Logo
image

আজি সিন্দেৰ শক্তিপৰীক্ষা এতিয়াও কাছভ-সদৃশ নিৰাপত্তা

আমাৰ অসম, ৪ জুলাইঃ প্ৰকৃত শিৱসেনা কোন– সেই আইনী আৰু সাংবিধানিক যুঁজ অব্যাহত থকাৰ মাজতে সোমবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ আস্থাভোটৰ পূৰ্বে দেওবাৰে ছেমি ফাইনেলসদৃশ অধ্যক্ষ নিৰ্বাচনৰ যুঁজত সিন্দে গোটৰ ৰাহুল নাৰভেকাৰে উদ্ধব থাকৰে গোটৰ ৰাজন ছালভিক পৰাজিত কৰি আজিৰ শক্তিপৰীক্ষাৰ পূৰ্বে চৰকাৰৰ শক্তি প্ৰদৰ্শন কৰিছে৷ সোমবাৰে হ’বলগীয়া আস্থাভোটত সিন্দে গোটে ১৬৬ সদস্যৰ সমৰ্থন লাভ কৰিব বুলি দাবী কৰিছে৷ দেওবাৰে অসুস্থতাৰ বাবে দুজন সদস্য অনুপস্থিত থকাত নাৰভেকাৰে ১৬৪টা ভোট লাভ কৰে আৰু প্ৰতিদ্বন্দ্বী ছালভিয়ে ১০৭টা ভোট লাভ কৰে৷ যদিহে উদ্ধব থাকৰে গোটে যোগ্যতাহীন কৰাৰ দাবী কৰা শিৱসেনাৰ ১৬জন বিধায়কক বাদ দিয়া হয়, তেতিয়া আস্থাভোটত বিজয়ী হ’বলৈ ১৩৭টা ভোটেই যথেষ্ট৷ তেতিয়াও সিন্দে-ফাড়নবিশ চৰকাৰৰ হাতত ১৪৮জন বৈধ বিধায়কৰ ভোট থাকিব৷ সেয়ে সোমবাৰৰ শক্তি পৰীক্ষাক লৈ নিশ্চিত হৈ আছে সিন্দে চৰকাৰ৷

ইপিনে, শিৱসেনাৰ বিসম্বাদী বিধায়কে মুম্বাইত আক্ৰমণ কৰি ধৰা পৰা পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাছভতকৈ অধিক নিৰাপত্তা লাভ কৰা বুলি উদ্ধব থাকৰেৰ পুত্ৰ আদিত্য থাকৰেই কটাক্ষ কৰিছে৷ দেওবাৰে বিধানসভাৰ দুদিনীয়া অধিৱেশনত ভাগ ল’বলৈ সিন্দে চৰকাৰৰ বিধায়কগণ এখন পঞ্চতাৰকা হোটেলৰ পৰা নিশ্চিদ্ৰ নিৰাপত্তাবেষ্টনী লৈ বিধানসভালৈ আহে৷ সেই নিৰাপত্তাা দেখি সদ্য প্ৰাক্তন মন্ত্ৰী আদিত্য থাকৰেই কয়– ‘মুম্বাইত এনে নিশ্চিদ্ৰ নিৰাপত্তা বিধায়কক প্ৰদান কৰা আগতে দেখা নাছিলো৷ আনকি মুম্বাইৰ ২৬/১১ৰ আক্ৰমণকাৰী, জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী আজমল কাছভকো ইমান নিৰাপত্তা প্ৰদান কৰা হোৱা নাছিল৷’