Logo
image

‘নীলকণ্ঠ’ নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে ওপচালে হিমন্তই

আমাৰ অসম, ৪ জুলাইঃ নীলকণ্ঠৰ দৰে বিহ পান কৰি সকলো সহ্য কৰি অৱশেষত ন্যায় পালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ গুজৰাট কাণ্ড সন্দৰ্ভত নৰেন্দ্ৰ মোদীক ক্লীনশ্বীট উচ্ছতম ন্যায়ালয়ৰ৷ এয়া এক ঐতিহাসিক ৰায়দান৷ এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য যে, তেলেংগানাৰ হাইদৰাবাদ চহৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ লগতে অনুষ্ঠিত দলৰ জাতীয় কৰ্ম সমিতিৰ সভাত গ্ৰহণ কৰা ৰাজনৈতিক প্ৰস্তাৱসমূহ দেওবাৰে এক সংবাদমেলযোগে অবগত কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ৰাজনৈতিক প্ৰস্তাৱ সমূহ জাতীয় কাৰ্যসমিতিৰ বৈঠকত উত্থাপন কৰে৷ পিছত সংবাদ মেলত ড॰ শৰ্মাই কয়– অমিত শ্বাহে নিজৰ ভাষণত প্ৰথমে গুজৰাটৰ সংঘৰ্ষৰ ওপৰত উচ্ছতম ন্যায়ালয়ৰ ৰায়ক ঐতিহাসিক বুলি অভিহিত কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত যি গুৰুতৰ অভিযোগ আৰোপ কৰা হৈছিল, উচ্ছতম ন্যায়ালয়ে এই সকলো অভিযোগক সম্পূৰ্ণ মিছা বুলি স্পষ্ট কৰি দিয়ে৷ প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত আৰোপ কৰা অভিযোগ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি উচ্ছতম ন্যায়ালয়ে মত প্ৰকাশ কৰিছে৷ সুদীৰ্ঘ ১৯ বছৰ ধৰি চলা এই ন্যায় যুদ্ধৰ সময়ত মোদীৰ দৰে এজন ইমান ডাঙৰ নেতাই এটা শব্দও উচ্ছাৰণ নকৰাকৈ ভগৱান মহাদেৱে যিদৰে বিহ পান কৰি নীলকণ্ঠ হৈছিল, ঠিক তেনেদৰে সকলো দুখৰ বিষ পান কৰি, মনত এই বিষ ধাৰণ কৰি ইয়াক সহন কৰি থাকি তেওঁ যুঁজ দি গৈ থাকিল৷ অৱশেষত সোণৰ দৰে প্ৰকৃত সত্য জিলিকি উঠিল৷ প্ৰধানমন্ত্ৰী মোদী শেষ পৰ্যন্ত দোষমুক্ত হৈয়ে থাকিল৷ সুৰক্ষিত আৰু সমৃদ্ধ ভাৰতৰ স্বাৰ্থত আগন্তুক ৩০ বছৰৰ পৰা ৪০ বছৰ পৰ্যন্ত দেশ আৰু ৰাজ্যসমূহত বিজেপি চৰকাৰৰ আৱশ্যকতা আছে৷ আগন্তুক ৩০ বছৰত দেশত প্ৰদৰ্শন, উন্নয়ন আৰু চৰকাৰ চলোৱাৰ সময়৷ তুষ্টিকৰণ, পৰিয়ালবাদ জাতিবাদৰ ৰাজনীতি আৰু নচলিব দেশত৷ আগতে এই বিষয়ৰ ওপৰত ৰাজনীতি চলিছিলে৷ কিন্তু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশ এনে ৰাজনীতিৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ তেলেংগানা আৰু পশ্চিমবংগত পৰিয়ালতান্ত্ৰিক শাসনৰ ওৰ পেলোৱা হ’ব৷ পশ্চিমবংগ, তেলেংগানা, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, উৰিষ্যাত শীঘ্ৰে বিজেপি চৰকাৰ গঠন হ’ব৷ কংগ্ৰেছে জাতিবাদক চৰম সীমা লৈ গৈ শাসন চলাই আছিল৷ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহতো শীঘ্ৰে বিজেপি দলে চৰকাৰ গঠন কৰিব৷ বিজেপি দল স্থায়ীভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ দখল কৰিছে৷ ২০১৪ চনৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকৃতাৰ্থত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে বহু পদক্ষেপ গ্ৰহণ কৰিছে৷ উত্তৰ পূৰ্বাঞ্চলৰ ৬০ শতাংশ অঞ্চলৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰাৰ বিষয়টো বৈঠকত আলোচনা হৈছে৷ ২০২৪ৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ সকলো সমস্যা সমাধানৰ কথা কৈছে গৃহমন্ত্ৰী অমিত শ্বাহে৷ আগন্তুক ৩০/৪০ বছৰ বিজেপিৰ যুগ হ’ব৷ ভাৰত বিশ্বগুৰু হ’ব৷ প্ৰধানমন্ত্ৰী মোদীৰ শাসনত ভাৰতৰ ৰপ্তানি ছয়গুণ বৃদ্ধি পাইছে৷ উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিজেপিক উৎখাত কৰাটো এতিয়া যথেষ্ট কঠিন হ’ব বিৰোধীৰ কাৰণে৷ আজিৰ সংবাদ মেলখনতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসাৰে ওপচাই পেলায়৷