Logo
image

টুপুলৰ ধবংসস্তূপৰ পৰা ওলায়েই আছে মৃতদেহ

আমাৰ অসম, ৪ জুলাইঃ মণিপুৰৰ ভূমিস্খলনস্থলীত প্ৰতি মুহূৰ্ততে এটাৰ পাছত এটাকৈ মৃতদেহ ওলায়েই আছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাসৰ সৰ্ববৃহৎ ভূমিস্খলনৰ ঘটনাটোৰ পাছত চাৰিদিন ধৰি উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এই পৰ্যন্ত আবদ্ধ সকলো লোকৰে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ চুবুৰীয়া ৰাজ্যখনৰ ন’নে জিলাৰ টুপুলৰ ৰে’লৱে য়াৰ্ডত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত মৃত্যু হোৱা শতাধিক লোকৰ ভিতৰত বৰ্তমানলৈ ৪২ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ মৃতদেহ উদ্ধাৰ হোৱাসকলৰ ভিতৰত ২৪ জন সেনা জোৱান আৰু ১৩ জন শ্ৰমিক তথা সাধাৰণ নাগৰিক৷ সেনাৰ সূত্ৰই সদৰী কৰা মতে বৰ্তমানো ৬জন সেনা জোৱানসহ ২৫ জন ৰে’লৱে বিষয়া-শ্ৰমিক পাহাৰৰ মাটিত পোত গৈ থকাৰ সন্দেহ কৰিছে৷ দুখজনকভাৱে দেওবাৰে আবদ্ধসকলৰ ভিতৰত এটি দুবছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ কৰিছে৷ বুধবাৰে মাজনিশা পাহাৰৰ বৃহৎ এটা অংশ খহি আহি ৰে’লৱে য়াৰ্ড নিৰ্মাণত নিয়োজিত শ্ৰমিক, ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিষয়া আৰু ১০৭নং টেৰিট’ৰিয়েল আৰ্মিৰ কেম্প পুতি পেলোৱাত শতাধিক লোক আৱদ্ধ হৈ পৰে৷ অৱশ্যে অসমৰ পাঁচজন শ্ৰমিককে ধৰি আন ১৯জন সেনা জোৱানৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও বাকী লোকসকলে প্ৰাণ ৰক্ষা কৰাৰ কোনো সুযোগেই নাপালে৷ চাৰিদিন ধৰি এন ডি আৰ এফ, এছ ডি আৰ এফ, আছাম ৰাইফলছ আৰু সেনাই চলোৱা উদ্ধাৰ অভিযানৰ অন্তত বৰ্তমানলৈ ৪২জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ ৩০খন এক্সেভেটৰৰ সহায়ত ৪০০ উদ্ধাৰকাৰী জোৱানে কাশ্মিৰৰ পৰা অনা অত্যাধুনিক ৱাল ৰাডাৰ ব্যৱহাৰ কৰি খনন অব্যাহত ৰাখিছে যদিও এতিয়াও বহু লোকৰ সন্ধান পোৱা নাই৷ বৰ্তমানো মাটিৰ তলতে আবদ্ধ হৈ আছে গোলকগঞ্জৰ ৰে’লৱে অভিযন্তা কমলেশ তালুকদাৰ, ডিমা হাচাওৰ সেনা জোৱান প্ৰিয়ম দত্ত, নিৰ্মাণ প্ৰকল্পৰ শ্ৰমিক নলবাৰীৰ ৰাজু আলী, মৰিগাঁৱৰ আকাশ লৰম, সনাল কোঁৱৰ, উৎপল ফুকন, ৰামু ফুকন, হনুমান কোঁৱৰ, জোনটি বৰদলৈ, উপেন্দ্ৰ কোঁৱৰ, কল্পজ্যোতি বৰদলৈ আৰু টপেন পাতৰ৷ অৱশ্যে মৃতদেহ উদ্ধাৰ হোৱা অসমৰ দিপাংকৰ বৰদলৈ, গোপাল ফুকন, হৰমোহন ডেকা আৰু পল্লৱ লৰমৰ নশ্বৰদেহ দেওবাৰে ঘৰলৈ ঘূৰাই আনে যদিও মৃতদেহ উদ্ধাৰ হোৱা অসমৰ আন তিনিজন শ্ৰমিক মৰিগাঁৱৰ বগেন্দ্ৰ ফুকন, দেৱজিত ফুকন আৰু মমিন ডেকাৰজাৰ নশ্বৰদেহ কাইলৈহে স্বগৃহলৈ উভটাই অনাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে৷ ইপিনে, ১০৭ নম্বৰ টেৰিট’ৰিয়েল আৰ্মিত গাড়ী চালক হিচাপে অস্থায়ীভাৱে কৰ্মৰত কাছাৰৰ পয়লাপুলৰ ছাহজাহান লস্কৰ আৰু ৰে’লৱে নিৰ্মাণকাৰী প্ৰতিষ্ঠানত ৰান্ধনী হিচাপে কৰ্মৰত কাছাৰৰ বৰখলাৰ জাৰইলতলাৰ ধীৰেন কুৰি নামৰ লোকজনৰো মৃতদেহ উদ্ধাৰ হৈছে৷ ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে পীয়ূষ হাজৰিকাই দেওবাৰে ইম্ফলৰ ৰিজনেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত উপস্থিত  হৈ ভূমিস্খলনথলীৰ পৰা উদ্ধাৰ হোৱা অসমৰ পাঁচজন আহত ব্যক্তিৰ ভিতৰত বৰ্তমান চিকিৎসাধীন হৈ থকা ৩ জন লোকৰে স্বাস্থ্যৰ বুজ লয়৷ বৰ্তমান আহত পাঁচোজনৰ অৱস্থা সুস্থিৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কাইলৈ দিনৰ ১১.১৫ বজাত এয়াৰ এছিয়াৰ বিমানযোগে মন্ত্ৰীজনে তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিছে৷