Logo
image

হিন্দী চিনেমাত অভিনয় কৰোৱাৰ প্ৰলোভনেৰে অসমৰ যুৱতীক বিক্ৰী

মুম্বাইৰ দালাল গ্ৰেপ্তাৰ

আমাৰ অসম, ৩০ জুনঃ মায়ানগৰী মুম্বাইত হিন্দী চিনেমাত সুযোগ দিয়াৰ ছলেৰে মাতি নি অসমৰ এগৰাকী যুৱতীক বিক্ৰী কৰাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে এজন প্ৰৱঞ্চক যুৱকক গ্ৰেপ্তাৰ কৰে৷ ধৃত প্ৰৱঞ্চক যুৱকজন হৈছে মুম্বাইৰ জাকিৰুল হক [২৫]৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে মুম্বাইৰ জাকিৰুল হকে সামাজিক মাধ্যমৰ জৰিয়তে অসমৰ যুৱতীৰ লগত চিনাকি হৈ হিন্দী চিনেমাত সুযোগ দিয়াৰ প্ৰস্তাব দি যুৱতীক মুম্বাইলৈ লৈ যায়৷ একে পন্থাৰে অলপতে মুম্বাইত জাকিৰুলে গুৱাহাটীৰ এগৰাকী যুৱতীক মুম্বাইলৈ নিয়ে৷ মুম্বাইলৈ নি জাকিৰুলে যুৱতীগৰাকীক অশ্লীল প্ৰস্তাৱ দিয়াৰ লগতে ইনষ্টাগ্ৰামৰ জৰিয়তে একাংশ যুৱকৰ লগত সাক্ষাৎ কৰিবলৈ হেচা প্ৰয়োগ কৰে৷ অনৈতিক কাৰ্য কৰাত অস্বীকাৰ কৰাত যুৱতীগৰাকীক অজ্ঞাত স্থানত বিক্ৰী কৰা বুলি যুৱতীগৰাকীৰ একাংশ বন্ধুৱে অভিযোগ কৰে৷ জাকিৰুলৰ এনে প্ৰৱঞ্চনাৰ বিষয়ে জানিব পাৰি যুৱতীগৰাকীৰ একাংশ বন্ধুৱে জাকিৰুলক কৌশলেৰে গুৱাহাটী লৈ মাতি আনে৷ পল্টন বজাৰ আৰক্ষীয়ে কালি নিশা পল্টন বজাৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰৰ চেষ্টা কৰাৰ সময়ত অট্টালিকাৰ চাদৰ পৰা জপিয়াই জাকিৰুলে পলাই যোৱাৰ চেষ্টা কৰে৷ অৱশ্যে পল্টন বজাৰ আৰক্ষীয়ে কৌশলেৰে জাকিৰুল হকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত জাকিৰুলে গুৱাহাটীৰ এগৰাকী মেকআপ আৰ্টিষ্টৰ জৰিয়তে মুম্বাইত এই ৰেকেট চলাই আছে বুলি যুৱতীগৰাকীৰ বন্ধুৱে অভিযোগ উত্থাপন কৰে৷ অৱশ্যে যুৱতীগৰাকীৰ বিক্ৰীৰ অভিযোগত নহয় যুৱতীক প্ৰৱঞ্চনা কৰাৰ অভিযোগতহে মুম্বাইৰ জাকিৰুল হকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি পল্টন বজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে স্পষ্ট কৰি দিয়ে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