Logo
image

আছুৰ বিক্ষোভত উত্তাল অসম

বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰা আৰু পৰ্যাপ্ত বান সাহায্যৰ দাবী

আমাৰ অসম, ১ জুলাইঃ অসমৰ বান-খহনীয়া সমস্যা সমাধান আৰু বান আক্ৰান্ত জনসাধাৰণৰ প্ৰতি চৰকাৰে চূড়ান্ত অৱহেলা কৰাৰ অভিযোগ তুলি বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ গুৱাহাটী মহানগৰীকে ধৰি কামৰূপ, বৰপেটা, নলবাৰী, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, শোণিতপুৰ, যোৰহাট, তিনিচুকীয়া, চৰাইদেউ, গোলাঘাট, ধেমাজি, লখিমপুৰ, দৰং, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা আদিকে ধৰি প্ৰতিখন জিলা সদৰত আছুৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰা হয়৷ অসমৰ অৰ্থনৈতিক ভেটি ভাঙি চূড়মাৰ কৰি পেলোৱা বানপানী, খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্থায়ী সমাধান, বানাক্ৰান্তৰ বাবে বিশেষ পেকেজ ঘোষণা, আক্ৰান্ত জনসাধাৰণক পৰ্যাপ্ত সাহায্য প্ৰদান তথা পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা, ডিমা হাচাও জিলাত ভূমিস্খলনত আক্ৰান্ত ৰাইজক স্থায়ী সংস্থাপন দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ আনহাতে কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাইও গুৱাহাটীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ উজান বজাৰৰ শ্বহীদ ভৱনৰ পৰা দুপৰীয়া আৰম্ভ কৰা এই বিক্ষোভ কাৰ্যসূচীত ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী, সাংগঠনিক সম্পাদকদ্বয় ৰাইফুদ্দিন আহমেদ আৰু দিব্যজ্যোতি মেধি, কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰজমিল আলী, সাধাৰণ সম্পাদক টুটুমণি কলিতা, গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক নয়নজ্যোতি দাস, উপদেষ্টা অলকেশ নাথৰ উপৰি চন্দ্ৰপুৰ, ডিমৰীয়া ছাত্ৰ সন্থাৰ শ শ নেতা-কৰ্মীয়ে সমদল উলিয়াই আগবাঢ়ি যাওঁতে লতাশিল খেলপথাৰৰ ওচৰত আৰক্ষীয়ে বেৰিকেডেৰে বাধা দিয়ে৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ এই দমনমূলক ব্যৱস্থাক গৰিহণা, ধিক্কাৰ দি কয়– অসম চৰকাৰে যিমানেই দমননীতি নচলাওক ছাত্ৰ সন্থাৰ গণতান্ত্ৰিক প্ৰতিবাদ স্তব্ধ কৰিব নোৱাৰে৷ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক অষ্ট লক্ষ্মী বুলি কয়৷ কিন্তু বানপানীৰ কৱলত থকা অসমলৈ আহিবলৈ সময় উলিয়াব নোৱাৰে৷ আন ৰাজ্যত এনে পৰিস্থিতিৰ সৃষ্টি হ’লে প্ৰধানমন্ত্ৰীয়ে সেই ৰাজ্যলৈ গৈ বিশেষ পেকেজ ঘোষণা কৰে৷ তেওঁ অসমলৈ অহাও নাই, নাই বিশেষ পেকেজো৷ এয়া অসমৰ প্ৰতি চূড়ান্ত অন্যায়৷ অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ হিচাপে গণ্য কৰা কেন্দ্ৰীয় চৰকাৰে অসমৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবই লাগিব৷ অসম চুক্তিৰ ৭ নং দফাৰ আধাৰত ছাত্ৰ সন্থাই ৰাইজৰ এই দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰি আহিছে৷ বান-খহনীয়াত আক্ৰান্ত হৈ ৰাইজৰ প্ৰাণ গৈছে, খেতি-বাতি ধবংস হ’ল, ঘৰবাৰী নোহোৱা হ’ল৷ বান-খহনীয়াত আক্ৰান্ত জনসাধাৰণক পৰ্যাপ্ত সাহায্য দিবই লাগিব, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবই লাগিব৷ তেনেদৰে ডিমা হাচাও জিলাত ভূমিস্খলনত ৰাইজৰ ঘৰবাৰী নোহোৱা হ’ল৷ পাহাৰীয়া জিলাখনত ভূমিস্খলনত আক্ৰান্ত জনসাধাৰণক ঘৰ-মাটিসহ পুনৰ সংস্থাপনৰ ব্যৱস্থা ল’ব লাগিব চৰকাৰে৷

আজি ৰাজ্যজুৰি যুৱ-ছাত্ৰৰ অৱস্থান

অসমৰ বানপানী আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, অসমৰ শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণ আৰু বৃহৎ নদীবান্ধ বন্ধৰ তিনিদফীয়া দাবীৰে ১ জুলাইত [শুকুৰবাৰ] অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰত যুৱ-ছাত্ৰ পৰিষদৰ সংশ্লিষ্ট জিলা সমিতিসমূহে ৩ ঘণ্টা অৱস্থান কৰি এই প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু একে দাবীতে জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান কৰিব৷ এই সন্দৰ্ভত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে দেশৰ ভিতৰতে বানপানী আৰু খহনীয়াৰ ক্ষেত্ৰত অসম অতীজৰে পৰা অন্য ৰাজ্যৰ তুলনাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈ আহিছে৷ তৎসত্ত্বেও দিল্লীয়ে কোনো দিনেই অসমৰ বানপানী আৰু খহনীয়া সমস্যাটোক গুৰুত্ব দিয়া নাই৷ কেন্দ্ৰীয় চৰকাৰে অসমৰ ক্ষেত্ৰত সদায় সম্পূৰ্ণ উদাসীন দৃষ্টি গ্ৰহণ কৰি প্ৰতাৰণা কৰি আহিছে৷ যুৱ-ছাত্ৰ পৰিষদে পুনৰবাৰ ৰাজ্যজুৰি গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিবলৈ দাবী উত্থাপন কৰিব৷ অন্যহাতে, ৰাজ্যখনত হোৱা প্ৰলয়ংকৰী বানৰ বুজ ল’বলৈ প্ৰধানমন্ত্ৰীকে ধৰি আন কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সময়ৰ ‘অভাৱ’ৰ বাবে যুৱ-ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ গৰিহণা জনায়৷ আনহাতে, যুৱ-ছাত্ৰ পৰিষদে বৃহৎ নদীবান্ধৰ ফলত বান্ধৰ নামনি অঞ্চলত হ’ব পৰা প্ৰলংয়কৰী বান আৰু খহনীয়া তথা প্ৰাকৃতিক ভাৰসাম্যতা নষ্ট হোৱাৰ প্ৰতি লক্ষ্য কৰি সকলো ধৰণৰ বৃহৎ নদীবান্ধ বন্ধৰ দাবী উত্থাপন কৰি আহিছে৷ ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ সকলো ধৰণৰ বৃহৎ নদীবান্ধ বন্ধৰ কৰা দাবী উত্থাপন কৰিব৷