Logo
image

তোমাৰ বাবেই দেশ জ্বলিছে! ঘটিছে উদয়পুৰ-কাণ্ড

নূপুৰ শৰ্মাক তীব্ৰ ভৎৰ্সনা উচ্ছতম ন্যায়ালয়ৰ

আমাৰ অসম, ২ জুলাইঃ বিজেপিৰ বিতৰ্কিত নেত্ৰী নূপুৰ শৰ্মাৰ চেলবেলিয়া মুখেৰে কোৱা কথাই সমগ্ৰ দেশতে জুইজ্ব লাইছে বুলি মন্তব্য কৰিছে উচ্ছতম ন্যায়ালয়ে৷ তদুপৰি নূপুৰ শৰ্মাৰ চৰম আপত্তিজনক মন্তব্যৰ বাবেই উদয়পুৰৰ দৰ্জী কানহায়ালাল তেলী হত্যাৰ বলি হ’ল বুলিও উচ্ছতম ন্যায়ালয়ে বিস্ফোৰক মন্তব্য কৰিছে৷ সৰ্বোচ্ছ আদালতে নিলম্বিত বিজেপি নেত্ৰী নূপুৰ শৰ্মাক ইছলামৰ ধৰ্মগুৰু হজৰত মহম্মদ সম্পৰ্কত কৰা অশোভনীয় আৰু অপমানজনক মন্তব্যৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ আহ্বান জনাইছে৷ বিজেপিৰ নেত্ৰী নূপুৰ শৰ্মাই তেওঁৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত ৰুজু হোৱা গোচৰসমূহ দিল্লীত একত্ৰিত কৰাৰ নিৰ্দেশ দিয়াৰ বাবে উচ্ছতম ন্যায়ালয়ত আবেদন জনাইছিল৷ ন্যায়াধীশ সূৰ্যকান্ত আৰু জে বি পাড়িয়ালাৰ অৱসৰকালীন বিচাৰপীঠে তেওঁৰ আবেদন নাকচ কৰে৷ এই আবেদনৰ শুনানিত উচ্ছতম ন্যায়ালয়ৰ বিচাৰপীঠে নূপুৰ শৰ্মাক তেওঁৰ আপত্তিজনক মন্তব্যৰ বাবে ভৎৰ্সনা কৰে৷ উচ্ছতম ন্যায়ালয়ে কৰা এই ভৎৰ্সনাসূচক মন্তব্য বিচাৰকে মুখেৰে উচ্ছাৰণ কৰিলেও সেয়া লিখিত নিৰ্দেশত লিপিবদ্ধ কৰা নাই৷ এনে পৰিস্থিতিত নূপুৰ শৰ্মাই দেশবাসীৰ ওচৰত ক্ষমা খোজাতো ধৰা-বন্ধা নহয় বুলি মন্তব্য কৰিছে আইনী বিশেষজ্ঞ ই৷ হজৰত মহম্মদৰ বিষয়ে চৰম অপমানজনক মন্তব্য কৰা নূপুৰ শৰ্মাৰ বিৰুদ্ধে দেশজুৰি বিভিন্ন স্থানত গোচৰ ৰুজু হ’লেও তেওঁক কোনো ৰাজ্য বা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰা নাই৷ ইয়াৰ বিপৰীতে নূপুৰ শৰ্মাৰ টেলিভিছনৰ বিতৰ্কত কৰা মন্তব্য যিজন সাংবাদিকে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ ফলত বিষয়টো পোহৰলৈ আহিল, সেই মহম্মদ জুবেইৰক ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ মহম্মদ জুবেইৰক অৱশ্যে এই ঘটনাৰ বাবে নহয়, ২০১৮ চনত কৰা এটা টুইটৰ বাবে যোৱা ২৫ জুনত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ মহম্মদ জুবেইৰে দিল্লী উচ্ছ ন্যায়ালয়ত জামিন বিচাৰিলেও আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰা নাই, বৰং পুনৰ চাৰি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে নিম্ন আদালতে প্ৰদান কৰা ৰায়ক সমৰ্থন জনাইছে৷ ‘অল্ট নিউজ’ৰসহ প্ৰতিষ্ঠাতা মহম্মদ জুবেইৰে মুকলিভাৱে কৈছে যে, তেওঁক তেওঁৰ উপাধি আৰু ধৰ্মৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, পাৰস্য উপসাগৰীয় দেশত নূপুৰ শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাত বিজেপিয়ে তেওঁক দলীয় অনুসন্ধান সম্পূৰ্ণ নোহোৱালৈ নিলম্বিত কৰিছিল৷ নিলম্বনৰ পাছত নূপুৰ শৰ্মাই আত্মপক্ষ সমৰ্থন কৰি যিকেইটা টিভি চেনেলত সাক্ষাতকাৰ দিয়াৰ সুযোগ পাইছিল, তাৰ প্ৰত্যেকটো বক্তব্যতে তেওঁ মহম্মদ জুবেইৰে টিভি বিতৰ্কৰ বক্তব্য ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ ফলতহে হজৰত মহম্মদ সন্দৰ্ভত মধ্যপ্ৰাচ্যৰ দেশৰ সৈতে ভাৰততো হুলস্থূল হোৱা বুলি বাৰম্বাৰ উল্লেখ কৰি মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছিল৷ নূপুৰ শৰ্মাৰ দাবীৰ ফলত নহ’লেও মহম্মদ জুবেইৰক সেই ঘটনাৰ পাছতে ২০১৮ চনৰ টুইটৰ বাবে গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ পক্ষপাতিত্ব স্পষ্ট হৈ পৰিছে৷

