Logo
image

বানত নাহিলেও কংগ্ৰেছৰ পৰা সমষ্টি উদ্ধাৰৰ বাবে আহিব দিল্লীৰ ৰথী-মহাৰথী

হিতাধিকাৰীক বিজেপিলৈ অনাৰ নিৰ্দেশ

আমাৰ অসম, ৩ জুলাইঃ দুটাকৈ ভয়াৱহ বানে ৰাজ্যত তাণ্ডৱ চলোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ এজনো মন্ত্ৰী এইপৰ্যন্ত অসমৰ বানৰ পৰিস্থিতিৰ বুজ ল’বলৈ অহাৰ বাবে সময় নহ’ল৷ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাত্ৰ টুইট কৰিয়ে নিজৰ দায়িত্ব সামৰিলে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ফোন কৰিয়ে নিয়মমাফিক বানৰ খবৰ ল’লে৷ অথচ এইপৰ্যন্ত দ্বিতীয়টো বানত প্ৰায় ১৮০জন লোক মৃত্যুমুখত পৰিছে৷ আজিও বহু জিলাৰ বিস্তৃত অঞ্চল বানৰ তলত আছে৷ বৰাক উপত্যকাত বানৰ বিধবংসী ৰূপ দেখি সকলোৱে বিচুৰ্তি খাবলগীয়া হৈছে৷ কিমান কৃষিভূমি নষ্ট হ’ল, কিমানলোক গৃহহীন হ’ল, কিমান লোক ঘৰ-বাৰী হেৰুৱাই পথৰ দাঁতিত দুৰ্বিসহ অৱস্থাত দিন নিয়াবলগীয়া হৈছে তাৰ কোনো লেখজোখ নাই৷ কিন্তু ইয়াৰ পাছতো অসমবাসীৰ প্ৰতি সদয় নহ’ল দিল্লীৰ নেতাসকল৷ এনে দুৰ্যোগপূৰ্ণ সময়ত অসমবাসীলৈ এবাৰো মনত নপৰিলেও লোকসভাৰ আগন্তুক নিৰ্বাচনৰ লক্ষ্য ৰাখি কিন্তু অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী, দলৰ জ্যেষ্ঠ নেতাৰ সোঁত বোৱাবলৈ ৰণকৌশল চূড়ান্ত কৰিছে বিজেপি দল আৰু চৰকাৰে৷ উল্লেখ্য, মোদী মন্ত্ৰীসভাত বৰ্তমানঅসমৰ দুজনকৈ প্ৰতিনিধি আছে৷ ইয়াৰে সৰ্বানন্দ সোণোৱাল কেবিনেট মন্ত্ৰী আৰু ৰামেশ্বৰ তেলী ৰাজ্যিক মন্ত্ৰী৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদত মঙলদৈৰ সাংসদ দিলীপ শইকীয়া আছে৷ কিন্তু ইয়াৰ পাছতো বিজেপি দল আৰু চৰকাৰে অসমৰ বানাক্ৰান্তক মুঠেই গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল৷ বানৰ সময়ত নাহিলেও কিন্তু ভোটৰ স্বাৰ্থত অসমলৈ আহি সমষ্টিয়ে সমষ্টিয়ে ঘূৰি ফুৰাৰ বাবে সাজু হৈছে মোদী কেবিনেটৰ অধিকাংশ মন্ত্ৰী৷ উল্লেখ্য, বিৰোধীৰ দখলত থকা দেশৰ ১৪৪টা লোকসভা সমষ্টিত সৰ্বাধিক গুৰুত্ব দিয়াৰ সিদ্ধান্ত লৈছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই৷ ইতিমধ্যে এই ১৪৪টা চিনাক্ত কৰা হৈছে৷ ২০২৪চনত অনুষ্ঠিত হ’বলগীয়া লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে এই সমষ্টিকেইটাত তৃণমূল পৰ্যায়ত কাম কৰিব বিজেপি দল আৰু চৰকাৰে৷ আগন্তুক ১৮ মাহৰ বাবে এই ১৪৪টা সমষ্টিৰ দায়িত্ব নিৰ্দিষ্ট একাংশ কেন্দ্ৰীয় মন্ত্ৰীৰ ওপৰত অৰ্পণ কৰা হ’ব৷ কেন্দ্ৰীয় মন্ত্ৰীসকলে এই সমষ্টিসমূহ ৩০ জুলাইৰ পূৰ্বে অন্ততঃ এবাৰকৈ হ’লেও ভ্ৰমণ কৰিব লাগিব৷ লোকসভাৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায় পৰ্যন্ত দলৰ সাংগঠনিক স্থিতি, সমষ্টিসমূহৰ প্ৰধান গুৰুত্বপূৰ্ণ সমস্যা চিনাক্তকৰণ, সমষ্টিৰ ৰাজনৈতিক পৰিস্থিতি, ৰাজনৈতিক প্ৰতিদ্বন্দ্বী, সমষ্টিত দলৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ বাবে ৰোড মেপ প্ৰস্তুতৰ দৰে কাম ৩০ জুলাইৰ পূৰ্বে শেষ কৰিব লাগিব দায়িত্বপ্ৰাপ্ত কেন্দ্ৰীয় মন্ত্ৰীসকলে৷ এই সমস্ত