Logo
image

মহাৰাষ্ট্ৰত আৰম্ভ হ’ল ‘সিন্দেৰাজ’

অটো চালকৰ পৰা মুখ্যমন্ত্ৰীলৈঃ পিতৃ আছিল শ্ৰমিক, মাতৃয়ে কাম কৰিছিল আনৰ ঘৰত

আমাৰ অসম, ২ জুলাইঃ মহাৰাষ্ট্ৰত চলা ৰাজনৈতিক সংকটৰ সময়ত যিজন লোকৰ নাম সৰ্বাধিক চৰ্চালৈ আহিছিল, তেৱেঁই হৈছে একনাথ সিন্দে৷ উদ্ধৱ থাক্‌ৰেৰ নেতৃত্বাধীন  ‘মহা বিকাশ অঘাড়ী’ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ আৰম্ভ কৰাৰ পাছতে নিশাটোৰ ভিতৰতে সমগ্ৰ দেশজুৰি চৰ্চিত হয় একনাথ সিন্দেৰ নাম৷ যাৰ বিসম্বাদে উদ্ধৱ থাক্‌ৰেৰ চকী লৰাই দিয়ে, মহা বিকাশ অঘাড়ী মিত্ৰজোঁটৰ বান্ধ ছিগি যায়৷ দহদিন চলা বিসম্বাদৰ অন্তত সকলোকে আচৰিত কৰি দি একনাথ সিন্দে মুখ্যমন্ত্ৰী হয়৷ সকলোৱে ভাবিছিল যে প্ৰক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিশ মুখ্যমন্ত্ৰী হ’ব৷ কিন্তু তেওঁ উপ-মুখ্যমন্ত্ৰীহে হয় আৰু একনাথক মুখ্যমন্ত্ৰীৰ আসনখন দিয়ে৷ এতিয়া প্ৰশ্ন হয় কোন এই একনাথ সিন্দে, যিয়ে শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাক্‌ৰেৰ গাদীয়েই হিলাই দিলে৷ একনাথ সিন্দে হৈছে মহাৰাষ্ট্ৰৰ থানেৰ বাহুবলী শিৱসেনা নেতা৷ নিজকে শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব থাক্‌ৰেৰ পৰম ভক্ত আৰু আদৰ্শ ধবজাবাহক বুলি দাবী কৰি অহা একনাথ সিন্দে আছিল অতি দুখীয়া পৰিয়ালৰ ল’ৰা৷ তেওঁৰ দেউতাকে কাৰখানাৰ শ্ৰমিক হিচাপে কাম কৰিছিল৷ মাতৃয়ে আনৰ ঘৰে ঘৰে গৈ কাম কৰিছিল৷ আনকি তেৱোঁ পৰিয়াল পোহপাল দিবলৈ অটোৰিক্সা চলাইছিল৷ শিৱসেনাৰ গ্ৰাছৰুট পৰ্যায়ৰ পৰা আহি বালাচাহেব থাক্‌ৰেৰ অতি বিশ্বস্ত হৈ পৰে তেওঁ৷ উল্লেখ্য, একনাথ সিন্দে হৈছে শিৱসেনাৰ এনে এজন নেতা যাৰ এটা ইংগিততে ৪০জন শিৱসেনাৰ বিধায়কে উদ্ধৱৰ সংগ এৰি তেওঁৰ সৈতে বিসম্বাদ কৰিছিল৷ তেওঁৰ বিসম্বাদৰ পাছতে থানেৰ পৰা উদ্ধৱ থাকৰেৰ সকলো পোষ্টাৰ, হ’ৰ্ডিং আঁতৰাই পেলোৱা হয়৷ একনাথ কেৱল এটা নাম নহয়, তেওঁ নিজেই এটা পাৰ্টীৰ দৰে৷ উল্লেখ্য, থানেৰ একাংশ মুছলমান লোকেই একনাথ সিন্দেক শিৱসেনাত ভৰ্তি কৰাইছিল৷ তেওঁৰ দুই সন্তান পানীত ডুবি মৃত্যু হোৱাৰ পাছত এৰি দিছিল ৰাজনীতি৷ কিন্তু পাছত পুনৰ ঘূৰি আহিছিল ৰাজনীতিলৈ৷