Logo
image

অত্যধিক হ’ব চিকিৎসা ব্যয়

বেংকত থকা নিজৰ জমাধনৰ বাবেও গ্ৰাহকে দিব লাগিব কৰ

আমাৰ অসম, ১ জুলাইঃ ব্যয়বহুল হৈ পৰিব চিকিৎসা সেৱা৷ চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি হোৱা ৰোগীয়েও এতিয়াৰে পৰা পৰিশোধ কৰিব লাগিব অতিৰিক্ত কৰ৷ কেৱল ইমানেই নহয়, নিজৰ কষ্টোপাৰ্জিত জমা ধন বেংকৰ পৰা চেকযোগে উলিয়ালেও ভৰিব লাগিব কৰৰ বোজা৷ ৰোগীৰ চিকিৎসা ব্যয় আৰু বেংকৰ চেক বুকৰ বাবত এতিয়াৰে পৰা আৰোপিত হ’ব জি এছ টি৷ চণ্ডিগড়ত ২৮ জুনৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা ৪৭ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত চিকিৎসালয়ৰ প্ৰতিদিনে ৫ হাজাৰ টকাৰ ওপৰৰ কোঠাত ৫ শতাংশ জি এছ টি আৰোপ কৰিছে৷ অৰ্থাৎ চিকিৎসালয়ত ভৰ্তি ৰোগীসকলে কোঠাৰ ভাৰাৰ ওপৰত [আইচিইউ বাদ দি] ৫ শতাংশ অতিৰিক্ত জি এছ টিৰ নামত কৰ পৰিশোধ কৰিব লাগিব৷ পূৰ্বতে চিকিৎসালয়ৰ কোঠাত কোনো জি এছ টি নাছিল যদিও ১৮ জুলাইৰ পৰা এই নতুন নিৰিখ কাৰ্যকৰী হ’ব৷ তদুপৰি বেংকৰ পৰা ধন উলিওৱাৰ বাবে চেক মঞ্জুৰ কৰাৰ বাবদ পৰিশোধ কৰিবলগীয়া নিৰ্দিষ্ট মাচুলৰ বিপৰীতে অতিৰিক্ত ১৮ শতাংশ হাৰত জি এছ টি আদায় দিব লাগিব গ্ৰাহকে৷ মুঠৰ ওপৰত ৰাইজে এতিয়া প্ৰতিটো খোজতে সেৱা তথা সামগ্ৰীৰ বাবদ ভৰিব লাগিব জি এছ টি৷ তদুপৰি দৈ, পেকেজিং মাংস, কেঁচা চাহপাত, চাউল, ঘেঁহুৰ পেকেট যুক্ত খাদ্যতো জি এছ টি আৰোপ কৰা হৈছে৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে, অহা ১৮ জুলাইৰ পৰা সামগ্ৰী আৰু সেৱাৰ ক্ষেত্ৰত নতুন নিৰিখ বলবৎ হ’ব৷ সেই মৰ্মে জি এছ টিৰ পৰা পূৰ্বতে বাহিৰত থকা গাখীৰ, দৈ আৰু পনীৰৰ পেকেটত ৫ শতাংশ জি এছ টি, চাউল আৰু ঘেহুঁৰ পেকেটত ৫ শতাংশ জি এছ টি আৰোপ কৰা হৈছে৷ আনহাতে ছপা, লেখন আৰু অংকন চিয়াঁহীত জি এছ টি ১৮ শতাংশ আৰোপ কৰা হৈছে৷ ইয়াৰ পূৰ্বে উল্লিখিত জি এছ টিৰ নিৰিখ আছিল ১২ শতাংশ৷ তদুপৰি ছপাৰ সৈতে জড়িত বিভিন্ন সঁজুলি বিশেষকৈ কাটিং ব্লেড, পেঞ্চিল, চামুচ, আদিতো জি এছ টি ১২ শতাংশৰ পৰা বৃদ্ধি কৰি ১৮ শতাংশ কৰা হৈছে৷ এল ই ডি লেম্প, লাইট এণ্ড ফিক্সাৰ আদিত ১২ শতাংশৰ পৰা বৃদ্ধি কৰি ১৮ শতাংশ কৰা হৈছে৷ ব্যৱহাৰৰ বাবে প্ৰস্তত হৈ উঠা চামৰা, চামৰাৰ সংমিশ্ৰণ আদিৰো জি এছ টিৰ নিৰিখ ১২ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷ পূৰ্বতে জি এছ টিৰ পৰা ৰেহাই থকা হোটেলৰ কোঠা প্ৰতিদিনে এহাজাৰ টকাকৈ ভাড়া লোৱা কোঠাত এতিয়াৰে পৰা ১২ শতাংশ জি এছ টি বলবৎ হ’ব৷ ইফালে থলুৱা ক্ষুদ্ৰ উদ্যোগীয়ে প্ৰস্তুত কৰা সামগ্ৰীতো জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত তেনে ব্যৱসায়ীসকলৰ হাহাকাৰ লাগিছে৷ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেচিনো, অনলাইন গেমিং তথা ঘোঁৰা দৌৰৰ ওপৰত ২৮ শতাংশ জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷  বৈঠকত পৰিষদে বিভিন্ন ৰাজ্যৰ বিত্ত মন্ত্ৰীসকলৰ গোটৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন গ্ৰহণ কৰে, য’ত আছে শুল্ক গাঁথনি সংশোধন কৰা আৰু কিছুমান সামগ্ৰীৰ ওপৰত কৰ ৰেহাই আঁতৰ কৰা তথা কৰৰ হাৰৰ গাঁথনি সৰল কৰা৷ একেদৰে পোষ্টকাৰ্ড আৰু ইনলেণ্ড লেটাৰ, বুক পোষ্ট আৰু ১০ গ্ৰামতকৈ কম ওজনৰ খামৰ বাহিৰে আন সকলো ডাকঘৰ সেৱাৰ ওপৰত কৰ আৰোপ কৰা হ’ব৷  লগতে কেঁচা চাহপাত, চিৰা, পাপৰ মূৰি, মিঠৈ, পিঠাগুৰি, মাখন, গোৱালৰ গাখীৰ আদিৰ দৰে পেকেজিং খাদ্যৰ ওপৰত আৰোপ কৰা হৈছে ৫ শতাংশ জিএছটি৷ জনতাৰ মূৰত ৰাম টাঙোণ শোধাই চিয়াঁহী, ছুৰী-কটাৰী আদিতো ১৮ শতাংশ জিএছটি লগোৱা হৈছে৷  কেঁচা চাহপাতৰ ওপৰত জিএছটি আৰোপ কৰাৰ ফলত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাই দেখা দিছে৷ জিএছটি পৰিষদে শেহতীয়াকৈ ৰাজ্যসমূহক সোণ তথা মূল্যৱান ধাতুৰ আন্তঃৰাজ্যিক সৰবৰাহৰ ক্ষেত্ৰত ই-ৱে বিল জাৰি কৰিবলৈ অনুমতি দিছে৷ কেন্দ্ৰীয় চৰকাৰে দেশৰ ১,৩৯৯ বিধ সামগ্ৰীৰ ওপৰত জিএছটি আৰোপ কৰিছে৷ ইয়াৰ বিপৰীতে জিএছটিৰ পৰা মুক্ত হৈ আছে ১৬৮ বিধহে সামগ্ৰী৷