Logo
image

মহাৰাষ্ট্ৰৰ পাছত মমতা

হায়দৰাবাদত মোদী-শ্বাহৰ যুদ্ধ ঘোষণা

আমাৰ অসম, ৪ জুলাইঃ কোৱা হয়, সাপে নাপাহৰে কঁকালৰ কোব৷ বিষধৰ সৰ্পই হেনো কঁকালৰ কোব প্ৰতিশোধ পূৰণ নকৰালৈকে মনত ৰাখে৷ ২০১৯ চনত পশ্চিমবংগত ভৰি ভাগি আহত হৈ থকা মমতা বেনাৰ্জীৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, জে পি নড্ডাকে ধৰি বিজেপিৰ সমস্ত কেন্দ্ৰীয় নেতৃত্ব আৰু সকলো ৰাজ্যিক নেতৃত্বই সামুহিক পৰাজয়বৰণ কৰাৰ পাছত দেওবাৰে পুনৰ বিজেপিৰ  শীৰ্ষ নেতৃত্বই পশ্চিমবংগৰ পৰা মমতা বেনাৰ্জীৰ চৰকাৰক উৎখাত কৰাৰ হুংকাৰ দিয়াৰ ঘটনাই বিজেপিয়েও কঁকালৰ কোব পাহৰা নাই বুলি চৰ্চা হৈছে৷ তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত দুদিনীয়াকৈ আয়োজিত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত গেৰুৱা দলটোৱে দাক্ষিণাত্যত বিজেপিৰ শাসন প্ৰতিষ্ঠা কৰিব বুলি গ্ৰহণ কৰা ৰাজনৈতিক প্ৰস্তাৱত পশ্চিমবংগৰ পৰা মমতা বেনাৰ্জী চৰকাৰক উৎখাত কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ বিজেপিৰ কাৰ্যনিৰ্বাহকত সেই প্ৰস্তাৱ দাখিল কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা গেৰুৱা দলটোৰ নিৰ্বাচনী অভিযানৰ ‘মাইক্ৰ’ মেনেজাৰ’ হিচাপে পৰিচিত অমিত শ্বাহে৷ বিজেপিৰ এই ৰাজনৈতিক প্ৰস্তাৱসমূহ সংবাদমেলত ৰাজহুৱা কৰে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অমিত শ্বাহে দাখিল কৰা ৰাজনৈতিক প্ৰস্তাৱত দেশৰ পৰা পৰিয়ালতন্ত্ৰৰ শাসন ওফৰোৱাই বিজেপিৰ প্ৰধান লক্ষ্য বুলি কোৱা হৈছে৷ পৰিয়ালতন্ত্ৰ হিচাপে বিজেপিয়ে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু তেলেংগানাৰ টি আৰ এছ দলৰ কথা উল্লেখ কৰিছে৷ অমিত শ্বাহে স্পষ্টভাৱে কৈছে, উত্তৰ-পূব, পূব আৰু প্ৰায় সম্পূৰ্ণ উত্তৰ ভাৰতত শাসন প্ৰতিষ্ঠাৰ পাছত এইবাৰ বিজেপিৰ লক্ষ্য মূলতঃ দাক্ষিণাত্যত গেৰুৱা দলৰ শাসন প্ৰতিষ্ঠা কৰা৷ ইয়াৰ সমানেই গুৰুত্বসহকাৰে তেওঁলোকে পশ্চিমবংগ আৰু ওড়িশাত বিজেপিৰ শাসন প্ৰতিষ্ঠাৰ লক্ষ্য লোৱা বুলি অমিত শ্বাহে ঘোষণা কৰিছে৷ বিজেপিয়ে সম্প্ৰতি ৬ খন ৰাজ্য দখলৰ পৰিকল্পনা কৰিছে৷ সেই কেইখন ৰাজ্য হৈছে– পশ্চিমবংগ, তেলেংগানা, কেৰালা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু ওড়িশা৷ দক্ষিণত কেৱল কৰ্ণাটকত আৰু পশ্চিমত মহাৰাষ্ট˜ তথা গোৱাত বিজেপিৰ চৰকাৰ আছে৷ অহা বছৰৰ ডিচেম্বৰৰ পূৰ্বে তেলেংগানাত বিধানসভাৰ নিৰ্বাচন  হ’ব৷ সেয়ে বিজেপিৰ প্ৰথম লক্ষ্য হৈছে তেলেংগানা৷ তেলেংগানা  প্ৰতিষ্ঠাৰ পৰা কে চন্দ্ৰশেখৰ ৰাৱে একেৰাহে শাসন চলাই আছে৷ তেওঁৰ টি আৰ এছ  নামতহে দল, চৰকাৰৰ সকলো সিদ্ধান্ত কে চি আৰৰ পুত্ৰ আৰু কন্যাইহে লয় বুলি বিজেপিয়ে ব্যাপক প্ৰচাৰ চলাইছে৷ কে চি আৰ কংগ্ৰেছ বিৰোধী কিন্তু বিজেপিৰো মিত্ৰ নহয়৷ সম্প্ৰতি তেলেংগানাত কে চি আৰৰ টি আৰ এছ দল প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সন্মুখীন হৈছে আৰু এই ভংগুৰতাক বিজেপিয়ে ৰাজনৈতিক মুনাফালৈ পৰিৱৰ্তিত কৰাৰ পৰিকল্পনা কৰিছে৷ ওড়িশাৰ নবীন পট্টনায়ক চৰকাৰো বিজেপিৰ জোঁটত নাই৷ তেওঁকো বিজেপিয়ে এইবাৰ সৰ্বশক্তি প্ৰয়োগেৰে উৎখাতৰ প্ৰয়াস চলাব৷ 

