Logo
image

সামান্য বান সাহায্যৰে আভুৱা ভাঁৰিছে চৰকাৰেঃ অজিত ভূঞা

আমাৰ অসম, ৩০ জুনঃ বানাক্ৰান্তক বান সাহায্য প্ৰদানৰ নামত প্ৰবঞ্চনা কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে৷ ভবানীপুৰৰ সমষ্টিৰ শুকমানাহৰ পল্লাৰপাৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা শিবিৰত ১০ দিনত এজন ব্যক্তিক বান সাহায্যৰ নামত দিয়া হৈছে ১ কিলো চাউল, ৬০০ গ্ৰাম দাইল৷ –এই ভাষ্য আঞ্চলিক গণমৰ্চাৰ সভাপতি সাংসদ অজিত কুমাৰ ভূঞাৰ৷ বুধবাৰে দিছপুৰ প্ৰেছক্লাবত এখন সংবাদমেল আয়োজন কৰি ভূঞাই আৰু কয়– ‘ৰাজ্যখনৰ শেহতীয়া বানপানীত সৰ্বস্ব হেৰুওৱা ৰাইজক লৈ কেৱল প্ৰচাৰমুখী ৰাজনীতিত নামি পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ লাখ লাখ লোক আজিও বানত কক্‌বকাই আছে, ৩২খন জিলাৰ অধিকাংশ লোকেই বানৰ সংহাৰী ৰূপত সৰ্বস্বান্ত হৈছে৷ শতাধিক লোকৰ মৃত্যু হৈছে, পশুধন আৰু কৃষিভূমিৰ ক্ষয়ক্ষতিৰ হিচাপেই নাই৷ অথচ কেৱল সস্তীয়া জনপ্ৰিয়তাৰ আশাত ‘কেমেৰা’ বাহিনী লগত লৈ বানপীড়িতৰ কাষত থিয় হৈ মুখ্যমন্ত্ৰীজনে চৰম প্ৰতাৰণা কৰিছে বিধবস্ত ৰাইজক৷ ব্ৰহ্মপুত্ৰ উপত্যকাত বানৰ তাণ্ডৱ যোৱা দুদিনত কিছু সাম কাটিছে যদিও বৰাক উপত্যকাৰ তিনিওখন জিলাৰ অৱস্থা এতিয়াও জটিল হৈ আছে৷ ২৬ জুনত বামপন্থী নেতা বিবেক দাস, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, আঞ্চলিকতাবাদী নেতা প্ৰণৱজ্যোতি চেতিয়া আৰু ভৱানীপুৰৰ যুৱ ৰাজনৈতিক কৰ্মী সুব্ৰত তালুকদাৰক লৈ বজালী জিলাৰ বানবিধবস্ত ভৱানীপুৰৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি সৰ্বস্বান্ত ৰাইজৰ সৈতে মিলিত হৈ ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ গৈছিলোঁ৷ ভৱানীপুৰ উত্তৰ নহাটী নামঘৰৰ পুথিভঁৰালত ৰাইজৰ লগত সাম্প্ৰতিক বান সমস্যাৰ ওপৰত এক আলোচনাত মিলিত হওঁ৷ ইয়াৰ পাছত আমি ভৱানীপুৰৰ ভয়াৱহ বানে ক্ষতি কৰা দঙাৰপাৰ অঞ্চল পৰিভ্ৰমণ কৰোঁ৷ বানপানীৰ অভাৱনীয় বৃদ্ধিয়ে দঙাৰপাৰ নামৰ গাঁওখনৰ ৮৫টা পৰিয়ালক একপ্ৰকাৰ সৰ্বস্বান্ত কৰি থৈ গ’ল৷ প্ৰায় ১০টা পৰিয়ালৰ ঘৰ বানৰ ধলে উটুৱাই নিলে, গাঁওবাসীৰ খেতিপথাৰ সম্পূৰ্ণৰূপে পানীত ডুব গ’ল, ব্যৱসায়িক ভিত্তিত মাছ পোৱা পুখুৰীৰ মাছ ওলাই গ’ল, মূল্যবান গছ-গছনি সকলো ধবংসপ্ৰাপ্ত হ’ল৷ গাঁওখনলৈ যোৱা মূল ৰাস্তাটোৰ তিনি ঠাইত ডাঙৰ ডাঙৰ পুখুৰীৰ সৃষ্টি হ’ল৷ মানুহৰ দৈনন্দিন জীৱিকা আজি সম্পূৰ্ণ বন্ধ৷ কিন্তু চৰকাৰে সাহায্যৰ নামত সামান্য পৰিমাণৰ চাউল, দাইল বিতৰণ কৰিয়েই সকলো সামৰিছে৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আজিলৈকে ‘ৰিলিফ মেনুৱেল’মতে এটা ফুটা কড়িও বানবিধবস্তক দিয়া নাই৷ খেতিপথাৰ, ৰাস্তা, ঘৰ, পুখুৰী, গৰু, ছাগলী আদিৰ নামত ৰাইজে কি এককালীন সাহায্য পাব নে নাপাব সেই লৈয়ো চৰকাৰৰ কোনো উত্তৰ বৰ্তমানলৈকে নাই৷ শুকমানাহৰ পল্লাৰপাৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত থকা শিবিৰত প্ৰায় ৩০টা পৰিয়াল আছে৷ ১০ দিনত এওঁলোকে সাহায্যৰ নামত এতিয়ালৈকে মাত্ৰ ৰ কিলো চাউল আৰু ৬০০ গ্ৰাম দাইল পাইছে৷ ভূটানৰ পৰা নামি অহা পানীয়ে পহুমাৰা নদীৰ মথাউৰি ছিঙি পেলোৱাৰ ফলত মেধিকুছি গাঁৱত অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ মেধিকুছিৰ ৰাইজৰ ভাগ্য ভাল আছিল যে দিনৰ ভাগত মথাউৰিটো ছিগিল, মাজনিশা এই অঘটন ঘটা হ’লে বিস্তীৰ্ণ অঞ্চলটোৰ ৰাইজৰ কি অৱস্থা হ’লহেঁতেন সেয়া কল্পনা কৰিলেও গাৰ নোম শিয়ঁৰি উঠে৷ ২২টা পৰিয়ালৰ ঘৰ নিমিষতে ভাঙি বানৰ ধলে উটুৱাই লৈ গ’ল৷ মনোজ তালুকদাৰ নামৰ এজন স্থানীয় লোকৰ পামৰ চ্ছ্ৰটা গৰু আৰু শ শ ব্ৰয়লাৰ পানীয়ে উটুৱাইলৈ যায়৷ কেৱল এমুঠি চাউল, দাইল, সামান্য পৰিমাণৰ মিঠাতেল বিতৰণ কৰিয়ে চৰকাৰে দায় সাৰিবলৈ যত্ন কৰিছে৷ আচলতে ইয়াৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে অসমৰ বানবিধবস্ত ৰাইজক চৰম উপহাস কৰিছে, চূড়ান্ত উপলুঙা কৰিছে৷ কালৰূপী এইবাৰৰ বানত সৰ্বস্ব হেৰুওৱা মানুহৰ কাষত থিয় হোৱাৰ নামত লগত ‘টেলিভিশ্বনৰ কেমেৰা’ৰ দল লগত লৈ মুখ্যমন্ত্ৰীজনে অতি নিৰ্লজ্জভাৱে নাটকীয় চৰিত্ৰত কৰাদি অভিনয় কৰি ফুৰাৰ বাহিৰে আৰু সকলো ‘কৰিম কৰিম’ বুলি চূড়ান্ত মিথ্যাচাৰেৰে ৰাইজক প্ৰতাৰণা কৰাৰ বাহিৰে একো কৰিব পৰা নাই৷ এনডিআৰএফৰ পৰা এটা টকাও এই জটিল ক্ষণত অসমৰ ৰাইজৰ সাহায্যৰ বাবে মোকলাই আনিব নোৱৰাটো মুখ্যমন্ত্ৰীজনৰ চূড়ান্ত ব্যৰ্থতা৷ ভোটৰ সময়ত অসমলৈ তাঁতবাতি কঢ়া ক্ষমতাৰ লুভীয়া প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আদি বিজেপিৰ কেন্দ্ৰীয় নেতাসকলে অসমৰ ৰাইজক এই অভূতপূৰ্ব বানৰ সময়ত ‘বিশেষ পেকেজ’ দিয়ক দূৰৈৰ কথা, ক্ষন্তেক আহি বানপীড়িত ৰাইজৰ কাষত থিয় হৈ এষাৰ মাত দিবলৈও সময় উলিয়াব নোৱাৰিলে৷ বৰাক উপত্যকাত একঁকাল পানীৰ মাজত ডুবি থকা ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি ফুৰিছে৷ শিলচৰৰ হাস্পতালত কেম’ লৈ থকা কেন্সাৰ ৰোগীয়ে বানৰ কবলত পৰি পথলৈ ওলাই প্ৰাণৰক্ষা কৰিবলগীয়া পৰিস্থিতি হৈছে৷ ক’ত আছে চৰকাৰ অসমত? ইমানৰ পাছতো অসমত এখন চৰকাৰৰ অস্তিত্ব আছে বুলি কোনোবাই ক’বনে? অসমৰ ৰাইজৰ বাবে বিজেপিৰ চৰকাৰে ঘৰিয়ালৰ চকুপানী টোকাৰ নাটক বহুত হ’ল৷ বহুত প্ৰৱঞ্চনা হ’ল৷ পদে পদে অসমৰ ৰাইজে প্ৰতাৰিত হ’ল৷ ইয়াৰ যোগ্য প্ৰত্যুত্তৰৰ বাবে অসমৰ ৰাইজে এতিয়াৰে পৰা টঙালি বান্ধি সাজু হওঁক৷’

বানৰ সময়ত অসমলৈ নাহে কিয় প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীঃ কংগ্ৰেছ

