Logo
image

গুৱাহাটী পুনৰ ক’ভিডৰ গ্ৰাসত, ঘাটি জনতা ভৱনো

চৰকাৰী হাস্পতালত নাই ক’ভিড পৰীক্ষাৰ ব্যৱস্থা

আমাৰ অসম, ৩ জুলাইঃ ৰাজ্যত পুনৰ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণে৷ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছতো ৰাজ্যৰ স্বাস্থ্য বিভাগে বৰ্তমানেও গ্ৰহণ কৰা নাই কোনো সুৰক্ষামূলক ব্যৱস্থা৷ বিশেষকৈ গুৱাহাটী মহানগৰীত ক’ভিডে সংগোপনে বিভিন্নজনক সংক্ৰমিত কৰিছে যদিও সংক্ৰমণৰ প্ৰকৃত তথ্য ৰাজহুৱা হোৱা নাই৷ আশ্চৰ্যজনকভাৱে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পাছতো ৰাজ্য চৰকাৰে অজ্ঞাত কাৰণত চৰকাৰী হাস্পতালত ক’ভিড পৰীক্ষা বন্ধ কৰি ৰাখিছে৷ স্বাস্থ্য বিভাগে ক’ভিডৰ টেষ্টত গুৰুত্ব আৰোপ নকৰাৰ পৰিণতিত সংক্ৰমণে  ছানি ধৰি যিকোনো মুহূৰ্ততে ক’ভিডে ভয়ংকৰ ৰূপ লোৱাৰ আশংকা কৰা হৈছে৷ বিশেষকৈ গুৱাহাটীৰ পৰিস্থিতি অধিক চিন্তাজনক হৈ পৰিছে৷ ক’ভিড পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছে জনতা ভৱনৰ কেইবাটাও বিভাগ প্ৰায় অচল হৈ পৰিছে৷ শনিবাৰে গৃহ আৰু সাধাৰণ প্ৰশাসন বিভাগৰ দুজন আমোলা ক’ভিডত আক্ৰান্ত হয়৷ এই দুই শীৰ্ষ আমোলাৰ উপৰি মুখ্য সচিবৰ কাৰ্যালয়ৰ বিষয়াৰ দেহতো ক’ভিড পজিটিভ ধৰা পৰা বুলি জানিব পৰা গৈছে৷ স্বাভাৱিকতেই এই আটাইকেইটা গুৰুত্বপূৰ্ণ কাৰ্যালয়তে ক’ভিডে প্ৰৱেশ কৰাত কাম-কাজ স্থবিৰ হৈ পৰিছে৷ গুৱাহাটী আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়া ক’ভিডত আক্ৰান্ত হোৱাত আৰক্ষী বাহিনীত অচলাৱস্থাই বিৰাজ কৰিছে৷ গুৱাহাটী মহানগৰীত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত এজনৰ পাছত এজন ক’ভিডত আক্ৰান্ত হোৱাত গৃহ বিভাগকো চিন্তিত কৰি তুলিছে৷ লক্ষণীয়ভাৱে দেশৰ কেইবাখনো চহৰত ক’ভিডৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পোৱাত গুৱাহাটী উচ্ছ ন্যায়ালয়ে ৰাজ্যৰ সকলো আদালততে সামজিক ব্যৱধান আৰু মাস্ক বাধ্যতামূলক কৰিছিল৷ কিন্তু উচ্ছ ন্যায়ালয়ৰ এই সতৰ্কতাৰ পাছতো কোনো আদালতৰ চৌহদতে বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰা পৰিলক্ষিত হোৱা নাই৷ স্বাভাৱিকভাৱেই চৰকাৰৰ দায়িত্বহীনতাৰ বাবে ক’ভিডৰ গ্ৰাসত এতিয়া সমগ্ৰ গুৱাহাটী মহানগৰ৷ শেহতীয়াকৈ অম্বুবাচী মেলাত দূৰ-দূৰণীৰ পৰা অহা লক্ষাধিক ভক্তৰ সমাগমৰ পাছৰে পৰা গুৱাহাটীত ক’ভিডৰ সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ তদুপৰি মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কে গুৱাহাটীত বাহৰ পতাৰ পাছতো বহিঃৰাজ্যৰ বিভিন্ন লোকৰ আগমণ ঘটাৰ লগতে চৰকাৰ তথা শাসকীয় বিজেপি দলৰ বিভিন্ন কাৰ্যসূচীৰ বাবেও দেশৰ ভিন্ন প্ৰান্তৰ পৰা অসমলৈ বহু লোকৰ আহ-যাহ চলিছে৷ কিন্তু বহিঃৰাজ্যৰ পৰা এইসকল কোনো লোকৰে ক’ভিড পৰীক্ষাৰ ব্যৱস্থা নকৰাত সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰা বুলিও নাম প্ৰকাশত অনিচ্ছুক চিকিৎসক-বিশেষজ্ঞই মত ব্যক্ত কৰিছে৷ বৰ্তমান ক’ভিড লক্ষণে দেখা দিয়া যিসকল ব্যক্তিয়ে জেপৰ ধন খৰচ কৰি ব্যক্তিগত হাস্পতাল-লেব’ৰেটৰীত ক’ভিড পৰীক্ষা কৰিছে তেওঁলোকৰহে সংক্ৰমণৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে চৰকাৰে৷ সেয়েহে চৰকাৰী হিচাপত অসমত ব্যক্তিগত লেব’ৰেটৰীত টেষ্ট কৰা দৈনিক ৬০-৭০জনকৈ পজিটিভ লোকৰ তথ্য প্ৰকাশ পাইছে যদিও আক্ৰান্ত ৰোগীৰ সংখ্যা ইয়াতকৈ অধিক হোৱাৰ আশংকা আছে৷ স্বাস্থ্য বিভাগে বিনামূলীয়াকৈ ক’ভিড টেষ্টৰ ব্যৱস্থা নকৰাৰ বাবেই ক’ভিড লক্ষণে দেখা দিয়াৰ পাছতো পৰীক্ষাৰ অবিহনে ঘূৰা-ফুৰা কৰিছে বহু লোকে৷ স্বাভাৱিকতেই স্বাস্থ্য বিভাগৰ দায়িত্বহীনতাৰ বাবে এইসকল লোকে ক’ভিডৰ বাহকৰ ভূমিকা গ্ৰহণ কৰিছে৷ তদুপৰি বহু লোকে ফাৰ্মাচীৰ পৰা টেষ্ট কিট ক্ৰয় কৰি ঘৰতে পৰীক্ষা কৰাত পজিটিভ ধৰা পৰিছে যদিও সেই তথ্যও লুকুৱাই ৰখাৰ অভিযোগ উঠিছে৷ সংক্ৰমণৰ আৰম্ভণিতে চৰকাৰে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত সংক্ৰমণে ভয়াৱহ ৰূপ ল’ব পাৰে বুলিও সকীয়াই দিছে চিকিৎসক-বিশেষজ্ঞ মহলে৷ স্বাস্থ্য বিভাগৰ তথ্য মতে বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৭৮জন লোক৷ ইয়াৰে ৬১জনেই হৈছে গুৱাহাটী মহানগৰীৰ৷ বৰ্তমান ৰাজ্যত ক’ভিড সক্ৰিয় ৰোগী হৈছে ৫০০জন৷