Logo
image

জীৱনৰ আশা ক্ষীণ হৈ আহিছে বহু সন্ধানহীনৰ

ধবংসস্তূপৰ পৰা এইপৰ্যন্ত উদ্ধাৰ ২৯টা মৃতদেহ

আমাৰ অসম, ৩ জুলাইঃ মণিপুৰৰ ন’নে জিলাৰ ভূমিস্খলনস্থলীত সুদীৰ্ঘ তিনিদিন ধৰি উদ্ধাৰ অভিযান অব্যাহত আছে যদিও বৰ্তমানেও আৱদ্ধ প্ৰায় অৰ্ধ শতাধিক লোকৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ মণিপুৰৰ ইতিহাসৰ এই সৰ্ববৃহৎ ভূমিস্খলনত পাহাৰৰ মাটিয়ে পুতি পেলোৱা ধবংসস্তূপৰ পৰা শনিবাৰে বিয়লি পৰ্যন্ত ২৯জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে এন ডি আৰ এফ, এছ ডি আৰ এফ, আৰ্মি আৰু আছাম ৰাইফলছৰ দলে৷ বুধবাৰে মাজনিশা মণিপুৰৰ ন’নে জিলাৰ টুপুলত জিৰিবাম-ইম্ফল সংযোগী নিৰ্মীয়মান ৰে’লৱে প্ৰকল্পত নিয়োজিত অসমৰ ৮জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও বৰ্তমানেও প্ৰায় ১৫জন লোকৰ সন্ধান লাভ কৰা নাই৷ অপ্ৰিয় হ’লেও সত্য যে আবদ্ধ এইসকল লোকক জীৱন্তে উদ্ধাৰৰ আশা যেন ক্ষীণ হৈ আহিছে৷  মৃতদেহ উদ্ধাৰ হোৱাসকলৰ ভিতৰত আছে অসমৰ দুজন সেনা জোৱান আৰু ৬জন শ্ৰমিক৷ ভূমিস্খলনত মৃত্যু হোৱা ১০৭নম্বৰ টেৰিট’ৰিয়েল আৰ্মিৰ জোৱান ডিমা-হাচাও জিলাৰ উমাৰাংছ’ৰ বলৰাম শৰ্মা আৰু বজালী জিলাৰ ভৱানীপুৰৰ ৰৌমাৰী গাঁৱৰ জিয়াৰুল হকৰ মৃতদেহ ইতিমধ্যে স্বগৃহলৈ অনা হৈছে৷ শনিবাৰে অসমৰ আন দুজন শ্ৰমিক বগীয়ান্ত ফুকন আৰু মমিন ডেকাৰজাৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ ভূমিস্খলনত প্ৰাণ হেৰুওৱা মৰিগাঁৱৰ গোপাল ফুকন, হৰমোহন ডেকা, বগীয়ান্ত ফুকন, মমিন ডেকাৰজা, পল্লৱ লৰম আৰু দিপাংকৰ বৰদলৈ নামৰ শ্ৰমিকেইজনৰ মৃতদেহ কাইলৈ বিশেষ বিমান যোগে অসমলৈ অনা হ’ব বুলি ইতিমধ্যে মণিপুৰত  বাহৰ পতা অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই সদৰী কৰিছে৷ মন্ত্ৰী হাজৰিকাই  টুইটাৰ যোগে  প্ৰকাশ কৰা অনুসৰি ভূমিস্খলনত পাহাৰৰ মাটি খহি পৰাত বৰ্তমানো সন্ধানহীন হৈ আছে  অসমৰ আন ১২জন ব্যক্তি৷ ইয়াৰে এজন ৰে’লৱে অভিযন্তা গোলকগঞ্জৰ কমলেশ তালুকদাৰ আৰু বাকী ১১জন মৰিগাঁও তথা নলবাৰী জিলাৰ শ্ৰমিক৷ বৰ্তমান এইসকল আৱদ্ধ লোকক উদ্ধাৰৰ বাবে সেনা-এন ডি আৰ এফে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰাৰ লগতে ৪০খন এক্সকেভেটৰৰ সহায়ত ৪০০ উদ্ধাৰকাৰীয়ে দিনে-নিশাই খনন অব্যাহত ৰাখিছে৷ পাহাৰৰ মাটিত পোত গৈ থকা লোকসকলৰ সম্ভেদ ওলোৱাৰ বাবে প্ৰযুক্তিগত ৱাল ৰাডাৰ আৰু সেনাৰ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰো সহায় লৈছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে মণিপুৰৰ এই ভূমিস্খলনা ইমানেই ভয়াবহ আছিল যে এখন বৃহৎ পাহাৰ তললৈ খহি আহিছিল৷ মাজনিশা মুহূৰ্তৰ ভিতৰতে পাহাৰৰ মাটি খহি অহাত ৰে’লৱে প্ৰকল্পত নিয়োজিত নিমাৰ্ণকাৰী প্ৰতিষ্ঠানৰ শ্ৰমিক, ৰে’লৱে অভিযন্তা আৰু টেৰিট’ৰিয়েল আৰ্মিৰ শিবিৰত শুই থকা কোনো এজন লোকেই দৌৰি আঁতৰি যোৱাৰ চেষ্টা চলোৱাৰ পাছতো ৰক্ষা পোৱা নাছিল৷ অৱশ্যে উদ্ধাৰকাৰী দলে ১৪জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও মণিপুৰ চৰকাৰৰ তথ্য মতে টেৰিট’ৰিয়েল আৰ্মিৰ ২৩জোৱান, ৰে’লৱে ৩৫জন বিষয়া-শ্ৰমিক আৰু ৫জন সাধাৰণ লোক দুৰ্ভাগ্যজনকভাৱে মাটিৰ তলত আৱদ্ধ হৈ পৰে৷ শুকুৰবাৰ পৰ্যন্ত ২০জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে শনিবাৰে আন ৯জন লোকৰ  মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে৷ আনহাতে জীৱন্তে উদ্ধাৰ হোৱা অসমৰ ৫জন শ্ৰমিকৰ ভিতৰত আঘাতপ্ৰাপ্ত হৈ ২জন শ্ৰমিক বৰ্তমান ন’নে জিলা হাস্পতালত চিকিৎসাধীন হৈ আছে৷ মণিপুৰত বিগত তিনি সপ্তাহ ধৰি অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলতেই টুপুলত উক্ত ভূমিস্খলনৰ ঘটনাটো সংঘটিত হৈছিল৷ ফলত পাহাৰৰ মটিয়ে নামনিৰ ন’নে নৈখন ৰূপে পুতি পেলোৱাত স্বাভাৱিক প্ৰৱাহ বন্ধ কৰি হ্ৰদৰ সৃষ্টি কৰিছিল৷ ইতিমধ্যে নৈখন খান্দি পানীৰ প্ৰবাহ অব্যাহত ৰখাৰ  চেষ্টা চলাইছে যদিও যিকোনো মুহূৰ্ততে আৱদ্ধ পানীৰ ধল বাগৰি আহি নামনি অংশত প্ৰলয়ৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে৷ অৱশ্যে শুকুৰবাৰে বতৰ ফৰকাল আছিল যদিও শনিবাৰে পুনৰ বতৰ ডাৱৰীয়া হৈ পৰাত উদ্ধাৰ অভিযানত যথেষ্ট সমস্যাই দেখা দিয়ে৷ ইফালে বৰষুণৰ বাবেই টুপুলৰ ভূমিস্খলনস্থলীৰ কাষতে শনিবাৰে পুৱা ভাগত পুনৰ ভূমিস্খলন হোৱাত উদ্ধাৰকাৰী দলটো চিন্তিত হৈ পৰিছে ৷ ইয়াৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ভূমিস্খলনত মৃতকৰ পৰিয়াললৈ ৫লাখ টকাকৈ আৰু আহতসকলক ৫০হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে৷ উল্লেখ্য, ভূমিস্খলনত বৰ্তমানো আবদ্ধ হৈ থকা অসমৰ লোককেইজন হৈছে