Logo
image

নিষিদ্ধ হ’ল ১৯বিধ প্লাষ্টিক

‘নিৰাপদে’ থাকিব এফএমচিজিৰ প্লাষ্টিক

আমাৰ অসম, ২ জুলাইঃ ২০১৯ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সুৰক্ষা সন্মিলনত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ কৰাৰ বাবে ভাৰতেই আগভাগ লৈছিল৷ সেই সিদ্ধান্ত এতিয়া বাস্তৱায়িত কৰি আজি ১ জুলাইৰ পৰা সমগ্ৰ ভাৰতত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে৷ চৰকাৰী তথ্য মতে ১৯বিধ প্লাষ্টিক [এবাৰ ব্যৱহাৰযোগ্য] নিষিদ্ধ কৰা হৈছে৷ যোৱা বছৰৰ আগষ্টতে বিজ্ঞপ্তি জাৰি কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰণালয়ে এই সিদ্ধান্ত ঘোষণা কৰিছিল৷ সেই সিদ্ধান্ত অনুসৰিয়েই ১ জুলাইৰ পৰা দেশজুৰি বন্ধ হ’ল ‘ছিংগল ইউজ’ বা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক৷ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি এক্সপাণ্ডেড পলিষ্টিৰিন, পলিষ্টিৰিনসহ সকলো ছিংগল ইউজ প্লাষ্টিকৰ উৎপাদন, বিক্ৰী,  আমদানি, বিতৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে৷ ছেম্প’-চাবোনৰ বটল, মাস্ক, বৰ্জনীয় দ্ৰব্য পেলোৱা পেকেট, ছিপছৰ পেকেট, মিঠাই, চিগাৰেটৰ পেকেট ইত্যাদি এই পলিষ্টিৰিনেই  সৰ্বাধিক ব্যৱহাৰ  কৰা হয়৷ এই প্ৰ প্লাষ্টিক ধীৰে ধীৰে ক্ষুদ্ৰাতিক্ষুদ্ৰ খণ্ডত ভাগি গৈ পৰিৱেশৰ মাৰাত্মক প্ৰদূষণৰ সৃষ্টি কৰে৷ তদুপৰি সমগ্ৰ পৃথিৱীত প্লাষ্টিকৰ ৪০ শতাংশ বৰ্জ্য সংগ্ৰহ কৰাই নহয়৷ এই পেলনীয়া বৰ্জ্য প্লাষ্টিক জ্বলাই দি নষ্ট কৰিবলৈ ল’লেও সি পৰিৱেশৰ প্ৰতি ভয়ংকৰ প্ৰদূষণ সৃষ্টি কৰিছে৷ সেয়ে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ হ’লে প্ৰদূষণৰ মাত্ৰা হ্ৰাস পাব৷ ১ জুলাইৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ হৈছে৷ প্ৰশাসনে এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিছে৷ পিছে ১ জুলাইৰ দিনটোত গুৱাহাটী মহানগৰীত অধিকাংশ ক্ষেত্ৰতে প্লাষ্টিকৰ ব্যৱহাৰ চলি থকা দেখা গ’ল৷ ইতিমধ্যে ক্ৰয় কৰি ৰখা প্লাষ্টিকৰ পেকেট শেষ হ’লেহে ভৱিষ্যতে আৰু প্লাষ্টিক ব্যৱহাৰ নকৰে বুলি ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি মজলীয়া আৰু ডাঙৰ ব্যৱসায়ীয়েও মন্তব্য কৰা দেখা গ’ল৷ 

তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ হ’লেও এফ এম চি জি ক্ষেত্ৰত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ অব্যাহত আছে৷  এফ এম চি জি অৰ্থাৎ ‘ফাষ্ট মুভিং কনজিউমাৰ গুড্‌ছ’ৰ ক্ষেত্ৰত  কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰণালয়ে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰি থাকিবলৈ অনুমতি দিছে৷ সেই ক্ষেত্ৰত তেনে সামগ্ৰীৰ উৎপাদক বা পেকেজিং কোম্পানীয়ে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পেকেটৰ ওপৰত আন আভৰণ দি অৰ্থাৎ ‘এক্সটেণ্ডেড প্ৰডিউচাৰ ৰেচপনচিবিলিটি’ [ইপিআৰ] নিৰ্দেশনা মানি চলিব লাগিব৷ ইয়াৰ অৰ্থ এয়াই যে সাধাৰণ লোকৰ ক্ষেত্ৰত আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ ক্ষেত্ৰত চৰকাৰে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিলেও বৃহৎ কোম্পানীৰ ক্ষেত্ৰত একেই নিষেধাজ্ঞা বলৱৎ কৰিব পৰা নাই৷ উল্লেখ্য পৰিৱেশ সুৰক্ষা আইনৰ ১৫ নং অনুচ্ছেদ অনুসৰি নিষিদ্ধ প্লাষ্টিক ব্যৱহাৰ কৰোতাক জৰিমনা কিম্বা কাৰাদণ্ড অথবা দুয়োটা শাস্তি দিয়াৰ বিধান আছে৷ ভাৰতত বছৰি ২.৪ লাখ টন এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহৃত হৈ আহিছিল৷