Logo
image

শতাধিক সন্ধানহীন! সেনা, শ্ৰমিক ৰে’লকৰ্মীসহ ২০টা মৃতদেহ উদ্ধাৰ

এটা পাহাৰেই খহি পৰিল মণিপুৰৰ টুপুল ৰে’ল য়াৰ্ডত

আমাৰ অসম, ২ জুলাইঃ শান্ত প্ৰকৃতি যেন এতিয়া ৰুষ্ট হৈ পৰিছে৷ ভয়ংকৰ প্ৰকৃতিক দুৰ্যোগৰ গ্ৰাসত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল৷ অসমত প্ৰলয়ংকাৰী বান-ভূমিস্খলনত তাণ্ডৱ অব্যাহত থকাৰ মাজতে এইবাৰ চুবুৰীয়া মণিপুৰত সৰ্বকালৰ বৃহৎ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ এসপ্তাহ ধৰি অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত মণিপুৰৰ ইম্ফল-জিৰিমান সংযোগী নিৰ্মীয়মান ৰে’ল প্ৰকল্পস্থলীত পাহাৰ খহি শতাধিক লোকক সমাধিস্থ কৰিছে৷ মণিপুৰৰ ন’নে জিলাৰ টুপুলত বুধবাৰে মাজ নিশা পাহাৰ খহি প্ৰকল্পত কৰ্মৰত শ্ৰমিক-অভিযন্তা আৰু সেনাৰ শিবিৰ মাটিৰে পুতি পেলোৱাৰ পাছত বৰ্তমানলৈ ২০ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেনা আৰু এন ডি আৰ এফৰ দলে৷ এই ভূমিস্খলনত অসম এজন সেনা জোৱানৰ লগতে  আন দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছে৷ অতি উদ্বেগজনকভাৱে বৰ্তমানো অসমৰ দুজন সেনা জোৱান, এজন ৰে’লৱে অভিযন্তা আৰু ১৬ জন শ্ৰমিক সন্ধানহীন হৈ আছে৷ তদুপৰি ভূমিস্খলনত গুৰুতৰভাৱে আহত মৰিগাঁও জিলাৰ আন ৫ জন শ্ৰমিক বৰ্তমান ন’নে জিলাত চিকিৎসাধীন হৈ আছে৷  সেনাৰ সূত্ৰৰ পৰা  লাভ কৰা শেহতীয়া খবৰ অনুসৰি মৰিগাঁৱৰ কুছকাটি গাঁৱৰ দীপাংকৰ বৰদলৈ, গোসাঁইবড়ী গাঁৱৰ পল্লৱ লৰম আৰু ভৰালটোপ গাঁৱৰ ৰূপেন্দ্ৰ কোঁৱৰ নামৰ আন তিনিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা  হৈছে৷ সন্দৰ্ভত প্ৰশাসনৰ ফালৰ পৰা নিশ্চিত কৰা তথ্যত অনুসৰি ভূমিস্খলনত ১০৭ টেৰিট’ৰিয়েল আৰ্মিত কৰ্মৰত বৰপেটাৰ ভৱানীপুৰৰ ৰৌমাৰী গাঁৱৰ জিয়াৰুল হক [২৯] নামৰ জোৱানজনৰ মৃত্যু হৈছে৷ তদুপৰি বৃহস্পতিবাৰে মৰিগাঁৱৰ গোহাঁইবড়ী গাঁৱত গোপাল ফুকন নামৰ এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে শুকুৰবাৰে লাহৰীঘাটৰ কুশতলি গাঁৱৰ হৰমোহন ডেকা নামৰ ৰে’ল প্ৰকল্পত কৰ্মৰত আন এজন শ্ৰমিকৰো মৃতদেহ উদ্ধাৰ হয়৷ ইফালে, ভূমিস্খলনত নলবাৰী আৰু লাহৰীঘাটৰ ১৬ জন শ্ৰমিক সন্ধানহীন হৈ থকাৰ বিপৰীতে ৰে’লৱেত অভিযন্তা হিচাপে কৰ্মৰত গোলকগঞ্জৰ কালডোৱা দ্বিতীয় গাঁৱৰ কমলেশ তালকদাৰো বৰ্তমানলৈ সন্ধানহীন হৈ আছে৷ ইিতমধ্যে ঘটনাস্থলীলৈ কমলেশৰ আত্মীয় ৰাওনা