Logo
image

মণিপুৰত ভূমিস্খলনত অসমৰ শ্ৰমিকসহ নিহত ৭জন, আবদ্ধ ২৩

মাটিয়ে পুতি পেলালে অসমৰ ১২জনক

আমাৰ অসম, ১ জুলাইঃ মণিপুৰৰ ননী জিলাৰ টুপুলত বুধবাৰে নিশা সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ কৱলত পৰিছে মৰিগাঁও জিলাৰ লাহৰিঘাটৰ কুশতুলীৰ ২৩ জন শ্ৰমিক৷ ইয়াৰে এজন শ্ৰমিক নিহত হোৱাৰ উপৰি ৫ জন চিকিৎসাধীন আৰু আন¸ ১৭ জন শ্ৰমিক সন্ধানহীন হৈ আছে৷ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটা শ্ৰমিকজন কুশতুলীৰ খোৰা গোসাঁইবাৰী গাঁৱৰ গোপাল ফুকন [৩২]৷ আনহাতে সন্ধানহীন হৈ থকা শ্ৰমিকসকলৰ ভিতৰত আছে অঞ্চলটোৰ কোচকাটি গাঁৱৰ দীপাংকৰ বৰদলৈ [২৭], খোৰা গোসাঁইবৰী গাঁৱৰ হনুমান কোঁৱৰ [৪৭], সনাল কোঁৱৰ [২৩], উৎপল ফুকন [৪০], মমীন ডেকা ৰজা [৪০], আকাশ লৰম [২১], পল্লৱ লৰম [২২], দেৱজিৎ ফুকন [২৩], বগীয়ান্ত লৰম [৪০], ৰামু ফুকন [৩৫], কুশতলীৰ জুনটি বৰদলৈ [২৭] আৰু লাওভুৰুংগাৰ হৰমোহন ডেকা [৩০]৷ সন্ধানহীন হৈ থকা অসমৰ আন ৪জন শ্ৰমিক নাম  এই বাতৰি যুগুত কৰালৈকে জানিব পৰা হোৱা নাই৷ আনহাতে চিকিৎসাধীন হৈ থকা শ্ৰমিকসকলৰ ভিতৰত আছে কুশতলীৰ প্ৰহ্লাদ বসুমতাৰী [১৯], খোৰা গোসাঁইবৰীৰ মণিৰাম ফুকন [৩৫], ৰমেন ফুকন [৩৩], মহেশ্বৰ ফুকন [৩২] আৰু আমগুৰিৰ জুন বসুমতাৰী [২৪]৷ উল্লেখ্য যে এই শ্ৰমিক কেইজন আজিৰ পৰা বিশদিন পূৰ্বে মণিপুৰলৈ গৈ টুপুলত নিৰ্মাণ হৈ থকা ৰে’ল আলিৰ কামত নিয়োজিত হৈ আছিল৷ ইপিনে ভূমিস্খলনটোৰ পাছত ধবংসস্তুপৰ মাজৰ পৰা ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ আনহাতে বৃহস্পতিবাৰে বিয়লিলৈকে ধবংসস্তুপৰ মাজতে ২৩ জনৰো অধিক লোক আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে৷  বুধবাৰে নিশা সংঘটিত ঘটনাটোৰ পাছতে উদ্ধাৰকাৰী দলে ১৩ জনক ধবংসস্তুপৰ মাজৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আটাইকেইজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ নিৰুদ্দিষ্ট হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে সেনাবাহিনী আৰু এনডিআৰএফৰ জোৱানৰ দলে যুদ্ধকালীন প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ নিহত আৰু নিৰুদ্দিষ্টসকলৰ মাজত আছে ভাৰতীয় সেনাবাহিনীৰ ১০৭ টেৰিটৰিয়েল আৰ্মী কেম্পৰ জোৱানো৷ ঘটনাৰ সময়ত উক্ত শিবিৰটোৰ নিৰাপত্তাৰ দায়িত্বত থকা সেনাৰ জোৱান আৰু শ্ৰমিকসকল নিদ্ৰামগ্ন অৱস্থাত আছিল৷ এনে সময়তে প্ৰচণ্ড শব্দৰে ঘটনাটো সংঘটিত হয়৷ স্থানীয় বাসিন্দাসকলে জনোৱা মতে ভূমিস্খলনটোৰ ফলত সমগ্ৰ এলেকাটো ভূঁইকঁপৰ দৰে জোকাৰণিৰ সৃষ্টি হৈছিল৷ ইপিনে ভয়াৱহ ঘটনাটোৰ পাছত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পৰিস্থিতি মূল্যায়নৰ বাবে জৰুৰী বৈঠকৰ আহ্বান জনোৱাৰ লগতে টুইটযোগে হতাহত সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে৷ আনহাতে ভূমিস্খলনটোৰ ফলত উক্ত এলেকাৰে বৈ যোৱা লেজাই নৈৰ পানী ওলাই যোৱাত বাধাৰ সৃষ্টি হৈছে৷ ফলত উক্ত অঞ্চলটোত বানৰ কবলত পৰাৰ আশংকা কৰা হৈছে৷ এনেক্ষেত্ৰত ননীৰ জিলা প্ৰশাসনে অঞ্চলটোৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে কোনো কাৰণতে যাতে লেজাই নৈৰ কাষলৈ নাযায় তাৰ বাবে নিৰ্দেশ জাৰি কৰিছে৷