Logo
image

ৰিম’ট কণ্ট্ৰ’ল দিল্লীত পৰিকল্পনা গুৱাহাটীত

ক্ষণে ক্ষণে বৰণ সলালে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে

আমাৰ অসম, ১ জুলাইঃ ‘বোম্বে টু গোৱা’ নহয়, এইবাৰ গুৱাহাটী টু গোৱাহে৷ মহাৰাষ্ট্ৰৰ পৰা প্ৰথমে গুজৰাট, গুজৰাটৰ পৰা অসম, অসমৰ পৰা গোৱা আৰু গোৱাৰ পৰা পুনৰ মহাৰাষ্ট্ৰ৷ সুদীৰ্ঘ ১১ দিনৰ পৰিক্ৰমা৷ তিনিখনকৈ ৰাজ্যত বাহৰ পাতি বিগত ১১ দিন ধৰি দিন অব্যাহত ৰখা ৰাজনৈতিক তৎপৰতা আৰু বিসম্বাদৰ অন্তত বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দে৷ ২০ জুনৰ নিশা প্ৰায় ৯.৩০-১০ বজাত মহাৰাষ্ট্ৰৰ পৰা গৈ শিৱসেনাৰ ১১জনকৈ বিধায়ক উপস্থিত হয় বিজেপিশাসিত গুজৰাটৰ চুৰাটত৷ চহৰখনৰ পঞ্চতাৰকাযুক্ত লে মেৰিডিয়েন হোটেলত পূৰ্বৰে পৰা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ কাৰণে বুকিং আছিল ১১টাকৈ বিলাসী কোঠা৷ ইয়াৰ পাছতে তদানীন্তন উদ্ধব থাকৰে মন্ত্ৰীসভাৰ নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী বিধায়কৰ ১৪জনীয়া দল এটা চাৰ্টাৰ্ড বিমানযোগে মহাৰাষ্ট্ৰৰ পৰা গৈ ২১ জুনৰ মাজনিশা প্ৰায় ১.৩০ বজাত চুৰাটত উপস্থিত হয়৷ ইয়াৰ পূৰ্বে হোটেলখনৰ আন ২৪টা বিলাসী কোঠা বুকিং কৰা হয় সিন্দে বাহিনীৰ বাবে৷ হোটেলখনৰ মুঠ ৩৫টা কোঠা বুকিং কৰা হৈছিল মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ বাবে লক্ষণীয়ভাৱে পঞ্চতাৰকা হোটেলখনত কোঠাসমূহ বুক কৰা হৈছিল কিছুমান সাংকেতিক নামত৷ যেনে এটা এজনীয়া কোঠা ‘মিষ্টাৰ এ’ৰ নামত৷ এটা দুজনীয়া কোঠা ‘মিষ্টাৰ এ আৰু মিছেছ বি’ৰ নামত৷ কোঠা বুকিঙৰ বাবে বিধায়কসকলৰ পৰা কোনোধৰণৰ নথি-পত্ৰ লোৱা হোৱা নাছিল৷ গুজৰাট চৰকাৰৰ এজন শীৰ্ষ আমোলাৰ নিৰ্দেশত হোটেল লে মেৰিডিয়েনত বুক কৰা হৈছিল এই ৩৫টা কোঠা৷ অৱশ্যে এইপৰ্যন্ত এইজন আমোলাৰ নাম সম্পূৰ্ণৰূপে গোপনে ৰখা হৈছে৷ যেন এক অদৃশ্য শক্তিৰ নিৰ্দেশতহে বুকিং কৰা হৈছিল হোটেলৰ কোঠাবিলাক৷ গুজৰাট চৰকাৰে হোটেলখনত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিছিল৷ ৰহস্যজনকভাৱে সিন্দে বাহিনী ২২ জুনৰ পুৱতি নিশা স্পাইচ জেটৰ বিশেষ বয়িং বিমান এখনেৰে চুৰাটৰ পৰা হঠাৎ আহি গুৱাহাটীত উপস্থিত হয়৷ গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত বাহৰ পাতে সিন্দে আৰু তেওঁৰ সহযোগী বিসম্বাদী বিধায়কসকল৷ হোটেল ৰেডিছন ব্লুৰ মুঠ ৭০টা কোঠা অদৃশ্য শক্তিৰ নিৰ্দেশত বুকিং কৰা হয় বিসম্বাদী বিধায়কসকলৰ বাবে৷ প্ৰথম