Logo
image

জিএছটি নহয়, মুখ্যমন্ত্ৰীৰ পুঁজিলৈ ৫১ লাখ টকা সিন্দে বাহিনীৰ

আমাৰ অসম, ৩০ জুনঃ জিএছটি নহয়, মহাৰাষ্ট্ৰ শিৱসেনাৰ বিসম্বাদী গোটৰ নেতা একনাথ সিন্দে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ৫১ লাখ টকাৰ সাহায্য৷ টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে শিৱসেনাৰ বিসম্বাদী গোটৰ নেতাজনে৷ ২২ জুনত অসমলৈ আহিছিল সিন্দেসহ ৪০জনীয়া বিসম্বাদী বিধায়কৰ এটা দল৷ বিজেপিৰ আতিথ্যত গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত আছিল বিধায়ককেইজন৷ বুধবাৰে বিয়লিৰ ভাগত মহাৰাষ্ট্ৰ অভিমুখে ৰাওনা হয় সিন্দেবাহিনী৷ অসম এৰাৰ পূৰ্বে শিৱসেনাৰ বিসম্বাদী গোটৰ নেতাজনে অসমৰ বানাক্ৰান্তৰ বাবে আগবঢ়ায় ৫১ লাখ টকাৰ সাহায্য৷ উল্লেখ্য, মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলটোক গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত বিজেপিয়ে আতিথ্য দিয়াক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল– মহাৰাষ্ট্ৰৰ বিধায়কৰ দলে গুৱাহাটীত আশ্ৰয় লোৱা বাবে অসমে পাব জিএছটি৷ ঘৰলৈ লক্ষ্মী আহিলে বেয়া পাবলগীয়া কি আছে? একনাথ সিন্দেই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ পাছতে বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে কিয় বান সাহায্যৰ বাবে মহাৰাষ্ট্ৰৰ বিধায়কজনে আগবঢ়ায় ৫১ লাখ টকাৰ সাহায্য৷ উল্লেখ্য, কিছুদিন পূৰ্বে একনাথ সিন্দেক অসমৰ বান সাহায্যৰ বাবে ৫০০ কোটি টকা দিবলৈ দাবী জনাইছিল প্ৰদেশ কংগ্ৰেছৰ অন্যতম সাধাৰণ সম্পাদক ৰমেন চন্দ্ৰ বৰঠাকুৰে৷ এনে দাবীৰ প্ৰতি সন্মান জনাই মহাৰাষ্ট্ৰৰ বিধায়ক একনাথ সিন্দে বান সাহায্যৰ বাবে ৫১ লাখ টকাৰ সাহায্য আগবঢ়োৱা বুলিও চৰ্চা হৈছে৷