প্ৰকল্পটোক ‘লোকসভা প্ৰবাস যোজনা’ হিচাপে নামকৰণ কৰিছে বিজেপি দলে৷ উল্লেখ্য, অসমৰ তিনিটা লোকসভা সমষ্টি বৰপেটা, কলিয়াবৰ আৰু নগাঁও এই ১৪৪টা ‘ফোকাচ’ লোকসভা সমষ্টিৰ ভিতৰত আছে৷ বৰ্তমান এই তিনিটা সমষ্টিয়ে কংগ্ৰেছৰ দখলত আছে৷ ইয়াৰে বৰপেটা লোকসভা সমষ্টি আব্দুল খালেক, কলিয়াবৰ লোকসভা সমষ্টি গৌৰৱ গগৈ আৰু নগাঁও লোকসভা সমষ্টি প্ৰদ্যুৎ বৰদলৈৰ দখলত আছে৷ বিজেপি দলে যি ১৪৪টা লোকসভা সমষ্টিক চিনাক্ত কৰিছে সেইসমূহৰ অধিকাংশ বৰ্তমান বিৰোধীৰ দখলত আছে৷ বিৰোধীৰ দখলৰ পৰা এই সমষ্টিসমূহ উদ্ধাৰৰ বাবে বিজেপি দলে প্ৰস্তুত কৰি উলিয়াইছে ‘লোকসভা প্ৰভাস যোজনা’৷ উল্লেখ্য, দায়িত্বপ্ৰাপ্ত কেন্দ্ৰীয় মন্ত্ৰীসকলে প্ৰতি ১৫ দিনৰ মূৰে মূৰে এবাৰকৈ নিৰ্দিষ্ট লোকসভা সমষ্টিত ৰাত্ৰি যাপন কৰিব লাগিব৷ প্ৰতি দুমাহৰ মূৰে মূৰে লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিত কৰিব লাগিব এই ৰাত্ৰি যাপন৷ লক্ষণীয়ভাৱে বৰ্তমানপৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে যিসমূহ আঁচনি ৰূপায়ণ কৰিছে সেই আঁচনিৰ সকলো হিতাধিকাৰীৰ তথ্যপঞ্জী প্ৰস্তুত কৰা হ’ব এই প্ৰকল্পৰ অধীনত৷ লোকসভা ভিত্তিত এনে হিতাধিকাৰীৰ সৈতে আলোচনাত মিলিত হ’ব লাগিব দায়িত্বপ্ৰাপ্ত কেন্দ্ৰীয় মন্ত্ৰীসকলে৷ প্ৰতিজন হিতাধিকাৰীৰ নাম, তেওঁলোকৰ ফোন নম্বৰ মণ্ডল আৰু জিলা সমিতিসমূহে সংগ্ৰহ কৰিব লাগিব৷ এই সময়ছোৱাত প্ৰতিজন হিতাধিকাৰীৰ নথি-পত্ৰও সংগ্ৰহ কৰিব লাগিব মণ্ডল আৰু জিলা সমিতিসমূহে৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী উজলা যোজনা, আয়ুস্মান ভাৰত, জলজীৱন মিছন, স্বচ্ছ ভাৰত অভিযান, প্ৰধানমন্ত্ৰী সামাজিক সুৰক্ষা আঁচনি, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা, এক ৰাষ্ট˜ এক ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আদিৰ হিতাধিকাৰীসকলক দলৰ ভোটবেংকলৈ ৰূপান্তৰিত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপি দলে৷ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱক-যুৱতী আৰু মহিলা ভোটাৰক দলৰ ভোটবেংক হিচাপে গঢ়ি তুলিব বিচাৰিছে বিজেপি দলে৷ স্মাৰ্টফোন ব্যৱহাৰ কৰা ভোটাৰ, মটৰ চাইকেল থকা ভোটাৰৰ তালিকা প্ৰস্তুতো কৰিব এই প্ৰকল্পৰ অধীনত৷ বুথ পৰ্যায়তো হিতাধিকাৰীসকলৰ সৈতে সময়ে সময়ে বৈঠকত মিলিত হোৱাৰ নিৰ্দেশ দিয়া হৈছে এই প্ৰকল্পত৷ ফলত বানৰ সময়ত অসমলৈ আহিবলৈ সময় নোপোৱা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ সোঁত শীঘ্ৰে ব’বলৈ আৰম্ভ কৰিব অসমৰ নগাঁও, বৰপেটা আৰু কলিয়াবৰ সমষ্টিলৈ৷ অথচ বানত এইতিনিটা সমষ্টিয়ে অভাৱনীয় ক্ষতিৰ সন্মুখীন হৈছে৷ উল্লেখ্য, কেন্দ্ৰীয় মন্ত্ৰীজনে হিতাধিকাৰীসকলৰ বাসগৃহলৈ গৈ চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত আলোচনা কৰাৰ উপৰি তেওঁলোকৰ সৈতে ছেল্‌ফি আৰু ভিডিঅ’ উঠিব লাগিব৷ এই ভিডিঅ’ আৰু ছেল্‌ফি ছ’চিয়েল মিডিয়াযোগে ব্যাপকভাৱে প্ৰচাৰ কৰিব লাগিব৷ মূলতঃ হিতাধিকাৰীসকলক বিজেপিলৈ অনাৰে অন্যতম ব্লুপ্ৰিণ্ট হ’ল এই যোজনা৷