Logo
image

বানবিধবস্ত বৰাকত তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰী, উপায়ুক্তক জবাবদিহি

নিশাটোৰ ভিতৰতে শৌচাগাৰ, খোৱাপানীৰ ব্যৱস্থা

আমাৰ অসম,২ জুলাইঃ বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা বৰাক উপত্যকাত বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে তৃতীয়বাৰৰ বাবে উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কাছাৰ জিলাৰ বৰাক নদীৰ বেটুকান্দি মথাউৰি পৰিদৰ্শন কৰাৰ লগতে ভগ্ন মথাউৰিৰ পুননিৰ্মাণৰ কাম-কাজৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীজনে৷ প্ৰলয়ংকাৰী বানত বৰাকবাসী ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হৈছে, এসপ্তাহ পৰ্যন্ত বন্যাৰ্তই খোৱাপানী, চাউল-দাইলৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হোৱা সময়ত মুখ্যমন্ত্ৰীৰ বৰাক ভ্ৰমণকলৈ ব্যস্ত হৈ পৰিছে প্ৰশাসনৰ লোক৷ বান পৰিস্থিতি অধ্যয়নৰ বাবে মুখ্যমন্ত্ৰীৰে দিন ঘোষণা কৰাৰ পাছতে আশ্ৰয় শিবিৰত নিশাটোৰ ভিতৰত নিৰ্মাণ কৰা হ’ল শৌচাগাৰ, প্ৰস্ৰাবগাৰ৷ ব্যৱস্থা কৰা হৈছে পৰ্যাপ্ত খোৱাপানী তথা অন্যান্য সা-সামগ্ৰীৰ৷ বৰাকৰ গুৰুচৰন কলেজ আৰু অধৰ চান্দ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ বাবে নিশাটোৰ ভিতৰত নিৰ্মাণ কৰা হৈছে শৌচাগাৰ-প্ৰস্ৰাবগাৰ৷ যোগান উভৈনদী কৰা হৈছে খোৱাপানী, শিশু খাদ্য, চাউল-দাইল তথা অন্যান্য শাক-পাচলিৰ৷ শুকুৰবাৰে বেটুকান্দি মথাউৰি পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–শিলচৰৰ বেটুকান্দি মথাউৰি কটা অভিযুক্তক কঠোৰ শাস্তি দিয়া হ’ব৷  চিআইডিয়ে গুৱাহাটীত গোচৰ ৰুজু কৰিব৷  সকলো তদন্ত চি আই ডিৰ হাতত অৰ্পণ কৰা হৈছে৷ এডিজিপি চিআইডিৰ তত্ত্বাৱধানত এটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব৷  এই তদন্ত কমিটীয়ে চলাব ন্যায়িক প্ৰক্ৰিয়া৷  এই সন্দৰ্ভত মহানগৰৰ পৰা হ’ব সম্পূৰ্ণ তদন্ত৷ ইতিমধ্যে ৬জন দুষ্কৃতিকাৰীক আটক কৰিছে আৰক্ষীয়ে৷ তেওঁলোকক গুৱাহাটীলৈ নিয়া হ’ব৷ কোনো অভিযুক্তক এৰি দিয়া নহ’ব৷ একেদিনাই কাছাৰ জিলাৰ বৰাক নদীৰ ওপৰত বেটুকান্দি মথাউৰি পৰিদৰ্শনৰ লগতে ভাঙন স্থানত চলি থকা পুনৰ্নিৰ্মাণ কাৰ্য্যকলাপ পৰ্যালোচনা কৰে তেওঁ৷  তদুপৰি মথাউৰি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুণগত মানৰ সামগ্ৰী ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ অভিযন্তা সকলক নিৰ্দেশ দিয়ে৷ উল্লেখ্য, বান পৰিস্থিতিৰ বুজ ল’বলৈ শুকুৰবাৰে পুনৰ বৰাকলৈ আহে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ এইদিনা বৰাক উপত্যকাৰ বিধবংসী বানপানী খা-খবৰ লোৱাৰ উদ্দেশ্যে এসপ্তাহৰ ভিতৰত বানবিধবস্ত সময়ত কাছাৰ জিলাত তৃতীয় বাৰৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আজি পুৱা ১০টা ৩০ মান বজাত শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হৈ হেলিকপ্টাৰ যোগে কৰিমগঞ্জলৈ আহে তেওঁ৷ পিছত ৰাতাবাৰী অঞ্চললৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ তাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্তসকলৰ সৈতে মত বিনিময় কৰে৷ তদুপৰি কালিবাৰীৰ সুভাষ হাইস্কুলত স্থাপন কৰা সাহায্য শিবিৰটো পৰিদৰ্শন কৰি আশ্ৰয় শিবিৰত থকা ৰাইজৰ দুৰ্দশাৰ কথাও শুনে৷ তদুপৰি ঔষধ, বিশুদ্ধ খোৱাপানী আৰু শিশুৰ খাদ্যকে ধৰি চবৰে খবৰ লয়৷ এই দিনা মুখ্যমন্ত্ৰীয়ে উপায়ুক্তক বানপানীৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰিবলৈ নিৰ্দেশ দিয়ে যাতে চৰকাৰে ক্ষিপ্ৰতাৰে পুনৰ্বাসনৰ কাম আৰম্ভ কৰিব পাৰে৷ মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জ জিলাৰ বানত ক্ষতিগ্ৰস্ত শ্ৰীৰামপুৰ গাঁও আজি নাৱেৰে পৰিদৰ্শন কৰে৷ বন্যাৰ্তসকলৰ সৈতে কথা-বাৰ্তাৰে বিভিন্ন অসুবিধাৰ বুজ লৈ জিলাখনৰ উপায়ুক্তক সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰে৷ পৰিদৰ্শনকালত ১১৪ নম্বৰ ৰামকৃষ্ণ পাঠশালাও পৰিদৰ্শন কৰি বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সৈতে কথা পাতি চৰকাৰৰ পৰ্যাপ্ত সহযোগিতাৰে বিদ্যালয়খন পুনৰ্নিৰ্মাণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে৷ বানপীড়িত কৰিমগঞ্জ জিলা ভ্ৰমণ কৰি পৰিস্থিতি পৰ্যবেক্ষণৰ অন্তত জিলা প্ৰশাসনৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়৷ জিলা উপায়ুক্তক তাৎক্ষণিকভাৱে জৰীপ আৰম্ভ কৰি বানত ক্ষতিগ্ৰস্ত ঘৰ আৰু মীন পালনত ব্যৱহৃত পুখুৰীৰ পৰিসংখ্যা নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা প্ৰদান কৰোঁ৷ উপায়ুক্তক পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ কথা দোহাৰোঁ৷ কৰিমগঞ্জৰ চন বিল আৰু ইয়াৰ পৰ্যটন সম্ভাৱনাৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি এই অঞ্চলত এটা উন্নতমানৰ অতিথিশালা আৰু ভাসমান সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে৷ পিছত হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী শিলচৰত উপস্থিত হয়৷ শিলচৰৰ অধৰচান্দ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰি শিবিৰত বাহৰ পাতি থকা বন্যাৰ্তসকলৰ কুশল-মংগলৰ বাৰ্তা লয়৷ শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ত আৰ্তজনৰ সুবিধাৰ বাবে স্থাপন কৰা বান সাহায্য আৰু চিকিৎসা শিবিৰ পৰিদৰ্শন কৰে৷ তদুপৰি বানপীড়িত সকলক পুনৰ সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ আন্তৰিক সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে৷ পিছত কাছাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত শেহতীয়া বানত প্ৰাণহানি হোৱা ২৪গৰাকী ব্যক্তিৰ ভিতৰৰ ১০গৰাকীৰ নিকটাত্মীয়লৈ একঁকালীন সাহায্য হিচাপে আগবঢ়োৱা চ্ছ্ৰ লাখকৈ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷  এই দিনা মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা,  সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক কৌশিক ৰায়, উপায়ুক্ত কীৰ্তি জাল্লীৰ লগতে চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল৷ 

