Logo
image

জামুগুৰিহাটত উৎপাদিত বিশেষ প্ৰজাতিৰ ভোট জলকীয়াৰ চহিদা বাঢ়িছে আন্তঃৰাষ্ট্ৰীয় বজাৰত

আমাৰ অসম, ২ জুলাইঃ-জামুগুৰিহাটৰ মৰিসুঁতিত উৎপাদন কৰা তিনিটা বিশেষ প্ৰজাতিৰ ভোট জলকীয়াই আন্তঃৰাষ্ট্ৰীয় বজাৰত লাভ কৰিছে বিশেষ সমাদৰ৷ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে অষ্ট্ৰেলিয়ান চিটু, অসম টু, এছ ওৱান চিটু নামৰ ভোটজলকীয়া কেইবিধ বজাৰত ক্ৰয় কৰিবলৈ এতিয়া হেতাওপৰা কৰে ক্ৰেতাই৷ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মৰিসুঁতিৰ যুৱ কৃষক জীৱন গুৰুঙে কৃষি বিভাগৰ প্ৰশিক্ষণ তথা সহযোগিতা অবিহনেই উৎপাদন কৰিছে এই কেইবিধ ভোট জলকীয়া৷ কম মাটিতে অধিক পৰিমাণে উৎপাদন কৰা এই নতুন প্ৰজাতিৰ ভোটজলকীয়া খেতি কৰি নতুন প্ৰজন্মৰ খেতিয়ক উপকৃত হ’ব পৰাৰ থল আছে বুলি মন্তব্য কৰিছে যুৱ কৃষক জীৱন গুৰুঙে৷ যুৱ কৃষকজনে লগতে জানিবলৈ দিয়া মতে অসমৰ মাটি ভোট জলকীয়া খেতিৰ বাবে অতি উপযুক্ত৷ চৰকাৰী সা-সুবিধা লাভ কৰিলে অসমৰ যুৱ প্ৰজন্মই অন্যান্য কৃষিকৰ্মৰ লগতে এই ভোটজলকীয়া খেতিতো মনোনিবেশ কৰি আত্ম সংস্থাপনৰ বাট মোকলাব পাৰে৷ উল্লেখ্য যে জামুগুৰিহাটৰ উত্তৰাঞ্চলত উৎপাদন হোৱা ভোট জলকীয়াই পূৰ্বেতে ইতিমধ্যে অত্যধিক জলা জলকীয়া হিচাপে পৰিচয় পাবলৈ সক্ষম হোৱাৰ লগতে এই অঞ্চলত উৎপাদন হোৱা নেমু অসমৰ প্ৰায় সমূহ জিলালৈ ৰপ্তানি হোৱাৰ লগতে বহিঃৰাজ্যলৈও ৰপ্তানি হৈ আছে৷