বিজেপিৰ নিকটতম ৰাজনৈতিক লক্ষ্যত কেৰালা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু থাকিলেও নৰেন্দ্ৰ মোদী, অমিত শ্বাহকে  ধৰি শীৰ্ষ নেতৃত্বৰ স্বপ্নপূৰণ তেতিয়াহে  হ’ব, যেতিয়া গেৰুৱা দলটোৱে মমতা বেনাৰ্জীক  শিপাৰে সৈতে উঘালিব পাৰিব৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰা তিনিবাৰ প্ৰবল শক্তি প্ৰয়োগ কৰিও মমতা বেনাৰ্জীক লৰচৰ কৰিব নোৱাৰা বিষয়টো এতিয়া মোদী-শ্বাহৰ বাবে, ঘাইকৈ মোদীৰ বাবে ৰাজনৈতিক শ্ৰেষ্ঠত্বৰ ক্ষেত্ৰত সন্মানৰ প্ৰশ্ন হৈ পৰিছে৷ যাৰ এটা আহ্বানত সমগ্ৰ উত্তৰ, উত্তৰ-পূব আৰু পূব ভাৰতৰ ভোটাৰ একগোট হৈ যায়, যি নিজকে চৌকিদাৰ বুলি ক’লে অৰ্ধেক ভাৰতবাসীয়ে নিজকে চৌকিদাৰ বুলি পৰিচয় দিয়ে, যি ‘চাই পে চৰ্চা’ আয়োজন কৰিলে দেশত চাহ মেলৰ উত্তেজনা বাঢ়ে, সেই মোদীৰ আহ্বানত পশ্চিমবংগৰ ভোটাৰে কেট কুট নকৰাটোৱে মোদী-শ্বাহক শেলে বিন্ধাদি বিন্ধিছে৷ পশ্চিমবংগৰ ভোটাৰৰ আস্থা অৰ্জন কৰিবলৈ মোদীয়ে লকডাউনত বাঢ়ি যোৱা দাঢ়ি ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে সজোৱাৰ চেষ্টা কৰিও বাঙালীৰ অন্তৰ আৰু ভোট জয় কৰিব নোৱাৰিলে৷  ‘অব কি বাৰ, দুশ পাৰ’ বুলি শ্ল’গান দি সমস্ত শক্তিৰে পশ্চিমবংগত জপিয়াই পৰি বিজেপিয়ে বিগত নিৰ্বাচনত ৭৭ খন আসন পাইছিল, য’ৰ ৪-৫ জন বিধায়কে সম্প্ৰতি পদত্যাগ কৰিছে৷ দেশৰ আন ৰাজ্যত কংগ্ৰেছৰ যি অৱস্থা, পশ্চিমবংগত বিজেপিৰ সেই অৱস্থা৷ নিৰ্বাচনৰ পূৰ্বে সোঁত সলনি হোৱাৰ পূৰ্বাভাষ দেখি বিজেপিত যোগ দিয়া হাজাৰে হাজাৰে এতিয়া শৰীৰত গংগাজল ছটিয়াই তৃণমূলৰ লগ লাগিছে৷ এনে সময়তে বিজেপিৰ শীৰ্ষ নেতা অমিত শ্বাহে মমতা বেনাৰ্জীৰ চৰকাৰক উৎখাত কৰাৰ হুংকাৰ দিয়াত শংকাৰ সৃষ্টি হৈছে– গেৰুৱা দলে মহাৰাষ্ট্ৰৰ দৰে পশ্চিমবংগতো একেই অভিযান চলাব নেকি? পোতক তোলাত পাৰ্গত হ’লেও মমতা বেনাৰ্জী জীৱিত থকালৈকে আপাততঃ পশ্চিমবংগ তেনে সম্ভাৱনা তেনেই ক্ষীণ বুলিয়েও ৰাজনৈতিক বিশ্লেষকৰ মত৷ ‘বাংলা নিজেৰ মেয়েকেই চায়’– শ্ল’গানৰ মমতা বেনাৰ্জী ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থকালৈকে দল ক্ষমতাত থাকিব বুলি তৃণমূল কংগ্ৰেছেও বিজেপিক প্ৰতি-হুংকাৰ দিছে৷ ২০১৪ৰ লোকসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে নৰেন্দ্ৰ মোদীক– ‘তুই কে হৰিদাশ পাল, কোমৰে দঢ়ি বেঁধে জেলে পুৰব’ বুলি অপমান কৰিছিল৷ বিজেপিয়ে, মোদীয়ে পাহৰা নাই সেই অপমান৷ কিয়নো সাপে নাপাহৰে কঁকালৰ কোব৷