শাসকীয় জনপ্ৰতিনিধিৰ প্ৰতি বৰাকবাসীৰ খং কিয়? মুখ্যমন্ত্ৰী

শাসকীয় জনপ্ৰতিনিধিৰ প্ৰতি বৰাকবাসীৰ খং কিয়?  সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক উদ্দেশ্যি এই প্ৰশ্ন মুখ্যমন্ত্ৰী শৰ্মাৰ৷  বৰাক ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাই শাস¸কীয়ৰ দলৰ জনপ্ৰতিনিধি সকলৰ ওপৰত শিলচৰৰ ৰাইজৰ ইমান খং কিয় জানিব বিচাৰে৷ কৰিমগঞ্জত নাওত বহি মন্ত্ৰীৰ জয়ন্তমল্লৰ পৰা এই সন্দৰ্ভত জনাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ পাথাৰকান্দিৰ বিধায়ক কৃষ্ণনেন্দু পাল আৰু ৰাতাবাড়িৰ বিধায়ক বিজয় মালাকাৰৰ পৰাও বিতংভাৱে জনাৰ চেষ্টা কৰিলে মুখ্যমন্ত্ৰীয়ে৷ কৰিমগঞ্জ শনবিলৰ বানকবলিত অঞ্চল এনডিআৰএফৰ নাওৱেৰে পৰিদৰ্শনৰ সময় কথা প্ৰসঙ্গত শিলচৰৰ বান প্ৰসঙ্গ উত্থাপন কৰিছিল বিজয় মালাকাৰে আৰু সেই সময়তেই শিলচৰৰ জনপ্ৰতিনিধি সকলৰ ওপৰত ৰাইজৰ ইমান খং কিয়, তাৰ আঁৰৰ কাহিনী কি? মন্ত্ৰী জয়ন্ত মল্লব বৰুৱাৰ পৰা জনাৰ চেষ্টা কৰে মুখ্যমন্ত্ৰীয়ে৷ মন্ত্ৰী জয়ন্তমল্লই যথাৰীতি ৰিপোৰ্ট দিছে মুখ্যমন্ত্ৰীক৷ তেওঁ কয়– বানৰ সময়ত জনপ্ৰতিনিধিসকল ঘৰৰ পৰা ওলোৱা নাই৷ ঘৰৰ বেলক’নিত বহি ভয়াবহ বানৰ ফটো ফেছবুকত পোষ্ট কৰাত ব্যস্ত আছিল শিলচৰৰ জনপ্ৰতিনিধি সকল৷ লগতে উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ ফটো উঠাত ব্যস্ত আছিল শিলচৰৰ জনপ্ৰতিনিধিসকল৷ ভয়াৱহ বিপদৰ সময়ত এজন জনপ্ৰতিনিধিকো কাষত পোৱা নাই ৰাইজে৷ সেই বাবে ইমান খং৷ মুখ্যমন্ত্ৰীকে এনেদৰে স্পষ্টকৈ জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ নাওত মন্ত্ৰী, বিধায়কসকলৰ লগত মুখ্যমন্ত্ৰীৰ এই সমূহ কথাবতৰা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ ফেছবুক পেজত চলি থকা লাইভ যোগে ৰাষ্ট্ৰ হয় সকলো কথা৷