ক্ৰমে– গোলকগঞ্জৰ ৰে’লৱে অভিযন্তা কমলেশ তালুকদাৰ, নলবাৰীৰ বৰাজোলৰ ৰাজু আলী, মৰিগাঁৱৰ  সোণাল কোঁৱৰ, আকাশ লৰম, সেৱাজিত ফুকন, উৎপল ফুকন, ৰামু ফুকন, হনুমান কোঁৱৰ, জোনটি বৰদলৈ, উপেন্দ্ৰ কোঁৱৰ, কল্পজ্যোতি বৰদলৈ আৰু তপন পাতৰ৷ উল্লেখ্য, মৰিগাঁৱৰ এই শ্ৰমিকসকলৰ বিপৰীতে ৰে’ল লাইন নিৰ্মাণ প্ৰকল্পত মহৰি হিচাপে কৰ্মৰত হৈ আছিল নলবাৰীৰ ৰাজু আলীয়ে৷

শ্ৰমিকৰ মৃতদেহ বিমানেৰে অনা হ’ব স্বগৃহলৈঃ মন্ত্ৰী পীয়ূষ

আজিও মৰিগাঁও জিলাৰ কুশতলি, খোৱা গোঁসাই বড়ী, কুছকাটি, লাওভূৰোংঙ্গা আৰু বৰবড়ী গাঁৱত অবৰ্ণনীয় শোকাকুল পৰিৱেশ৷ মণিপুৰৰ নানে জিলাৰ টুপুলত সংঘটিত ভূমিস্খলনত মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰে ২৩জনকৈ শ্ৰমিক আক্ৰান্ত হয়৷ ২৩জনৰ ভিতৰত চিকিৎসাধীন হৈ থকা পাঁচজনৰ দুজন সুস্থ হৈছে৷ আনহাতে, আজিলৈ কুশতলি খোৱা গোঁসাইবড়ী আৰু লাওভূৰোংঙ্গা গাঁৱৰ মুঠ পাঁচজনৰ মৃতদেহ উদ্ধাৰ হৈছে৷ প্ৰাপ্ত তথ্য মতে, মৃতদেহ কালি উদ্ধাৰ হৈছিল খোৰাগোসাঁই বড়িৰ পল্লৱ লৰম [২২], লাউভুৰুঙ্গা গাঁৱৰ হৰমোহন ডেকা [৩০], কোচকাটি গাঁৱৰ দিপাংকৰ বৰদলৈ [২৭] আৰু আজি উদ্ধাৰ হৈছে বগীয়ান্ত ফুকন [৪০] আৰু মমিন ডেকাৰজা [৪০]৷ এতিয়ালৈকে সন্ধানহীন শ্ৰমিককেইজন হৈছে আকাশ লৰম [২১], সনাল কোঁৱৰ [৩০], দেৱজিৎ ফুকন [২৩], ৰামু ফুকন [৩৫], উৎপল ফুকন [৪০], হনুমান কোঁৱৰ [৪৭] উপেন্দ্ৰ কোঁৱৰ [৩৫], বৰবৰিৰ তুপেন পাতৰ [৩৪], কল্পজ্যোতি বৰদলৈ [১৯], কুশতলিৰ জোণ্টি বৰদলৈ [২৭ ]৷ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে খোৰাগোসাঁই বড়ি মণিৰাম ফুকন [৩৫], ৰমেন ফুকন [৩৩] আৰু মহেশ্বৰ ফুকন [৩২], আনহাতে, অঞ্চলটোৰ আমগুৰিৰ জোন বসুমতাৰী [২৪] আৰু কুশতলিৰ প্ৰহ্লাদ বসুমতাৰী [১৯] বৰ্তমান সুস্থ হৈ আছে৷ পূৰ্বে অঞ্চলটোৰ ২৩জন লোক থকা বুলি কোৱা হৈছিল যদিও মণিপুৰৰ আক্ৰান্ত যুৱকে আজি ফোনযোগে জনোৱা মতে, আচলতে কেম্পটোত মহৰী ৰাজু আলীসহ [নলবাৰী] অকল কুশতলি অঞ্চলৰ ২১ জনেৰে মিলি মুঠ ২২জন শ্ৰমিক আছিল কেম্পটোত৷  আনহাতে, আজি মোবাইলৰ ফটো চাই উপেন্দ্ৰ কোঁৱৰ নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি পৰিয়ালৰ লোকে জানিব দিছিল যদিও অৱশেষত সেই মৃতদেহটো অন্য স্থানৰ এজন আৰ্মি জোৱানৰ বুলিহে চিনাক্ত কৰা হৈছে৷ আজি মন্ত্ৰী পীয়ূষ হাজৰিকা