Logo
image

বছৰি অসমৰ ৪ হাজাৰ কোটি টকা ক্ষতিৰ আশংকা

ৰাজ্যক জিএছটিৰ ক্ষতিপূৰণ ওভতোৱা পৰ্ব স্তব্ধ, ওলমি ৰ’ল সিদ্ধান্ত

আমাৰ অসম, ১ জুলাইঃ এক ৰাষ্ট্ৰ এক কৰ নীতিৰে কেন্দ্ৰীয় চৰকাৰে ২০১৭ চনৰ জুলাইৰ পৰা সংগ্ৰহ কৰি আহিছে সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জিএছটি৷ পণ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি পৰিবহণ সেৱালৈ সকলো ক্ষেত্ৰৰে পৰা প্ৰত্যক্ষভাৱে সংগ্ৰহ কৰা জিএছটিৰ নিৰ্দিষ্ট অংশ ক্ষতিপূৰণ হিচাপে সকলো ৰাজ্যকে আৰ্থিক অনুদান ৰূপে আগবঢ়াই আহিছে বিত্ত মন্ত্ৰণালয়ে৷ পূৰ্বৰ ঘোষণা অনুসৰি পাঁচ বছৰৰ বাবে ৰাজ্যসমূহক প্ৰদান কৰা জিএছটিৰ ক্ষতিপূৰণ বৃহস্পতিবাৰে মাজনিশাৰ পৰা বন্ধ কৰি দিছে জিএছটি কাউন্সিলে৷ কেইবাখনো ৰাজ্যই জিএছটিৰ ক্ষতিপূৰণ আগৰ দৰে বাহাল ৰাখিবলৈ দাবী জনালেও কাৰ্যতঃ পহিলা জুলাইৰ পৰা অসমৰ লগতে দেশৰ প্ৰতিখন ৰাজ্যৰে জিএছটি ক্ষতিপূৰণ বন্ধ হৈ পৰিব৷ জিএছটি ক্ষতিপূৰণ বন্ধ হৈ পৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰাত এতিয়া হাহাকাৰ লাগিছে ৰাজ্যসমূহৰ ভিতৰচ’ৰাত৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে জিএছটিৰ ক্ষতিপূৰণ কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰাৰ লগে লগে অসমে হেৰুৱাব লাগিব বছৰি গড়ে ৩,৫০০-৪,০০০ কোটি টকা ৰাজহ৷ এক লাখ কোটিৰো অধিক টকাৰ ধাৰ-ঋণত পোত গৈ থকা অসমে পুনৰ কেন্দ্ৰীয় পুঁজিৰ ৩,৫০০-৪,০০০ কোটি টকা ৰাজহ হেৰুৱাবলগীয়া হোৱাত অস্বস্তিত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ৷ অৱশ্যে অসম চৰকাৰে মুকলিকৈ জিএছটিৰ ক্ষতিপূৰণ অব্যাহত ৰখাৰ বাবে কেন্দ্ৰক আবেদন জনোৱা নাই যদিও বিৰোধীশাসিত ১২খন ৰাজ্যই ৩-৫ বছৰলৈ জিএছটি ক্ষতিপূৰণ অব্যাহত ৰখাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰিছে৷ বিগত ২৮ আৰু ২৯ জুনত চণ্ডীগড়ত অনুষ্ঠিত জিএছটি পৰিষদৰ বৈঠকত কেইবাখনো ৰাজ্যই ক্ষতিপূৰণৰ ম্যাদ বৃদ্ধিৰ বিষয়টো উপস্থাপন কৰে৷ কিন্তু উক্ত বৈঠকত ক্ষতিপূৰণৰ ম্যাদ বৃদ্ধিৰ বিষয়টোৰ কোনো মীমাংসালৈ আনিবলৈ সক্ষম নহ’ল পৰিষদ৷ বৈঠকত অধ্যক্ষৰ আসনত বহা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত কয়– ‘ৰাজহ ঘাটি জোৰা মৰাৰ বাবে ৰাজ্যসমূহক ক্ষতিপূৰণ প্ৰদানৰ ম্যাদ বৃদ্ধিৰ বিষয়টো আলোচনা হয় যদিওকোনো নিৰ্ণায়ক সিদ্ধান্ত লোৱা হোৱা নাই৷ বহুকেইখন ৰাজ্যই ক্ষতিপূৰণ অব্যাহত থকাটো বিচাৰিছে৷ বৈঠকত ক্ষতিপূৰণ আদায়ৰ বিষয়টোত ১৬-১৭খন ৰাজ্যই ভাষণ দিয়ে যদিও কোনো সিদ্ধান্ত ল’ব পৰা নগ’ল৷’ উল্লেখ্য, পহিলা আগষ্ট বা আগষ্টৰ প্ৰথম সপ্তাহত তামিলনাডুৰ মাদুৰাইত হ’বলগীয়া জিএছটি পৰিষদৰ পৰৱৰ্তী বৈঠকত জিএছটি ক্ষতিপূৰণৰ ম্যাদ বৃদ্ধি কৰিব নে নাই চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে৷ কাজেই পূৰ্বৰ সিদ্ধান্ত অনুসৰি ৩০ জুনৰ পৰা অসমকে ধৰি প্ৰতিখন ৰাজ্যলৈ ক্ষতিপূৰণ বন্ধ হৈ পৰিল৷ অৱশ্যে জিএছটি পৰিষদে পৰৱৰ্তী বৈঠকত ক্ষতিপূৰণৰ ম্যাদ বৃদ্ধিৰ সপক্ষে সিদ্ধান্ত ল’লেহে ৰাজ্যসমূহে ক্ষতিপূৰণ লাভ কৰিব, অন্যথা চিৰদিনলৈ বন্ধ হৈ পৰিব ক্ষতিপূৰণ৷ লক্ষণীয়ভাৱে চত্তীশগড়, কেৰালা আৰু ৰাজস্থানে বৰ্তমানৰ ৫০ শতাংশৰ পৰিৱৰ্তে ৬০-৭০ শতাংশলৈ ক্ষতিপূৰণৰ হাৰ বৃদ্ধি কৰি অতিৰিক্ত ৫ বছৰলৈ ক্ষতিপূৰণ আদায়ৰ দাবী জনাইছে৷ উল্লেখ্য, বিগত এপ্ৰিলত অসমত ১,৩১৩ কোটি টকা জিএছটি সংগ্ৰহ হোৱাৰ বিপৰীতে মে’ত ১,০৬২ কোটি টকা জিএছটি সংগ্ৰহ কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ অংশ চক্ৰবৃদ্ধি সুদৰ হাৰত আদায় দিয়ে যদিও বিগত ২০২১-২২ বিত্তীয় বৰ্ষত অসমৰ প্ৰাপ্য ৫৪৯ কোটি টকা জিএছটি ক্ষতিপূৰণ অনাদায় হৈ আছে৷ স্বাভাৱিকতেই প্ৰাপ্য বকেয়া আদায় দিয়াত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱাৰ বাবেই অসমতে আজিৰ তাৰিখত মুকলি বজাৰৰ পৰা হাজাৰ হাজাৰ কোটি টকা ঋণ ল’বলগীয়া হৈছে৷ এনে প্ৰেক্ষাপটত ক্ষতিপূৰণ বন্ধ হ’লে অসমে বছৰি লাভ কৰি অহা ৪ হাজাৰ কোটি টকাকেনেকৈ যোৰা মাৰিব সেয়া হৈছে ডাঙৰ প্ৰশ্ন৷