নূপুৰ শৰ্মাৰ আবেদনৰ শুনানিত মৌখিকভাৱে উচ্ছতম ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কৰা মন্তব্যক লৈ প্ৰকৃততে উল্লসিত হ’ব পৰাৰ কোনো কাৰণ নাই৷ কিয়নো, এয়া উচ্ছতম ন্যায়ালয়ৰ লিখিত নিৰ্দেশ নহয়৷ ন্যায়াধীশ সূৰ্যকান্ত আৰু জেবি পাড়িৱালাৰ বিচাৰপীঠে কয়– ‘তেওঁ আচলতে সোলোক-ঢোলোক জিভাৰে চৰম দায়িত্বজ্ঞানহীন মন্তব্য কৰিছে৷ তেওঁ টিভিত কৰা এই মন্তব্যই দেশত জুই জ্বলাইছে৷ তথাপি তেওঁ দাবী কৰিছে, বিগত দহ বছৰ ধৰি তেওঁ অধিবক্তা হৈ আছে৷ তেওঁ অনতিবিলম্বে সমগ্ৰ দেশবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা উচিত৷’ ন্যায়াধীশ পাড়িৱালাই কয়– ‘নূপুৰ শৰ্মাৰ বক্তব্যই উদয়পুৰৰ কানহায়ালাল তেলীৰ হত্যাৰ বাবে দায়ী৷’ বিচাৰপীঠে কয়– ‘হয় তেওঁ সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে এই মন্তব্য কৰিছে, নহয় সেয়া তেওঁৰ ৰাজনৈতিক এজেণ্ডা বা তেওঁক চয়তানে লম্ভিছে৷ তেওঁ কৈছে, তেওঁৰ সুৰক্ষাৰ প্ৰতি ভীতিৰ সৃষ্টি হৈছে৷ পিছে তেওঁহে দেশৰ সুৰক্ষা, নিৰাপত্তাৰ প্ৰতি ভীতিৰ কাৰণ হৈ পৰিছে৷ দেশত যি ঘটনা সংঘটিত হৈছে, তাৰ বাবে এই ভদ্ৰমহিলা এককভাৱে দায়ী৷’ বিচাৰপীঠে ‘টাইমছ নাও’ টিভিকো এনে সংবেদনশীল আৰু বিচাৰাধীন বিষয় এটা আলোচনাৰ বাবে নিৰ্বাচিত কৰাত ককৰ্থনা কৰে৷ উল্লেখ্য, ২৬ মে’ত নূপুৰ শৰ্মাই ‘টাইমছ নাও’ টিভিৰ টকশ্ব’ত হজৰত মহম্মদে ছবছৰীয়া আয়েশাক বিয়া কৰোৱা আৰু ৯ বছৰীয়া আয়েশাৰ সৈতে সহবাস কৰা বুলি হজৰত মহম্মদ সম্পৰ্কত ভুল তথ্য প্ৰচাৰ কৰিছিল৷ টিভিৰ টক শ্ব’ত ভাগ লোৱা এজন ইছলামধৰ্মী আলোচকক নূপুৰ শৰ্মাই কৈছিল– ‘তুমি উৰণীয়া ঘোঁৰাত উঠা আৰু ফুৰুৎকৈ ইয়াৰ পৰা পলোৱা৷ মই তোমাৰ পয়গম্বৰক অপমান কৰো নেকি? কৰো নেকি?’ ইয়াৰ পাছতে নূপুৰ শৰ্মাই ঘৃণামিশ্ৰিত বক্তব্যৰে হজৰত মহম্মদ সন্দৰ্ভত অপমানজনক মন্তব্য কৰিছিল৷