰা আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা কাৰ্যই আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি কৰিব৷