Logo
image

এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ

আমাৰ অসম, ৩০ জুনঃ পহিলা জুলাইৰ পৰা অসমৰ লগতে সমগ্ৰ দেশতে নিষিদ্ধ হ’ব প্লাষ্টিক৷ একক ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে প্লাষ্টিক ব্যৱহাৰত কঠোৰ হৈ পৰিছে৷ সেই সূত্ৰেই পহিলা জুলাইৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হোৱাকৈ একক ব্যৱহাৰযোগ্য ১৯ প্ৰকাৰৰ প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰূপ কৰিছে৷ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰা একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ নিৰ্মাণ, আমদানি, মজুত, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ বিষয়টোৱে তাৎপৰ্য বহন কৰিছে৷ স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনা কাৰ্যকৰী হোৱাৰ লগে লগে একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী উৎপাদনকাৰী উদ্যোগ-প্ৰতিষ্ঠানলৈ অমানিশা নামি অহাটো নিশ্চিত হৈ পৰিছে৷ চৰকাৰে নিষেধাজ্ঞা আৰূপ কৰা ১৯ বিধ প্লাষ্টিকৰ সামগ্ৰী হৈছে– বেলুনৰ বাবে প্লাষ্টিকৰ লাঠি, প্লাষ্টিকৰ পতাকা, কেণ্ডি ষ্টিক, আইচক্ৰীম ষ্টিক, থাৰ্মোকল, প্লাষ্টিক প্লেট, কাপ, গ্লাছ, কাটলেৰী, কাটা চামুচ, চামুচ, ছুৰী, ষ্ট্ৰ’ ট্ৰে, মিঠাইৰ পেকেট মেৰিয়াই বা পেক কৰা প্লাষ্টিক, নিমন্ত্ৰণ পত্ৰ, চিগাৰেটৰ পেকেট, এশ মাইক্ৰনতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ আৰু কাণ খোচৰা লাঠি৷ ইয়াৰোপৰি ভৱিষ্যতে এই তালিকাত আৰু বহুতো সামগ্ৰীৰ নাম সন্নিৱিষ্ট হ’ব পাৰে কেন্দ্ৰীয় চৰকাৰে সদৰী কৰিছে৷ চৰকাৰে সদৰী কৰা মতে এই প্লাষ্টিকৰ ব্যৱহাৰৰ সলনি কাপোৰ বা কাগজৰ বেগ, বাঁহৰ চামুচ, মাটিৰ কাপ আদি বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিব৷ ভাৰত চৰকাৰে এবাৰ ব্যৱহাৰ উপযোগী প্লাষ্টিকৰ ফলত বৃদ্ধি হোৱা প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ বাবেই এই দৃঢ় পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে৷ উল্লেখ্য, দেশত প্ৰতি বছৰে ২.চ্ছ্ৰ লাখ টন একক ব্যৱহাৰৰ কৰা প্লাষ্টিক পেলাই দিয়া হয়, যিয়ে দেশত ভয়াৱহ প্ৰদূষণৰ সৃষ্টি কৰিছে বুলিও সমীক্ষাত প্ৰকাশ পাইছে৷