Logo
image

শ্বেখ হাছিনাৰ উপহাৰ আহিল দিছপুৰলৈ

আমাৰ অসম,২ জুলাইঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ  উপহাৰ আহিল দিছপুৰলৈ৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ উপহাৰ প্ৰেৰণ কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই৷ বাংলাদেশৰ বিখ্যাত আম্ৰপলী আম উপহাৰ হিচাপে প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী হাছিনাই৷ দুই কুইণ্টল উন্নত মানৰ আম্ৰপলী আম উপহাৰ হিচাপে মুখ্যমন্ত্ৰী শৰ্মালৈ প্ৰেৰণ কৰা হৈছে৷ শুকুৰবাৰে বাংলাদেশৰ সহকাৰী উচ্ছ আয়ুক্তৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা আমখিনি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাই৷ এনেধৰণৰ আদান প্ৰদানে চুবুৰীয়া দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক মজবুত কৰিব বুলি মন্তব্য কৰে বাংলাদেশৰ সহকাৰী উচ্ছ আয়ুক্তগৰাকীয়ে৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰ্বেও অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে আম৷ ২০২১ চনত বংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ত্ৰিপুৰাৰ  মুখ্যমন্ত্ৰী বিপ্লৱ দেৱলৈ প্ৰেৰণ কৰিছিল বাংলাদেশৰ বিখ্যাত হাৰিভাংগাৰ আম৷ এইবেলি বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ আম্ৰপলী আম প্ৰেৰণ কৰিছে৷