Logo
image

খেতিয়কৰ ৰূপত মন্ত্ৰী বিধায়কৰ পিঠিত বস্তা

আমাৰ অসম, ৪ জুলাইঃ বিশেষ ৰূপত দেখা গ’ল দুজন ৰাজনীতিকক৷ এজন মন্ত্ৰী, আনজন বিধায়ক৷ হাফপেণ্ট পিন্ধি ডিঙিত গামোচা লৈ দেওবাৰে বোকাখাতৰ পথাৰত নামিল স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা৷ ট্ৰেক্টৰেৰে মাটি চহ কৰাৰ পাছত ধানৰ বীজ সিঁচিলে মন্ত্ৰীয়ে৷ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত সমূহীয়া নাৰ্ছাৰীৰ জৰিয়তে দেওবাৰে বোকাখাতৰ পাণবাৰী কৃষিপাম নিগমত বীজ সিঁচাৰ কাম আৰম্ভ কৰে কৃষিমন্ত্ৰীয়ে৷ পাণবাৰী কৃষিপামৰ লগতে ৰৌদুৱাৰ পথাৰ আৰু মহকুমাধিপতি কাৰ্যালয় চৌহদৰ মুঠ চল্লিশ হেক্টৰ মাটিত উন্নত প্ৰজাতিৰ ধান বাহাদুৰ ছাব-ৱানৰ বীজ সিঁচিব কৃষি বিভাগে৷ এইখিনি কঠীয়াৰ দ্বাৰা ২৭ হাজাৰ হেক্টৰ মাটিত ধান ৰুব পৰা যাব৷ দেওবাৰে কৃষিমন্ত্ৰীয়ে চলোৱা ট্ৰেক্টৰৰ সহকাৰী চালকৰ ভূমিকাত দেখা গ’ল বোকাখাতৰ মহকুমাধিপতি, আইএএছ বিষয়া ডাঃ নেহা যাদৱক৷ বীজ সিঁচাৰ পূৰ্বে মন্ত্ৰী বৰাই উত্তৰ-পূব কাজিৰঙা পঞ্চায়তৰ নৱনিৰ্মিত কাৰ্যালয় মুকলি কৰে৷ ইফালে, দেওবাৰে তিনিখন টাটা মোবাইল ট্ৰাকত মৰিয়নিৰ পৰা সাহায্য সামগ্ৰী লৈ নগাঁৱত উপস্থিত হ’ল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী৷ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাক লগত লৈ শুকভিপোতা, ৰাঙলুমুখ আৰু লো-মাটি অঞ্চলত বানপীড়িত ৰাইজৰ মাজত ৰূপজ্যোতিয়ে বিতৰণ কৰিলে সাহায্য সামগ্ৰী৷ ট্ৰাকৰ পৰা সামগ্ৰী নমোৱাত সহায় কৰিলে ৰূপজ্যোতিয়ে৷ গাড়ীৰ পৰা নিজেই পিঠিত চাউল আৰু আলুৰ বস্তা দাঙি নিৰ্দিষ্ট ঠাইলৈ নিলে বিধায়ক ৰূপজ্যোতিয়ে৷ ৰূপজ্যোতিয়ে জনোৱা মতে তেওঁ ৩,৭০,০০০ টকা মূল্যৰ সামগ্ৰী আনিছে নগাঁৱলৈ৷ ৰূপজ্যোতিয়ে কয় যে জলবিদ্যুৎ প্ৰকল্পসমূহে আগতীয়া জাননী নিদিয়াকৈ পানী এৰি দিয়াৰ বাবে অসমৰ ৰাইজৰ ক্ষতি হৈছে৷