মণিপুৰলৈ উদ্ধাৰকাৰ্য অধিক গতিশীল কৰাৰ লগতে চিনাক্ত শ্ৰমিকৰ মৃতদেহ অনাৰ সুব্যৱস্থাৰ বাবে পুৱা চাৰি বজাতে ৰাওনা হৈছে৷ এই খবৰে দুৰ্গত পৰিয়ালকেইটাক সামান্য পৰিমাণে হ’লেও সকাহ দিছে৷ তথাপি আপোনজনক শেষবাৰৰ বাবে চাব নোৱৰাৰ বেদনাত তিনিদিন ধৰি ভোকে-পিয়াহে অনিদ্ৰাৰে দিন কটাই প্ৰায় ৩০জন আত্মীয় অসুস্থ হৈ চিকিৎসাধীন হৈছে৷ গাঁওকেইখনত চিকিৎসকৰ দলে ঘৰে ঘৰে গৈ অসুস্থসকলক চেলাইন বেজি অ’ আৰ এছ আদি ঔষধৰ যোগান ধৰিছে পুৱা ভাগৰ পৰা৷ ৩০জন লোকৰ ভিতৰত তিনিজন অধিক অসুস্থ হোৱাত উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ গাঁওখনত সাজু ৰখা হৈছে ১০৮ সেৱাৰ গাড়ী৷ ইফালে আজি অঞ্চলটোৰ গাঁওকেইখনৰ দুৰ্গত শোকস্তব্ধ পৰিয়ালকেইটাৰ আত্মীয়ৰ খবৰ লোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালকেইটাক সমবেদনা জ্ঞাপনৰ বাবে ঘৰে ঘৰে গৈ উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, মিৰা বৰঠাকুৰ, কংগ্ৰেছ নেতা প্ৰদু্যত বৰদলৈ আদি৷ আতাইকেইজন নেতাই দুৰ্যোগৰ বলি হোৱা পৰিয়ালৰ আত্মীয়ৰ তাৎক্ষণিকভাৱে চলিবলৈ চৰকাৰী সাহায্য প্ৰদান কৰা, পৰিয়ালত যোগ্য ব্যক্তি থাকিলে ৰে’লৱেত কৰ্মসংস্থাপন দিয়া, আত্মীয়ক এককালিন সাহায্য প্ৰদান কৰাৰ লগতে আহতসকলক চৰকাৰী খৰচত চিকিৎসা কৰা আৰু নিৰুদ্দিষ্ট প্ৰতিজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়াৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী কৰে৷ আতাইকেইজন নেতাই গাঁওখনৰ দৰিদ্ৰতাৰ দিশটোত চৰকাৰক গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই দুৰ্গত পৰিয়ালকেইটাক সমবেদনা জ্ঞাপন কৰি তেওঁলোকৰ প্ৰাপ্য আদায় কৰাৰ ক্ষেত্ৰত সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে৷ সম্প্ৰতি জিলা প্ৰশাসনে গছ আদি কাটি সৎকাৰৰ বাবে সকলো প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহণ কৰিছে৷ তদুপৰি, প্ৰয়োজনসাপেক্ষে হেলিপেড আদিৰ স্থানো দিনৰ ভাগতে প্ৰশাসনে নিশ্চিত কৰি ৰাখিছে৷ কিয়নো মৃতদেহসমূহ হেলিকপ্টাৰযোগে আনিলে যাতে তাৎক্ষণিকভাৱে ব্যৱস্থা ল’ব পাৰে তাৰ বাবে জিলা প্ৰশাসন সাজু হৈ আছে৷ এনেক্ষেত্ৰত কালিলৈ মৃতদেহ আহিব পাৰে বুলি সকলোৱে আশা কৰিছে যদিও বিভাগীয়ভাৱে বাতৰি লিখা পৰলৈ বিষয়টো স্পষ্টভাৱে প্ৰকাশ কৰা নাই৷