হৈছে৷ ইফালে, টে’ৰিটৰিয়েল আৰ্মীত কৰ্মৰত ডিমা হাচাও জিলাৰ প্ৰিয়ম দত্ত আৰু বলৰাম শৰ্মা নামৰ জোৱানদ্বয়ো ভূমিস্খলনৰ পাছৰে পৰা সন্ধানহীন হৈ আছে৷ ইয়াৰ উপৰি সন্ধানহীন হৈ থকা অসমৰ আন শ্ৰমিককেইজন হৈছে ৰামো ফুকন, জোনটি বৰদলৈ, সোণাল কোঁৱৰ, আকাশ লৰম, টুপেন বৰদলৈ, কাতিৰাম ডেকাৰাজা, সোণো কোঁৱৰ, বাবু ফুকন, কল্পজ্যোতি বৰদলৈ, ৰূপেন্দ্ৰ দেউৰী, উৎপল ফুকন, পল্লৱ ফুকন, বজেন্ত ফুকন,  আৰু নলবাৰী জিলাৰ বৰাজোল গাঁৱৰ ৰাজু আলী৷ ইপিনে, ঘটনাৰ গুৰুত্বতা উপলব্ধি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে কেবিনেট মন্ত্ৰী পীয়ূষ হাজৰিকা শুকুৰবাৰে মণিপুৰলৈ ৰাওনা হৈছে৷ মন্ত্ৰী হাজৰিকাক অসমৰ আবদ্ধ লোকসকলক উদ্ধাৰ অভিযান তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে৷ শুকুৰবাৰে ভূমিস্খলনস্থলীত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লয়৷ উল্লেখ্য, দেশৰ ৰে’ল মানচিত্ৰত মণিপুৰক সংযুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে মণিপুৰত চলাই থকা ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বৃহৎ ৰে’ল প্ৰকল্পৰ নিৰ্মীয়মাণ টুপুল ষ্টেচনত বুধবাৰে মাজ নিশা সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত নিমিষতে মৃত্যু উপত্যকালৈ পৰিণত হৈছিল৷  হাফলং ষ্টেচনত সংঘটিত ভয়ংকৰ ভূমিস্খলন আৰু জলপ্ৰলয়ৰ পাছত মণিপুৰৰ টুপুল ষ্টেচনত সংঘটিত এই ভূমিস্খলন দেশৰ অন্যতম বৃহৎ প্ৰাকৃতিক দুৰ্যোগ হিচাপে চিহ্নিত হৈছে৷ প্ৰবল বৰষুণৰ ফলত টুপুল ষ্টেচন এলেকাত পাহাৰৰ এটা বৃহৎ অংশ খহি পৰাৰ ফলত নিশ্চিহ্ন হৈছে ৰে’লৰ ৰেষ্ট হাউছ, টেৰিট’ৰিয়েল আৰ্মিৰ শিবিৰ, নিৰ্মাণ কোম্পানীৰ শিবিৰ তথা শ্ৰমিকৰ শিবিৰ৷ আনকি স্থানীয় লোকৰ বাসগৃহত পাহাৰৰ মাটিয়ে পুতি পেলায়৷ এন ডি আৰ এফ আৰু আছাম ৰাইফলছে ভূমিস্খলনস্থলীৰ পৰা বৰ্তমানলৈকে ২০ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰে ভিতৰত টেৰিট’ৰিয়েল আৰ্মিৰ ৮ জন জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ আন ১৮জন লোকক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি ন’নে সেনা হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ ৰে’ল বিভাগৰ অভিযন্তা, নিৰ্মাণ কোম্পানীৰ অভিযন্তা, টেৰিট’টৰিয়েল আৰ্মিৰ বিষয়া-জোৱান, শ্ৰমিকসহ শতাধিক লোক বৰ্তমানো নিখোজ হৈ আছে৷ সন্ধানহীনসকলৰ ভিতৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনি অভিযন্তা হৈছে অসমৰ কমলেশ তালুকদাৰ, ৰামানুজ কুমাৰ আৰু দীপক কুমাৰ৷ একেদৰে বি আই পি এল নামৰ নিৰ্মাণ কোম্পানীটোৰ তিনিজন অভিযন্তা নিজ কুশ্বৱাহা, সুবোধ সিং আৰু উপেন্দ্ৰ কুমাৰ পাল সন্ধানহীন বুলি জনা গৈছে৷ টেৰিটৰিয়েল আৰ্মিৰ বিষয়া কপিলদেৱ পাণ্ডে, জুনিয়ৰ কমাণ্ডিং অফিচাৰ উমেশ লামা, সজিত চুৱা আৰু সীতাৰাম ৰায়ৰো সম্ভেদ ওলোৱা নাই৷ ভয়ংকৰ ভূমিস্খলনৰ ফলত পাহাৰীয়া ইজেই নদীৰ জলপ্ৰৱাহ বাধাগ্ৰস্ত হৈ এটা বৃহৎ হ্ৰদৰ সৃষ্টি হৈছে৷  শুকুৰবাৰে নৈখন খান্দি পানী ওলাই যোৱাৰ ব্যৱস্থা কৰা দেখা যায়৷ প্ৰাপ্ত তথ্য অনুসৰি টুপুল ষ্টেচন এলেকাটোত ৰে’ল বিভাগে শিবিৰ পাতি ব্ৰডগজৰ কাম অব্যাহত ৰাখিছিল৷টুপুল ষ্টেচনৰ দাঁতিত আছিল ৰে’ল বিভাগৰ ৰেষ্ট হাউছ৷  ৰেষ্ট হাউছৰ দাঁতিত টেৰিটৰিয়েল আৰ্মিৰ ১০৭ নং বেটেলিয়নৰ শিবিৰ, ইয়াৰ কিছু নিলগত বি আই পি এল নামৰ কোম্পানীটোৰ শিবিৰ আৰু শ্ৰমিকৰ শিবিৰ আছিল৷ বুধবাৰে নিশা ভাত-পানী খাই অভিযন্তা, শ্ৰমিক বিষয়াসকল শোৱাপাটীলৈ যোৱাৰ পাছতে মাজনিশা হঠাতে কাষৰীয়া পাহাৰৰ এটা বৃহৎ অংশ খহি পৰিছিল৷ এই ভূমিস্খলন ইমানেই ভয়ানক আছিল যে কোনো এজন বিষয়া-শ্ৰমিক, নিৰাপত্তাৰক্ষীয়ে নিৰাপদ স্থানলৈ দৌৰি প্ৰাণ ৰক্ষা কৰাৰ সুযোগ নাপালে৷ হতাহতসকলৰ ভিতৰত তিনিজন স্থানীয় বাসিন্দা থকা বুলিও প্ৰকাশ পাইছে৷ অৱশ্যে সময় আগবঢ়াৰ লগে লগে সন্ধানহীন লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ পাহাৰৰ বৃহৎ অংশ এটাই পুতি পেলোৱা অঞ্চলটোত সন্ধানহীনসকলক জীৱন্তে উদ্ধাৰ কৰাৰ আশা ক্ষীণ হৈ পৰিছে৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা সন্ধানহীন লোকৰ তালিকা অনুসৰি চন্দন গুৰুত্ব, দীপকৰ প্ৰধান, বেধ্যায়ন ৰায়, ছেণ্টু বেনাৰ্জী, নিমা অঞ্জু চেপা, উমেশ লিম্ফু, ছেদুপ লামা, বিক্ৰং চাৰ্কি, বিশাল চেত্ৰী, ভূপেন ৰায়, বলৰাম শৰ্মা, প্ৰীতম কুমাৰ দত্ত, প্ৰশান্ত দেৱ, প্ৰিয়ম দত্ত, সঞ্জয় ওৰাওন, টেগবাহাদুৰ থাপা, বাংড়ি তামাং, প্ৰকাশ নেৱাৰ, সিদ্ধান্ত চেত্ৰী, লামুক তামাং, সঞ্জয় দেবনাথ, এছ কে মহিউদ্দিন আহমেদ, শুভম কুমাৰ সিং সন্ধানহীন হৈ আছে৷ ইয়াৰ বাহিৰে মিলন তামাং, ছেৰিং লেপছা, দিবাকৰ থাপা, শংকৰ চেত্ৰী, বেঞ্জামিন ৰায়, মঃ জিয়াৰুল হক, মাৰ্কাজ গুৰুঙৰ মৃতদেহ উদ্ধাৰ হৈছে৷ শুকুৰবাৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ জি অ’ চি লেঃ জেঃ ৰাণা প্ৰতাপ কলিতাই ভূমিস্খলনস্থলী পৰিদৰ্শন কৰে৷

মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন ডিমা হাচাওৰ দুই সেনা জোৱান

মণিপুৰত হোৱা বিধবংসী ভূমিস্খলনত ১০৭ টেৰিট’ৰিয়েল সেনাত কৰ্মৰত ডিমা হাচাও জিলাৰ দুই যুৱক সন্ধানহীন হৈ থকাৰ তথ্য পোহৰলৈ আহিছে৷ মণিপুৰৰ ননি জিলাৰ টুপুল ৰে’ল ষ্টেচনৰ ওচৰত থকা ১০৭নং টেৰিট’ৰিয়েল সেনাৰ শিবিৰত ভূমিস্খলনৰ ফলত সেনাৰ ৯জন জোৱানসহ মুঠ ১৩জনৰ মৃত্যু ঘটিছিল৷ তদুপৰি, সেনা জোৱানসহ মুঠ ৫৪জন সন্ধানহীন হৈ আছে৷ এই সন্ধানহীন হৈ থকাসকলৰ মাজত ডিমা হাচাও জিলাৰ সদৰ হাফলঙৰ কাশীপুৰৰ বাসিন্দা প্ৰিয়ম দত্ত আৰু উমৰাংছ’ৰ গোবিন্দ নগৰৰ বাসিন্দা বলৰাম শৰ্মাও আছে বুলি জানিব পৰা গৈছে৷ দুয়োজন সেনাৰ ১০৭ টেৰিট’ৰিয়েল বাহিনীত কৰ্মৰত হৈ আছিল৷ জিৰিবাম টুপুল ব্ৰডগজ ৰে’লপথ নিৰ্মাণ প্ৰকল্পৰ নিৰাপত্তাৰ দায়িত্বত আছিল সেনাৰ উক্ত বাহিনীটো৷ আনহাতে, এই ভয়ংকৰ ভূমিস্খলনৰ বাতৰি প্ৰকাশ পোৱাৰ লগে লগে প্ৰিয়ম দত্তৰ বাসস্থানত অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ প্ৰিয়ম জীৱিত নে মৃত কোনেও এতিয়ালৈকে নিশ্চিত নহয়৷ সকলোৱে প্ৰাৰ্থনা কৰিছে প্ৰিয়ম যাতে সুকলমে ঘৰলৈ ঘূৰি আহে৷ একে পৰিস্থিতি উমৰাংছ’ৰ বলৰাম শৰ্মাৰ বাসগৃহটো৷ দুয়োটা পৰিয়ালৰ লোকৰ লগতে স্থানীয় জনসাধাৰণে এতিয়া প্ৰাৰ্থনা কৰিছে দুয়োজন সেনা জোৱান যাতে  সুকলমে নিজ নিজ বাসগৃহত উপস্থিত হয়হি৷

লাহৰীঘাটৰ আৰু এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ, সন্ধান নাই ১৬জনৰ

চুবুৰীয়া ৰাজ্য মণিপুৰৰ ননে জিলাৰ টুপুলত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দুজনকৈ শ্ৰমিক নিহত হোৱাৰ লগতে এইপৰ্যন্ত সন্ধানহীন হৈ আছে ১৬ জনকৈ শ্ৰমিক আৰু ৫জনকৈ শ্ৰমিক আহত হৈ চিকিৎসাধীন হৈ আছে৷  আজি কুশতলি গাঁৱৰ হৰমোহন ডেকাৰ মৃতদেহ উদ্ধাৰ হোৱাত লাহৰীঘাটৰ শ্ৰমিকৰ মৃতকৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে৷ পৰিয়ালৰ লোকে হৰমোহন ডেকাৰ মৃতদেহ চিনাক্ত কৰে৷ কালি খোৰা গোহাঁইবড়ী গাঁৱৰ গোপাল ফুকন নামৰ শ্ৰমিকজন নিহত হৈছিল৷ তদুপৰি, ভূমিস্খলনত আহত হোৱা প্তজনকৈ শ্ৰমিক চিকিৎসাধীন অৱস্থাত আছে৷ উল্লেখ্য যে, ২০-২৫দিন পূৰ্বে লাহৰীঘাটৰ কুশতলি, খোৰা গোহাঁইবড়ী, লাউভূৰুংগা, কোঁচ কাটি আৰু বৰবড়ী গাঁৱৰ ২৩জন শ্ৰমিক মণিপুৰৰ ননে জিলাৰ টুপুলত ৰে’ললাইন নিৰ্মাণৰ কাম কৰিবলৈ গৈছিল৷  এই ভূমিস্খলনৰ কৱলত পৰিছে মৰিগাঁও জিলাৰ লাহৰীঘাট কুশতলি অঞ্চলৰ ২৩জনকৈ শ্ৰমিক৷ দুজনকৈ শ্ৰমিক নিহত হোৱাৰ খবৰে এই চাৰিখন গাঁৱৰ ঘৰে ঘৰে কেৱল কান্দোনৰ ৰোল৷ অকল খোৰা গোহাঁইবড়ী গাঁৱৰে ১৩ জনকৈ শ্ৰমিক সন্ধানহীন হৈ আছে৷ নিৰুদ্দেশ হৈ থকা শ্ৰমিককেইজন হৈছে কোচকাটি গাঁৱৰ দীপাংকৰ বৰদলৈ [২৭], খোৰাগোসাঁই বড়ি গাঁৱৰ হনুমান কোঁৱৰ [৪৭], সনাল কোঁৱৰ [৩০], উৎপল ফুকন[৪০], মমিন ডেকা ৰজা [৪০], আকাশ লৰম[২১], পল্লৱ লৰম[২২], দেৱজিৎ ফুকন[২৩], বগীয়ান্ত লৰম [৪০], ৰামু ফুকন [৩৫], কুশতলিৰ জুনটি বৰদলৈ [২৭], বৰবড়ী গাঁৱৰ উপেন পাতৰ আৰু কল্পজ্যোতি বৰদলৈ৷  আনহাতে, আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা শ্ৰমিককেইজন হৈছে কুশতলিৰ প্ৰহ্লাদ বসুমতাৰী[১৯]খোৰাগোসাঁই বড়িৰ মণিৰাম ফুকন[৩৫], ৰমেন ফুকন[৩৩], মহেশ্বৰ ফুকন [৩২] আৰু আমগুৰিৰ জুন বসুমতাৰী[২৪]৷ উল্লেখ্য যে, লাহৰীঘাটৰ আটাইকেইজন শ্ৰমিক মণিপুৰত ৰে’ললাইন নিৰ্মাণৰ কামত জড়িত আছিল৷ আনহাতে, আত্মীয়ই নিৰুদ্দেশ শ্ৰমিককেইজনক উদ্ধাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰে অনুৰোধ জনাইছে৷ ইফালে আজি লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিফ মহম্মদ নাজাৰ সন্ধানহীন আৰু নিহত শ্ৰমিকৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু শোকস্তব্ধ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ আনকি মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই খোৰা গোহাঁইবড়ী গাঁৱত উপস্থিত হৈ শোকাকুল পৰিয়ালক সাক্ষাৎ কৰে৷

নিহত সেনা জোৱান জিয়াৰুলৰ জন্মভূমি ভৱানীপুৰ শোকস্তব্ধ

মণিপুৰৰ ননৱে জিলাৰ টুপুলত বুধবাৰে নিশা প্ৰায় ১২-১০ বজাত সংঘটিত ভূমিস্খলনত কৰ্তব্যৰত অৱস্থাতেই নিহত বীৰ সৈনিক জিয়াৰুল হকৰ[২৯] মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে জিয়াৰুলৰ জন্মভূমি ভৱানীপুৰৰ ৰৌমাৰী গাঁৱৰ লগতে ইয়াৰ পাশ্বৰ্ৱৰ্তী অঞ্চল৷ ৰৌমাৰী গাঁৱৰ কায়েমুদ্দিন আৰু চোহাগী খাতুনৰ পুত্ৰ জিয়াৰুল হকে ২০১৩ বৰ্ষত ভাৰতীয় সৈন্য বাহিনীৰ চাকৰিত যোগদান কৰিছিল৷ মণিপুৰৰ ননৱে জিলাৰ টুপুলত ইম্ফল-জিৰিবাম ৰে’লৱে নিৰ্মাণ প্ৰকল্পৰ কাষত থকা ১০৭ টেৰিট’ৰিয়েল আৰ্মিৰ ১১ জি আৰ শিবিৰত নিশা কৰ্তব্যৰত অৱস্থাত থাকোঁতেই সংঘটিত ভয়াৱহ ভূমিস্খলনত জিয়াৰুল হক নিহত হয়৷ কালি