Logo
image

মহাৰাষ্ট্ৰ জয়ৰ পাছত বিজেপিৰ লক্ষ্য তেলেংগানা, ৰাজস্থান

হায়দৰাবাদৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব

আমাৰ অসম, ৩ জুলাইঃ মহাৰাষ্ট্ৰত চৰকাৰ প্ৰতিষ্ঠা কৰাত সফল হোৱাৰ পাছত বিজেপিৰ দৃষ্টি এতিয়া অ-বিজেপিশাসিত  ৰাজস্থান আৰু দক্ষিণৰ তেলেংগানাত নিবদ্ধ হৈছে৷ ৰাজস্থানত শাসন কৰি থকা কংগ্ৰেছ চৰকাৰক উৎখাত কৰিবলৈ বিজেপিয়ে ইতিমধ্যে কেইবাবাৰো প্ৰচেষ্টা চলাইছে৷ এনে সময়তে এইবাৰ বিজেপিয়ে দক্ষিণলৈ চকু দি তেলেংগানাত বিজেপিৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ দৃঢ় সংকল্প লৈছে৷ তেলেংগানাত সম্প্ৰতি কে চন্দ্ৰশেখৰ ৰাওৰ টি আৰ এছ দলে শাসন চলাই আছে৷ অৱশ্যে ৰাজ্যখন নতুনকৈ সৃষ্টি কৰাৰ পাছৰে পৰা চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বাধীন টি আৰ এছ এ মুকলি প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সন্মুখীন নোহোৱাকৈ শাসন অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷ পিছে তেলেংগানাত ঋণগ্ৰস্ত অসংখ্য কৃষকে বিগত কেইবছৰত আত্মহত্যা কৰিছে আৰু চৰকাৰে কৃষকলৈ আৰ্থিক সাহায্য আগবঢ়োৱা বুলি দাবী কৰিলেও কৃষকৰ একাউণ্টত চৰকাৰৰ ধন নোসোমোৱাৰ অভিযোগ উঠিছে৷  ফলত তলে তলে ৰাজ্যখনৰ ভোটাৰ অসন্তুষ্ট হৈ পৰিছে বুলি বিজেপিয়ে চলোৱা নিজস্ব সমীক্ষাত ধৰা পৰিছে৷ এনে সময়তে তেলেংগানাত বিজেপিৰ শাসন প্ৰতিষ্ঠা কৰাৰ লক্ষ্যস্থিৰ কৰি গেৰুৱা দলটোৱে সোমবাৰৰ পৰা দুদিনীয়াকৈ তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰিছে৷ বিজেপিয়ে যিদৰে বিৰাট আয়োজনেৰে এই কাৰ্যনিৰ্বাহক আয়োজন কৰিছে তালৈ চাই দলটোৰ লক্ষ্য অহা নিৰ্বাচনত বিজয় অৰ্জন বুলি যিকোনো লোকে মন্তব্য কৰিব পাৰিব৷ বিজেপিৰ কেন্দ্ৰীয় সভাপতি জেপি নড্ডাই শুকুৰবাৰে হায়দৰাবাদত দলৰ সমৰ্থকক লৈ এটা বিশাল ৰোড শ্ব’ কৰি ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বাবে চহৰখনত প্ৰৱেশ কৰাৰ যি আয়োজন আছিল সেই আয়োজনেই বিজেপিৰ উদ্দেশ্য সকলোৰে সন্মুখত স্পষ্ট কৰি দিছে৷ শনিবাৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহকত বিজেপিৰ সকলো শীৰ্ষ নেতাই ভাগ লৈছে৷ এই কাৰ্যনিৰ্বাহকত উপস্থিত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি ৰাজ্যৰ প্ৰায় সকলো মন্ত্ৰী আৰু আগশাৰীৰ নেতা৷ দেওবাৰে কাৰ্যনিৰ্বাহকৰ দ্বিতীয় দিনটোৰ শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিশাল জনসভাত অংশ গ্ৰহণ কৰিব৷ বেগামপেটত হ’বলগীয়া এই দলীয় সভাত বিজেপিৰ লক্ষ্যাধিক সদস্যই ভাগ ল’ব৷ উল্লেখ্য ২০২৩ চনৰ ডিচেম্বৰ বা তাৰ পূৰ্বে তেলেংগানাত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ গেৰুৱা দলটোৱে সেই নিৰ্বাচনক যে সহজে লোৱা নাই সেয়া দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ আয়োজনতে স্পষ্ট হৈ পৰিছে৷ বিজেপিৰ ধাৰণা, টি আৰ এছৰ প্ৰতি এতিয়া তেলেংগানাৰ ভোটাৰ ক্ষুব্ধ হৈ পৰিছে৷ সেই সুযোগ হাতত লৈ বিজেপিয়ে ৰাজ্যখনৰ ভোটাৰক ডাবল ইঞ্জিন চৰকাৰৰ সু-ফল কি সেয়া বুজাই ক্ষমতা দখল কৰিবলৈ পৰিকল্পনা লৈছে৷

হায়দৰাবাদৰ বৈঠকত মুখ্যমন্ত্ৰী শৰ্মা

হায়দৰাবাদ চহৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আদি৷ হায়দৰাবাদত থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মাক স্থানীয় অসম সন্মিলনে এক অনুষ্ঠানৰ আয়োজন কৰি বিপুলভাৱে সম্বৰ্ধনা জনায়৷ মুখ্যমন্ত্ৰীয়ে হায়দৰাবাদত থকা অসমৰ লোকসকলৰ সৈতে এই অনুষ্ঠানতে দীঘলীয়া বাৰ্তালাপো কৰে৷