Logo
image

১ ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৭৯.১২

অবাঞ্চিত অভিলেখ

আমাৰ অসম, ৪ জুলাইঃ সৰ্বকালৰ অভিলেখ ভংগ কৰি ভাৰতীয় মুদ্ৰাৰ মূল্য প্ৰতি মাৰ্কিন ডলাৰৰ বিপৰীতে ৭৯.১২ টকা হৈছে৷ ইয়াৰ পূৰ্বে কোনো দিনেই ভাৰতীয় মুদ্ৰাৰ এনে বৃহৎ পতন হোৱা নাছিল৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে অশেষ চেষ্টা চলায়ো টকাৰ মূল্য স্থিৰ কৰি ৰাখিব পৰা নাই৷ ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্যৰ পতন ৰোধ কৰাটো এতিয়া অসম্ভৱ যেন হৈ পৰিছে৷ চলিত বছৰৰ আৰম্ভণিৰ পৰাই ভাৰতীয় টকাৰ মূল্য ডলাৰৰ মূল্যৰ তুলনাত হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল৷ বছৰৰ আৰম্ভণিৰ পৰা এতিয়ালৈ ভাৰতীয় টকাৰ মূল্য ৫ শতাংশ হ্ৰাস পাইছে৷ ইয়াৰ ফলত বিশ্বত ভাৰতীয় মুদ্ৰা তেনেই দুৰ্বল হৈ পৰিছে৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ, খাৰুৱা তেলৰ মূল্যবৃদ্ধিকে ধৰি বিভিন্ন কাৰকৰ বাবে ডলাৰৰ মূল্য ঊধবৰ্গামী হৈছে আৰু তাৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ মূল্য অৱনমিত হৈছে৷ ভাৰতীয় মুদ্ৰাৰ অবমূল্যায়নৰ মূল কাৰণ হৈছে ভাৰতত বিনিয়োগ কৰা বিদেশী কোম্পানীয়ে তেওঁলোকৰ বিনিয়োগৰ ধন প্ৰত্যাহাৰ কৰা৷ শেহতীয়াকৈ এসপ্তাহৰ ভিতৰত বিদেশী কোম্পানীয়ে ভাৰতীয় বজাৰৰ ৩৭৯৩ কোটি টকাৰ অংশীদাৰিত্ব বিক্ৰী কৰিছে৷ চলিত বছৰত ভাৰতীয় বজাৰৰ পৰা বিদেশী কোম্পানীয়ে নিজৰ বিনিয়োগৰ ২,১৫,০০০ কোটি টকা উলিয়াই লৈ গৈছে৷ এই ধনৰ পৰিমাণ যোৱা ১২ বছৰৰ মুঠ বিদেশী বিনিয়োগৰ সমতুল্য৷ সমাগত দিনত ভাৰতীয় বজাৰৰ পৰিস্থিতি অধিক উত্থান-পতনৰ সন্মুখীন হ’ব৷ তেনেক্ষেত্ৰত ভাৰতীয় মুদ্ৰা অধিক দুৰ্বল হৈ পৰিব আৰু পুনঃ পুনঃ অভিলেখ ভাঙি টকাৰ মূল্যৰ অস্বাভাৱিক পতন ঘটিব৷