দিনৰ দুই বজাত সেনা বাহিনীৰ তৰফৰ পৰা জিয়াৰুল হকৰ পৰিয়ালক ফোনযোগে জিয়াৰুল ভূমিস্খলনত নিহত হোৱা খবৰ জনোৱাৰ লগে লগে তেওঁৰ পিতৃ, মাতৃ, পত্নীৰ লগতে পৰিয়ালবৰ্গ তথা স্থানীয় ৰাইজৰ মাজত হুৱা-দুৱা লাগি যায়৷ জিয়াৰুল নিহত হোৱাৰ বাতৰিয়ে পৰিয়ালবৰ্গ, আত্মীয়-স্বজন শোকত ভাগি পৰাৰ উপৰি ৰাইজৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ মাজগাঁও আঞ্চলিক হাই মাদ্ৰাছাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ, মাজগাঁও নৱশক্তি কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা উচ্ছতৰ মাধ্যমিক কলা শাখাত উত্তীৰ্ণ হৈ জিয়াৰুলে ২০১৩ বৰ্ষত সেনা বাহিনীত যোগদান কৰিছিল৷ জিয়াৰুলে পিতৃ, মাতৃ, আন তিনিজন ভ্ৰাতৃ, তিনিগৰাকী বিবাহিতা ভগ্নী, পত্নী আজমিনা পাৰবীন, এজন চাৰি বছৰীয়া পুত্ৰ ‘জিছান’ আৰু আন এজন তিনিমহীয়া পুত্ৰ সন্তান ‘মোমাই’ক  এৰি থৈ যায়৷ উল্লেখ্য যে, বুধবাৰে নিশা এঘাৰ বজাত পত্নী আজমিনা পাৰবীনৰ সৈতে ফোনত কিছু কথা পতাৰ পাছত পত্নীক নিশা বাৰ বজাৰ পৰা ‘ডিউটি’ থকা বুলি জনাইছিল৷ সেয়াই আছিল জিয়াৰুল আৰু পত্নী তথা পৰিয়ালবৰ্গৰ সৈতে শেষ কথা-বতৰা৷ দ্বিতীয় সন্তান ‘মোমাই’ৰ জন্মৰ সময়ছোৱাত তিনিমাহ পূৰ্বে জিয়াৰুলে ছুটীত ৰৌমাৰীৰ ঘৰলৈ আহি ডেৰমাহ ছুটী শেষ কৰি অৰ্থাৎ ডেৰমাহ পূৰ্বে পুনৰ কৰ্তব্যস্থলীলৈ গৈ কৰ্তব্যত যোগদান কৰিছিল৷ কালি দিনৰ দুই বজাত জিয়াৰুলৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পাছৰে পৰা আজিলৈ দুটা দিন ধৰি বীৰ সৈনিকজনৰ ৰৌমাৰীৰ বাসগৃহত লোকে লোকাৰণ্য হৈ পৰিছে৷ ৰৌমাৰী গাঁৱৰ জিয়াৰুল হক ছাত্ৰ অৱস্থাৰে পৰা ক্ৰীড়ানুৰাগী, সমাজকৰ্মী, এজন ব্যক্তিত্ববান, আদৰ্শবাদী, শান্ত স্বভাৱৰ আছিল বুলি আজি ৰৌমাৰী অঞ্চলবাসীৰ মুখে মুখে উচ্ছাৰিত হৈছে৷ জিয়াৰুলৰ ব্যক্তিত্ব, প্ৰতিভা, সামাজিক দায়বদ্ধতাৰ বিষয়ে সুঁৱৰি তেওঁৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে ৰাইজে৷ উল্লেখ্য যে, কাইলৈৰ দিনৰ ভাগত জিয়াৰুল হকৰ শৱদেহ নিজৰ জন্মভূমি ভৱানীপুৰৰ ৰৌমাৰী গাঁৱলৈ সামৰিক মৰ্যাদাৰে অৱতৰণ কৰিব বুলি সেনা বাহিনীৰ তৰফৰ পৰা জনাইছে৷ ৰৌমাৰীৰ গঞা ৰাইজে ৰৌমাৰীৰ ৰাজহুৱা কৱৰস্থানত জিয়াৰুলৰ জানাজা সম্পন্ন কৰিব বুলি জানিবলৈ দিছে৷ বীৰ সৈনিক জিয়াৰুল হকক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে ৰাইজ অতি আগ্ৰহী হৈ আছে৷