Logo
image

বানে ধোৱা অসমত ৭০ হাজাৰ শিশু আশ্ৰয় শিবিৰত

৪১৫ গৰ্ভৱতী গৃহহাৰা

আমাৰ অসম, ৩ জুলাইঃ ৰাজ্যত বানৰ সংহাৰ বৰ্তমানেও অব্যাহত আছে৷ নেৰানেপেৰাকৈ অব্যাহত থকা বৰষুণৰ ফলত ন ন অঞ্চল বাঢ়নী পানীত বুৰ গৈছে৷ চৰকাৰী তথ্য মতে শনিবাৰেও বানত প্লাবিত হৈ আছে ২৭ খন জিলাৰ ১,৯৩৪ খন গাঁও৷ কপিলী, চেনিমাৰী আৰু বুঢ়িদিহিং নৈৰ লগতে ধুবুৰী, তেজপুৰ আৰু নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ বহু ওপৰৰে বৈ আছে৷ বানৰ সৈতে বৰ্তমানেও সহৱস্থান কৰি আছে ৰাজ্যৰ ২২ লাখ লোকে৷ উদ্বেগজনক বিষয়টো হৈছে চৰকাৰ-প্ৰশাসনৰ ফালৰ পৰা ৫৪২টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে যদিও আশ্ৰয় শিবিৰতে ভৱিষ্যত বন্দী হৈ পৰিছে ৰাজ্যৰ ৭০ হাজাৰ শিশুৰ৷ চৰকাৰী প্ৰতিবেদনত প্ৰকাশ পোৱা মতে বৰ্তমান আশ্ৰয় শিবিৰত আছে ৬৯,৪৫৭ টি শিশু৷ যিসকলৰ অধিকাংশৰে শিক্ষা লাভৰ সকলো কিতাপ পত্ৰ ইতিমধ্যে বানত নষ্ট হৈ গৈছে৷ যাৰ পৰিপ্ৰেক্ষিত ভৱিষ্যতক লৈ এইসকল শিশুৰ লগতে অভিভাৱকসকল চিন্তিত হৈ পৰিছে৷ নিশাটোৰ ভিতৰতে অহা বানত বৃহৎ সংখ্যক শিশুৱে প্ৰয়োজনীয় কিতাপ পত্ৰ উটুৱাই লৈ গ’ল৷ অতিকে উদ্বেগজনকভাৱে আজিও আশ্ৰয় শিবিৰতে আছে ৪১৫গৰাকী গৰ্ভৱতী তথা প্ৰসূতি৷ আশ্ৰয় শিবিৰত থকা-খোৱা তথা চলা ফুৰাত ভয়ংকৰ সমস্যাৰ সন্মুখীন হোৱা প্ৰসূতি আৰু গৰ্ভৱতী মহিলাসকল স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে৷ ইফালে ৰাজ্যত বান-ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭৪ জনলৈ বৃদ্ধি পাইছে৷ শনিবাৰে কাছাৰৰ সোণাইত এজন লোকৰ বানত সলিল সমাধি ঘটে৷

শিলচৰত  বানপানীঃ বেটুকান্দি মথাউৰি কটাৰ সৈতে জড়িত  যুৱকক গ্ৰেপ্তাৰ

শিলচৰ চহৰৰ বৰাক নদীৰ বেটুকান্দি মথাউৰি কটাৰ সৈতে জড়িত অভিযুক্তক শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ কাবুল খান নামৰ এজন যুৱকক  আৰক্ষীয়ে আটক কৰি থানালৈ আনে৷ আৰক্ষীৰ সূত্ৰৰ অনুসৰি, বেটুকান্দি মথাউৰি কাটি থাকোঁতে এটা ভিডিঅ’ কৰা হৈছিল৷ য’ত এজন ব্যক্তিৰ মাত শুনা গৈছিল৷  স্থানীয় ৰাইজক ভিডিঅ’টো দেখুওৱাৰ পাছত অঞ্চলটোৰ একাংশ লোকে সেয়া কাবুল খানৰ কণ্ঠ বুলি চিনাক্ত কৰে৷ তাৰ পিছত আৰক্ষীয়ে কাবুলক সোধা-পোছাৰ বাবে আটক কৰে আৰু পিছত তেওঁক গ্ৰেপ্তাৰ কৰে৷ তদুপৰি আন পাঁচজন অভিযুক্তক আটক কৰিবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে৷