বান-খহনীয়া সমস্যা মোকাবিলা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷–এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ৷ বুধবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰি ভট্টাচাৰ্যই কয়–নিৰ্বাচনকালীন সময়ত অসমবাসীৰ ভোট বিচাৰিবলৈ সঘনাই অসমলৈ অহা দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ আজি অসমৰ ৰাইজৰ এই দুৰ্যোগকালীন সময়ত অসমবাসীলৈ মনত পৰা নাই নেকি? কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি অসমত ভাষণৰ ফুলজাৰি মাৰিবলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ আজি অষ্টলক্ষ্মীৰ দেশলৈ মনত পৰা নাই নেকি? ৰাজ্যৰ ৩৫ খন জিলাৰ ৩২ খনেই আজি জলমগ্ন৷ ৫৫ লাখৰো অধিক মানুহ আজি বানত আক্ৰান্ত৷ ১০৮ গৰাকী লোকে ইতিমধ্যে বান, খহনীয়া আৰু ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে৷ ঘৰ-দুৱাৰ বানৰ ধলে উটুৱাই নিছে, বহুত ঘৰ-বাৰী বসবাসৰ উপযোগী হৈ থকা নাই৷ এনে ভয়ংকৰ অৱস্থাতো প্ৰধানমন্ত্ৰী বা কেন্দ্ৰীয় গৃহমন্ত্ৰী এটা টেলিফোন কল, এটা টুইটতে আনন্দত আত্মহাৰা হৈ পৰে আমাৰ মুখ্যমন্ত্ৰী৷ বিগত নিৰ্বাচনৰ কালত মাজুলী আৰু জোনাইৰ সভাত অসমৰ বান সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বোধহয় সেইবোৰ কথা পাহৰিলেই, কেৱল পুত্ৰক অসমৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিষ্ঠা কৰাটোৱেই তেওঁৰ এতিয়া প্ৰধান দায়িত্ব৷ ডিঙিলৈকে পানীত ডুব গৈ থকা অসমৰ বানাক্ৰান্ত ৰাইজৰ খবৰ ল’বলৈ আহৰিয়ে পোৱা নাই বিজেপি দল আৰু চৰকাৰে৷ মৰিগাঁৱৰ বিধায়কজনে ক্ষুধাত বানাক্ৰান্তক দুডোখৰ পাওৰুটীৰ টুকুৰা আৰু এপেকেট ৫ টকীয়া বিস্কুটেৰে উপলুঙা কৰাৰ সাহস ক’ত পালে? হাজোৰ বিজেপি কৰ্মীয়েই ৰাজহুৱাকৈ চৰকাৰৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ তুলিছে৷ সামান্য এক কিলো চাউল, এপোৱা দাইল আৰু ১০০ মিলিলিটাৰ মিঠাতেলেৰে পাল মৰা বান সাহায্য দিলে হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰে৷ সমগ্ৰ বৰাক উপত্যকাৰ কাছাৰ, কমিৰগঞ্জ আৰু হাইলাকান্দি জিলাত একেৰাহে দ্বিতীয়টো বানে সমগ্ৰ উপত্যকাটোৰ জনসাধাৰণক জলবন্দী কৰি ৰাখিছে৷ পৰিস্থিতিৰ মোকাবিলা কৰাত সম্পূৰ্ণ ব্যৰ্থ আৰু জিলা প্ৰশাসন৷ শেহতীয়া বানে, বিশেষকৈ শিলচৰ চহৰত অবৰ্নীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ নগৰখনৰ ঠায়ে ঠায়ে ৮ ফুট ওপৰেৰে পানী বৈছে৷ বহু অঞ্চলত প্ৰথম মহলা পৰ্যন্ত পানীত ডুব গৈছে ঘৰ৷ ২০ জুনৰ পৰা বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰাৰ বাবে নগৰবাসীৰ খোৱাপানীৰ ভয়ানক সমস্যাই দেখা দিছে৷ এবটল খোৱাপানীৰ বাবে শিলচৰত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে৷ নগৰখনৰ বিলপাৰ, ৰাধামাধৱ ৰ’ড, পাব্লিক স্কুল ৰ’ড, ৰাঙ্গিৰখাৰি, সোণাই ৰ’ড, কনকপুৰ, ভেটুকান্দি, তেৰাংগা, ৰামনগৰ, চিৰুকান্দি, আশ্ৰয় ৰ’ড আদিৰ পৰিস্থিতি অবৰ্ণনীয় হৈ আছে৷ আচৰিত কথা যে শিলচৰৰ এই অভূতপূৰ্ব বান পৰিস্থিতিক লৈ আজিলৈকে মুখ্যমন্ত্ৰীয়ে এটা চৰকাৰী বিবৃতি দিয়া নাই৷