Logo
image

সোৱণশিৰি প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী

ৰঙানদীত পানী এৰিছে নীপ্‌কোৱে

আমাৰ অসম, ৩০ জুনঃ গেৰুকামুখস্থিত ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰেদি পুনৰ হুৰা-হুৰে বাগৰিছে পানী৷ এন এইচ পি চিৰ তথাকথিত উন্নত প্ৰযুক্তিৰ অহংকাৰ চূৰ্ণ-বিচূৰ্ণ কৰি প্ৰকল্পটোৰ ১১৬ মিটাৰ উচ্ছতাত কালি নিশাৰ পৰা সোৱণশিৰি নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি অবিৰাম গতিত বৈ আছে পানী৷ উল্লেখ্য যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উচ্ছতা ১১৬ মিটাৰ৷ প্ৰকল্পটোৰ নিৰ্মাতা সংস্থা এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্পৰ কাম ৮০-ৰ পৰা ৯০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা বুলি বাৰে বাৰে দাবী কৰি আহিছে৷ নামনি সোৱণশিৰি জলবিদু্যৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য যদি ৮০-ৰ পৰা ৯০ শতাংশ নিৰ্মাণ সম্পূৰ্ণই হৈছে তেন্তে মূল বান্ধৰ ওপৰেদি কিদৰে পানী বাগৰিব পাৰিলে? তাৎপৰ্যপূৰ্ণ যে, এন এইচ পি চিয়ে মূল বান্ধ নিৰ্মাণৰ বাবে মূল সোৱণশিৰি নৈ ভেটা দি এটা বিৰাটকায় সুৰংগইদি পানী বোৱাই আছে৷ তদুপৰি, এন এইচ পি চিয়ে বিদ্যুৎ উৎপাদনৰ বাবে ৮টা সুৰংগ নিৰ্মাণ কৰিছে আৰু আটাইকেইটা সুৰংগইদি নৈখনৰ পানী এৰি দি আছে৷ তৎস্বত্ত্বেও মূল বান্ধৰ ওপৰেদি কিদৰে পানী বাগৰিব পাৰিলে আৰু নামনি সোৱণশিৰি প্ৰকৃততে কিমান নিৰাপদ তাক লৈ তুমুল বিতৰ্কৰ উদ্ভৱ হৈছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা ভয়াৱহ ৰূপত পানী বাগৰি থকাৰ খবৰে প্ৰকল্পটোৰ নামনি অংশত বাস কৰা নৈপৰীয়া ৰাইজক আতংকিত কৰি তুলিছে৷ ইতিমধ্যে বহু ঠাইত ফেনে-ফুটুকাৰে নামি অহা সোৱণশিৰিৰ ঢলে নামনি অংশত বানৰ প্ৰকোপ বৃদ্ধি কৰাৰ লগে বহু ঠাইত তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে৷ ইপিনে ধেমাজি জিলাৰ বহু গাঁৱত জীয়াধলৰ বানে মহা দুৰ্যোগ নমাই আনিছে৷ বিশেষকৈ ধেমাজি জিলা গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰতুৱা, ফুলবাৰী, চুতীয়াকাৰী, বেতনিহুলা, বৰদৈ, বেৰভঙা আদি গাঁও সম্পূৰ্ণৰূপে ডুবাই পেলাইছে আৰু স্থানীয় ৰাইজ আৰু পোহনীয়া জীৱ-জন্তুৰ অৱস্থা পানীত হাঁহ নচৰা কৰি দিছে৷ বহু হেক্টৰ কৃষিভূমি পানীত বুৰ যোৱাত কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ আনপিনে জীয়াধল আৰু কুমটীয়া নৈৰ বানে বৰদৈ আৰু বেৰভঙা সংযোগী পথটো বুৰাই পেলোৱাই নহয় পথটোৰ পৰা ৫ফুট উচ্ছতাৰে পানী বৈ থকাত উক্ত পথেদি সকলোধৰণৰ যাতায়াত ব্যাহত হৈ পৰিছে৷ স্থানীয় বানপীড়িত ৰাইজে চৰকাৰ আৰু জনপ্ৰতিনিধিসকলৰ পৰা পৰ্যাপ্ত সহায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে৷