অৱস্থাত সিন্দেৰ লগত চুৰাটৰ পৰা ৩৪জন বিসম্বাদী বিধায়ক গুৱাহাটীলৈ আহিছিল৷ যদিও শেষত বিধায়কৰ সংখ্যা ৪৮জনলৈ বৃদ্ধি পায়৷ অদৃশ্য শক্তিৰ নিৰ্দেশত হোটেল ৰেডিছন ব্লুৰ কোঠাবিলাক বুকিং কৰা হৈছিল যদিও অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পীয়ূষ হাজৰিকা আৰু অশোক সিংহাল, সাংসদ পল্লৱলোচন দাস তথা বিধায়ক সুশান্ত বৰগোহাই ব্যস্ত আছিল মহাৰাষ্ট˜ৰ বিসম্বাদী বিধায়কসকলৰ সৈতে৷ হোটেল ৰেডিছন ব্লুৰ ৭০টাকৈ কোঠা বুকিং কৰিলেও ২২জুনৰ পৰা ২৯জুনৰ বিয়লি পৰ্যন্ত হোটেলখনত সৰ্বসাধাৰণ লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল৷ বাতিল কৰা হৈছিল পূৰ্বৰ সকলো বুকিং৷ নতুনকৈ লোৱা হোৱা নাছিল কোনো বুকিং৷ সুদীৰ্ঘ ৮ দিন গুৱাহাটীত কটোৱাৰ পাছত ২৯ জুনৰ সন্ধিয়া সিন্দে বাহিনী স্পাইচ জেটৰ বয়িং বিমানযোগে ৰাওনা হয় গোৱা অভিমুখে৷ সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ ৪৮জন বিসম্বাদী বিধায়ক নিশা প্ৰায় ৯.৪৫ বজাত গোৱাত উপস্থিত হয় আৰু তাজ ৰিজোৰ্টত বাহৰ পাতে৷ নিশা প্ৰায় ১০.৪৫ বজাত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৱন্তে একনাথ সিন্দে আৰু বিসম্বাদী বিধায়কসকলক হোটেলত সাক্ষাৎ কৰে৷ হোটেল তাজ ৰিজ’ৰ্টত বিধায়কসকলৰ বাবে ৭২টা বিসম্বাদী কোঠা বুকিং কৰা হয়৷ হোটেলখনত অভাৱনীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয় বিধায়কসকল উপস্থিত হোৱাৰ পূৰ্বে৷ নিশাটো গোৱাত কটাই আজি পুৱা একনাথ সিন্দে একাংশ বিসম্বাদী বিধায়কক লগত লৈ চাৰ্টাৰ্ড বিমানযোগে গোৱাৰ পৰা মুম্বাই অভিমুখে ৰাওনা হয়৷ আনহাতে, যিসকল বিধায়ক গোৱাৰ হোটেলত থাকি যায় তেওঁলোকে হোটেলৰ বিলাসী কোঠাতে বিজয় উৎসৱ পালন কৰে৷ মুম্বাইত উপস্থিত হোৱাৰ পাছতে চৰকাৰ গঠনৰ বাবে তৎপৰ হৈ পৰে একনাথ সিন্দে৷ এনেদৰে বিগত ১১ দিন ধৰি ক্ষণে ক্ষণে বৰণসলনি হ’ল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ৷ ঘনে ঘনে সলনি হয় ৰাজনৈতিক দৃশ্যপট৷ এই সমগ্ৰ পৰিঘটনাৰ ৰিমোট কণ্ট্ৰোলৰ মূল ছুইচ কিন্তু নিয়ন্ত্ৰণ হৈ আছিল দিল্লীৰ পৰাহে৷ বিজেপিৰ শীৰ্ষ নেতৃত্বই দৃশ্যপটৰ আঁৰত থাকি নিয়ন্ত্ৰণ কৰি আছিল মহাৰাষ্ট্ৰৰ ৰাজনৈতিক তৎপৰতা৷ দিল্লীৰ পৰা ৰিমোট কণ্ট্ৰোল নিয়ন্ত্ৰণ হ’লেও মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে চৰকাৰ পতনৰ সকলো পৰিকল্পনা কিন্তু চূড়ান্ত হৈছিল গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুৰ বিলাসী কোঠাত৷