ৰঙানদীত ৫নং গেটেৰে নীপকোৱে এৰিছে পানী

লখিমপুৰ জিলাৰ বান পৰিস্থিতি ক্ৰমান্বয়ে জটিলৰ দিশে গতি কৰিছে৷ গেৰুকামুখত নিৰ্মীয়মান ২০০০ মেগাৱাট বিদ্যুৎশক্তিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে যোৱা নিশাৰ পৰা পানী বাগৰিবলৈ লোৱাত নামনিত একপ্ৰকাৰে আতংকৰ সৃষ্টি হৈছে৷ প্ৰকল্পটোৰ ৮টা সুৰংগৰে পানী সৰবৰাহ হৈ থকাৰ পাছতো কেনেদৰে মূল বান্ধৰ ওপৰেৰে পানী বাগৰিছে তাক লৈ জনতা আতংকিত হৈ পৰিছে৷ ১১৬ মিটাৰ উচ্ছতাৰ বান্ধটোৰ প্ৰায় ৮০-৯০ শতাংশ উচ্ছতা সম্পূৰ্ণ হোৱাৰ পাছত উক্ত মূল বান্ধৰ ওপৰেৰে সঘনাই পানী বাগৰিবলৈ লোৱাত এন এইচ পি চি কতৃৰ্পক্ষৰ লগতে নামনিত বাস কৰা লখিমপুৰ-ধেমাজিৰ লোকসকল শংকিত হৈ পৰিছে৷ ইফালে নীপকোৱে ৰঙানদীত বান্ধৰ পানী ৫নং গেটেৰে এৰি দিয়াৰ ফলত লখিমপুৰ জিলাৰ বিশেষকৈ পানীগাঁও, আমতলা, ৰন্তিজান আদিত জলপ্ৰলয়ৰ সৃষ্টি হৈছে৷ ৪০০ মেগাৱটৰ নীপকো তথা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী অৰুণাচলৰ পাৰে বস্তিৰ পৰা সমান্তৰালভাৱে ডিক্ৰং নদীতো এৰি দিয়াৰ ফলত বিহপুৰীয়া ৰাজহ চক্ৰৰ বহু গাঁও জলমগ্ন হৈ পৰিছে৷ আনহাতে, লখিমপুৰ জিলাৰ নামনিৰ পিছলা, দ্ৰোপাং, চেঁচা নদীয়ে বৃহত্তৰ শিমলুগুৰি, ৰঙাজান, ফুটাভোগ, ৰজাবাৰী, ভাতমৌ, মাজৰ দলনী, ৰূপতলী আদি অৰ্ধ শতাধিক গাঁও প্লাবিত কৰি তোলাত ইয়াৰ কেইবাশ পৰিয়ালে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লখিমপুৰ জিলা প্ৰশাসনে ধলপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত কালি বন্যাৰ্তৰ আশ্ৰয় শিবিৰ স্থাপন কৰাৰ পাছত আজি পুনৰ ধলপুৰ মজলীয়া বিদ্যালয়ত নতুনকৈ আশ্ৰয় শিবিৰ স্থাপন কৰিছে৷ একেদৰে বানত গৃহবন্দী হোৱা লোকসকলক কালিৰে পৰা আজিপৰ্যন্ত এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাই শ শ পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে৷ খৰস্ৰোতা চেঁচাৰ বানে বহু গাঁও-ভূঁই বালিৰে পুতি পেলোৱাৰ লগতে আৱাসগৃহসমূহো বুৰাই পেলৱোত বন্যাৰ্তৰ বিলাই-বিপত্তি নোহোৱা হৈছে৷ চেঁচা, পিছলা আদিৰ বানত আজি পুনৰ ন ন গাঁও প্লাবিত হৈ পৰাত কৃষিজীৱী লোকসকল কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে৷ লখিমপুৰ জিলা প্ৰশাসনে দুৰ্গত লোকসকলক পাৰ্যমানে সহায়ৰ হাত আগবঢ়োৱাৰ লগতে আজি ধলপুৰৰ আশ্ৰয় শিবিৰত বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাই আশ্ৰয়স্থলীত উপস্থিত হৈ বন্যাৰ্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে৷ ধলপুৰৰ বন্যাৰ্ত লোকসকলৰ মাজত আজি লখিমপুৰৰ অতিৰিক্ত জিলা উপায়ুক্ত মনোৰমা মৰাং উপস্থিত হৈ বানপীড়িত লোকসকলৰ অৱস্থাৰ বুজ লৈ তেওঁলোকক বান সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে৷